Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
"বহুতো এনেকুৱা লোক আছে, যাৰ চুলিবোৰ অপৰিপাটি, যাক দুৱাৰৰ পৰা আঁতৰাই পঠোৱা হয়, এনেকুৱা ব্যক্তিয়ে আল্লাহৰ নামত শপত কৰিলে আল্লাহে সেয়া সত্যত পৰিণত কৰে।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে। তেখেতে আমাক নিৰ্দেশ দিছে যে, বেমাৰীৰ চোৱাচিতা কৰিবা, জানাযাৰ অনুসৰণ কৰিবা, হাঁচি কৰা ব্যক্তিৰ দুআৰ উত্তৰত য়াৰাহামুকাল্লাহ বুলি ক'বা, শপত বা শপত কৰা ব্যক্তিৰ শপত পূৰণ কৰিবা, নিৰ্যাতিত ব্যক্তিক সহায় কৰিবা, নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা আৰু ছালাম প্ৰচাৰ কৰিবা। এইদৰে তেখেতে আমাক নিষেধ কৰিছে সোণৰ আঙুঠিৰ পৰা অথবা সোণৰ আঙুঠি পৰিধান কৰাৰ পৰা। ৰূপৰ পাত্ৰত পানীয় আদি খোৱাৰ পৰা, গাদীত ৰেচম কাপোৰ ব্যৱহাৰ কৰাৰ পৰা, কিচ্ছি নামক ৰেচমৰ পৰা, এইদৰে মিহি আৰু মোটা উভয় প্ৰকাৰ ৰেচম কাপোৰ পৰিধানৰ পৰা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় আল্লাহে অন্যায়-অত্যাচাৰীক অৱকাশ দিয়ে। কিন্তু যেতিয়া কৰায়ত্ত কৰে তেতিয়া কোনো সুযোগ নিদিয়ে।" বৰ্ণনাকাৰীয়ে কৈছেঃ ইয়াৰ পিছত তেখেতে এই আয়াত তিলাৱত কৰিলেঃ অৰ্থ- যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিঃসন্দেহে তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন। (ছুৰা হূদঃ ১০২)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই হামি কাঢ়ে তেতিয়া তেওঁ হাতেৰে মুখখন জাপি দিয়া উচিত। কাৰণ সেই সময়ত চয়তান প্ৰৱেশ কৰে।"
ছহীহ (মুছলিম)
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
ছহীহ (মুছলিম)
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
ছহীহ (মুছলিম)
যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব, সেই ব্যক্তিয়ে ইছমা‘ঈলৰ বংশধৰসকলৰ চাৰিজন দাস মুক্ত কৰাৰ সমান ছোৱাব লাভ কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})