Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সুধিলে, ইছলামৰ কোনটো আমল সৱাতোকৈ উত্তম? তেখেতে ক'লেঃ "আনক খাদ্য খোওৱা, পৰিচিত অপৰিচিত সকলোকে ছালাম দিয়া।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তিয়ে ক'লেঃ হে আল্লাহৰ ৰাছুল! মোৰ কিছুমান আত্মীয় আছে যিসকলৰ সৈতে মই আত্মীয়তাৰ বন্ধন বজায় ৰাখিব বিচাৰোঁ কিন্তু সিহঁতে সেই বন্ধন ছিন্ন কৰে। মই সিহঁতৰ সৈতে ভাল ব্যৱহাৰ কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে বেয়া ব্যৱহাৰ কৰে। মই সিহঁতৰ সৈতে সহনশীলতা অৱলম্বন কৰোঁ কিন্তু সিহঁতে মোৰ সৈতে মূৰ্খতাসুলভ আচৰণ কৰে, (এনে স্থিতিত মই কি কৰা উচিত?)। তেখেতে ক'লেঃ "যদি বিষয়টো তেনেকুৱাই হয় যিদৰে তুমি কৈছা, তেন্তে তুমি সিহঁতৰ প্ৰতি জ্বলন্ত ছাইহে নিক্ষেপ কৰি আছা। যেতিয়ালৈকে তুমি এই অৱস্থাত থাকিবা, সিহঁতৰ বিপক্ষে আল্লাহৰ ফালৰ পৰা তোমাৰ সৈতে এজন সহায়ক ফিৰিস্তা থাকিব।"
ছহীহ (মুছলিম)
নিশ্চয় আল্লাহে সেই বান্দাৰ প্রতি সন্তুষ্ট হয়, যিয়ে কিবা খোৱাৰ পাছত আল্লাহৰ প্রশংসা কৰি আল-হাম্দুলিল্লাহ কয় আৰু কিবা সেৱন কৰিলেও আল্লাহৰ প্রশংসা কৰি আলহাম্দুলিল্লাহ কয়।
ছহীহ (মুছলিম)
মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।
ছহীহ (মুছলিম)
পাঁচ ওৱাক্ত চালাত, এটা জুমু‘আৰ পৰা আনটো জুমু‘আ তথা এটা ৰামাজানৰ পৰা আনটো ৰামাজান, ইয়াৰ দ্বাৰা সেইবোৰ গুনাহৰ কাফফাৰা হয়, যিবোৰ ইয়াৰ মধ্যৱৰ্তী সময়ত হৈ থাকে, যদিহে কবীৰাহ গুনাহৰ পৰা বিৰত থকা হয়।
ছহীহ (মুছলিম)
তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মুছলিমক গালি দিয়াটো হৈছে ফাছেকী কাম আৰু আক্ৰমণ কৰাটো হৈছে কুফৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})