Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণিত গ্ৰন্থ

বৰ্ণনাকাৰী

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক যাৱতীয় কামৰ ক্ষেত্ৰতে ইস্তিখাৰা কৰিবলৈ শিকাইছিল, যিদৰে তেখেতে আমাক কোৰআনৰ ছুৰা শিকাইছিল। তেখেতে কৈছেঃ "তোমালোকৰ মাজৰ যিয়ে কোনো বিশেষ কাম কৰিবলৈ ইচ্ছা কৰে তেওঁ যেন ফৰজ নামাজৰ বাহিৰে দুই ৰাকাত নামাজ পঢ়ি এই দুআ পাঠ কৰেঃ اللَّهُمَّ إِنِّي أَسْتَخِيرُكَ بِعِلْمِكَ وَأَسْتَقْدِرُكَ بِقُدْرَتِكَ، وَأَسْأَلُكَ مِنْ فَضْلِكَ الْعَظِيمِ، فَإِنَّكَ تَقْدِرُ وَلَا أَقْدِرُ، وَتَعْلَمُ وَلَا أَعْلَمُ، وَأَنْتَ عَلَّامُ الْغُيُوبِ، اللَّهُمَّ إِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ خَيْرٌ لِي فِي دِينِي، وَمَعَاشِي، وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «عَاجِلِ أَمْرِي وَآجِلِهِ، فَاقْدُرْهُ لِي وَيَسِّرْهُ لِي ثُمَّ بَارِكْ لِي فِيهِ، وَإِنْ كُنْتَ تَعْلَمُ أَنَّ هَذَا الْأَمْرَ شَرٌّ لِي فِي دِينِي وَمَعَاشِي وَعَاقِبَةِ أَمْرِي» أَوْ قَالَ: «فِي عَاجِلِ أَمْرِي وَآجِلِهِ، فَاصْرِفْهُ عَنِّي وَاصْرِفْنِي عَنْهُ، وَاقْدُرْ لِي الْخَيْرَ حَيْثُ كَانَ، ثُمَّ أَرْضِنِي» قَالَ: «وَيُسَمِّي حَاجَتَه». আল্লাহুম্মা ইন্নী আছতাখীৰুকা বিইল্মিক, ওৱা আছতাক্বদিৰুকা বিক্বুদৰাতিক, ওৱা আছআলুকা মিন ফাজলিকাল আজীম, ফা ইন্নাকা তাক্বদিৰ অলা আক্বদিৰ, অতা'লাম অলা আ'লাম, ওৱা আনতা আল্লা-মুল গুয়ূব। আল্লাহুম্মা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা খাইৰুন লী ফী দ্বীনী, অমাআশ্বী, ওৱা আক্বিবাতি আমৰি।" অথবা এইটো ক'বঃ "আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাক্বদুৰহু লী অয়াচ্ছিৰহু লী ছুম্মা বা-ৰিকলী ফীহ, ওৱা ইন কুনতা তা'লাম আন্না হা-জাল আমৰা শ্বাৰ্ৰুন লী ফী দ্বীনী, অমাআশ্বী ওৱা আক্বিবাতি আমৰী।" অথবা এইটো ক'বঃ "ফী আ-জিলি আমৰি ওৱা আ-জিলিহি, ফাচৰিফহু আন্নী অচৰিফনী আনহু। অক্বদুৰ লী আলখাইৰা হাইছু কা-ন। ছুম্মাৰজিনি।" তেখেতে কৈছেঃ "ইয়াৰ পিছত নিজৰ প্ৰয়োজনটো উল্লেখ কৰিব।"
ছহীহ (বুখাৰী)