Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 9 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যেতিয়া তোমালোকৰ মাজৰ কোনোবাই বৈঠকত উপস্থিত হয় তেতিয়া তেওঁ ছালাম কৰা উচিত। এইদৰে যেতিয়া প্ৰস্থান কৰিব তেতিয়াও ছালাম কৰা উচিত। দ্বিতীয়টোতকৈ প্ৰথমটো বেছি উত্তম নহয়।"
হাছান (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)
"যিটো ৰাতিত মোক মিৰাজৰ বাবে লৈ যোৱা হৈছিল, সেই ৰাতিত মই ইব্ৰাহীম আলাইহিচ্ছালামক লগ পাইছিলোঁ। তেতিয়া তেখেতে মোক কৈছিলঃ হে মুহাম্মদ! আপোনাৰ উম্মতক মোৰ ফালৰ পৰা ছালাম দিব, আৰু তেওঁলোকক জনাই দিব যে, জান্নাতৰ মাটি খুবেই সুগন্ধি সমৃদ্ধ, আৰু তাৰ পানী অত্যন্ত মিঠা সোৱাদযুক্ত, লগতে জান্নাত হৈছে সমতল ভূমি, আৰু ইয়াৰ গছ-গছনি হৈছে ছুবহানাল্লাহ, অলহাম্দুলিল্লাহ, অলা ইলাহা ইল্লাল্লাহ, অল্লাহু আকবাৰ।"
অন্যান্য হাদীছৰ সমৰ্থনত হাছান (তিৰমিজী)
"তোমালোকে অতিৰিক্ত সা-সম্পত্তিৰ অধিকাৰী নহ'বা, অন্যথা দুনিয়াৰ প্ৰতি আসক্ত হৈ পৰিবা।"
হাছান লিগাইৰিহি। (তিৰমিজী, আহমদ)
“ইছলামৰ সৰ্বোত্তম অন্যতম এটা সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।”
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো হাছান। (তিৰমিজী)
এজন ব্যক্তি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি এইদৰে ছালাম কৰিলেঃ আচ্ছালামু আলাইকুম। তেখেতে ছালামৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দহ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ। তেখেতে উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "বিশ।" ইয়াৰ পিছত আন এজন ব্যক্তিয়ে আহি ক'লেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তেখেতে ইয়াৰ উত্তৰ দিলে আৰু ব্যক্তিজন বহিল। তেতিয়া তেখেতে ক'লেঃ "ত্ৰিশ।"
হাছান আবু দাঊদ, তিৰমিজী, আহমদ, আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
মই সুধিলোঁ, হে আল্লাহৰ ৰাছুল! (সবাতোকৈ বেছি) সদ্ব্যৱহাৰ কাৰ সৈতে কৰিম? তেখেতে ক'লেঃ "তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ মাকৰ সৈতে। তাৰ পিছত, তোমাৰ পিতৃৰ সৈতে। ইয়াৰ পিছত শ্ৰেণীবদ্ধভাৱে যিজন তোমাৰ বেছি নিকটাত্মীয়।"
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"তোমালোকৰ মাজৰ সাধাৰণ ব্যক্তিৰ ওপৰত মই যিমান মৰ্যাদাৱান, ঠিক সেইদৰে এজন আবিদ ব্যক্তিৰ ওপৰত এজন আলিম ব্যক্তিও সিমানেই মৰ্যাদাৱান।" ইয়াৰ পিছত ৰাছুলুল্লাহ্ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে, তেওঁৰ ফিৰিস্তাসকলে, লগতে আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলে, আনকি বিলত থকা পৰুৱাও আৰু পানীত থকা মাছেও সেই ব্যক্তিৰ বাবে দুআ কৰে, যিয়ে মানুহক কল্যাণকৰ ইল্ম শিক্ষা দিয়ে।"
হাছান লিগাইৰিহি। (তিৰমিজী)