Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 123 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (54)
"উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ প্ৰথম হাদীছ: মুছলিমে বৰ্ণনা কৰিছে, আৰু দ্বিতীয় হাদীছ: আহমদ আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
"যিয়ে পৃথিৱীত কোনো এজন মুমিনৰ দুখ কষ্ট দূৰ কৰি দিব, আল্লাহে কিয়ামতৰ দিনা তাৰ দুখ কষ্ট দূৰ কৰি দিব। এইদৰে যিয়ে কোনো বিপদগ্ৰস্ত ব্যক্তিৰ বিপদ দূৰ কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ বিপদ দূৰ কৰি দিব। যিয়ে কোনো মুছলিমৰ দোষ-ত্ৰুটি গোপন কৰিব, আল্লাহে পৃথিৱী আৰু আখিৰাতত তাৰ দোষ-ত্ৰুটি গোপন কৰিব। বান্দাই যেতিয়ালৈকে নিজৰ ভাতৃক সহায় কৰি থাকে, আল্লাহে তেতিয়ালৈকে তাক সহায় কৰি থাকে। যি ব্যক্তিয়ে জ্ঞান লাভৰ বাবে কোনো পথ গ্ৰহণ কৰে, ফলত আল্লাহে তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিব। যিসকল লোকে আল্লাহৰ ঘৰসমূহৰ মাজৰ কোনো এটা ঘৰত (অৰ্থাৎ মছজিদত) সমবেত হয়, আৰু কোৰআন তিলাৱত কৰে, সকলোৱে মিলিত হৈ ইয়াৰ শিক্ষা লয় আৰু শিক্ষা দিয়ে, তেওঁলোকৰ ওপৰত অৱশ্যে প্ৰশান্তি অৱতীৰ্ণ হয়, ৰহমতে তেওঁলোকক ঢাকি লয়, ফিৰিস্তাসকলে তেওঁলোকক আগুৰি থাকে আৰু আল্লাহে তেওঁলোকৰ কথা এনেকুৱা বৈঠকত উল্লেখ কৰে, যিসকল তেওঁৰ ওচৰত উপস্থিত আছে। যি ব্যক্তিয়ে তাৰ আমলৰ কাৰণে পিছুৱাই যাব, তাৰ বংশ পৰিচয়ে তাক আগুৱাই লৈ যাব নোৱাৰিব।"
ছহীহ (মুছলিম)
"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ভাল সপোন হৈছে আল্লাহৰ ফালৰ পৰা আৰু বেয়া সপোন হৈছে চয়তানৰ ফালৰ পৰা। যদি তোমালোকৰ মাজৰ কোনোবাই বেয়া সপোন দেখি ভয় পায় তেন্তে তেওঁ বাওঁফালে থু পেলোৱা উচিত। লগতে ইয়াৰ অনিষ্টৰ পৰা আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত। তেতিয়া ইয়াৰ ফলত কোনো ক্ষতি নহ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"পুৰুষ মাহৰাম লগত নথকাকৈ এক ৰাতিৰ দূৰত্বলৈ ভ্ৰমণ কৰাটো কোনো মুছলিম নাৰীৰ পক্ষেই বৈধ নহয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})