Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 13 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক সোঁফালে আৰু বাওঁফালে ছালাম ফিৰোৱা দেখিছোঁ। (তেখেতে এনেকৈ মুখ ঘূৰাইছিল যে,) মই তেখেতৰ গালৰ শুভ্ৰতা দেখা পাইছিলোঁ।
ছহীহ (মুছলিম)
"মোক সাতডাল হাড়ৰ (অংগৰ) দ্বাৰা ছাজদাহ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কপাল আৰু তেখেতে হাতৰ দ্বাৰা ইংগিত কৰি নাক কপালৰ অন্তর্ভুক্ত বুলি কৈছিল। দুই হাত, দুই আঠু আৰু দুয়ো ভৰিৰ আঙুলিসমূহৰ ওপৰত। আমি চুলি আৰু কাপোৰ কোঁচাই লোৱা নাছিলোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
(এদিনাখন) কিছুমান লোক ছাহল ইবনে ছাআদ আচ-ছায়িদীৰ ওচৰলৈ আহিল আৰু মিম্বৰখন কি কাঠেৰে নিৰ্মিত আছিল সেই বিষয়ে তেওঁলোকৰ মনত প্ৰশ্ন জাগিছিল। তেওঁলোকে এই বিষয়ে তেওঁক প্ৰশ্ন কৰাত তেওঁ ক’লেঃ আল্লাহৰ শপত! সেইখন কিহেৰে নিৰ্মিত আছিল সেয়া মই ভালকৈয়ে জানো। ইয়াক যিদিনা প্ৰথম স্থাপন কৰা হৈছিল আৰু যিদিনা ইয়াৰ ওপৰত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰথম বহিছিল সেয়াও মই দেখিছিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আনছাৰী এজনী মহিলাৰ ওচৰলৈ (বৰ্ণনাকাৰীয়ে কৈছে, ছাহলে উক্ত মহিলাজনীৰ নামো উল্লেখ কৰিছিল) এই নিৰ্দেশ দি পঠিয়াছিল যে, "তোমাৰ কাঠমিস্ত্ৰী দাসৰ জৰিয়তে মোৰ বাবে এনেকুৱা এখন আসন বনাই দিয়া, যাৰ ওপৰত বহি মই মানুহৰ লগত কথা পাতিব পাৰোঁ।" ইয়াৰ পিছত সেই মহিলাগৰাকীয়ে তাক আদেশ দিলে আৰু সি (মদীনাৰ পৰা ন মাইল দূৰত থকা) অৰণ্যৰ কাঠেৰে তৈয়াৰ কৰি আনিলে আৰু মহিলাগৰাকীয়ে সেইখন ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ পঠিয়াই দিলে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নিৰ্দেশত ইয়াতেই ইয়াক স্থাপন কৰা হৈছিল। মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক ইয়াৰ ওপৰত নামাজ পঢ়াও দেখিছোঁ, ইয়াৰ ওপৰত উঠি তেখেতে তাকবীৰ দিছিল আৰু ইয়াৰ ওপৰতে ৰূকু কৰিছিল, আৰু মিম্বৰৰ পৰা নামি আহি মিম্বৰৰ গুৰিত ছাজদাহ কৰিছিল। ইয়াৰ পিছত পুনৰ এনেকৈ কৰিছিল। নামাজ শেষ কৰি তেখেতে মানুহক সম্বোধন কৰি কৈছিলঃ "হে লোকসকল! মই এইটো কৰাৰ কাৰণ হৈছে যাতে তোমালোকে মোক অনুসৰণ কৰিব পাৰা আৰু মোৰ নামাজ ভালকৈ শিকি লব পাৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তাকবীৰৰ জৰীয়তে নামাজ আৰম্ভ কৰিছিল আৰু আলহাম্দুলিল্লাহি ৰাব্বিল আলামীনৰ দ্বাৰা কিৰাআত আৰম্ভ কৰিছিল। তেখেতে যেতিয়া ৰুকু কৰিছিল, তেতিয়া মূৰ বেছি ওপৰলৈ তুলিও নাৰাখিছিল আৰু বেছি নিম্নগামী কৰিও নাৰাখিছিল, বৰং পিঠি আৰু মূৰ সমতল কৰি ৰাখিছিল। তেখেতে যেতিয়া ৰুকুৰ পৰা মূৰ তুলিছিল, তেতিয়া তেখেতে পোন হৈ থিয় নোহোৱা পৰ্যন্ত ছাজদাহ কৰা নাছিল। তেখেতে (প্ৰথম) ছাজদাৰ পৰা উঠি স্থিৰভাৱে পোন হৈ নবহালৈকে পুনৰ (দ্বিতীয়) ছাজদাহ কৰা নাছিল। তেখেতে প্ৰত্যেক দুই ৰাকাতৰ অন্তত আত্তাহিয়্যাতু পাঠ কৰিছিল। তেখেতে বহাৰ সময়ত বাওঁ ভৰি পাৰি ৰাখিছিল আৰু সোঁ ভৰি থিয় কৰাই ৰাখিছিল। তেখেতে চয়তানৰ দৰে বহিবলৈ নিষেধ কৰিছে। এইদৰে তেখেতে পুৰুষসকলক হিংস্ৰ জন্তুৰ দৰে দুই হাত প্ৰসাৰিত কৰিবলৈ নিষেধ কৰিছে। তেখেতে ছালামৰ মাধ্যমত নামাজ শেষ কৰিছিল।
ছহীহ (মুছলিম)
"যেতিয়া তুমি ছাজদাহ কৰিবা, তেতিয়া তুমি তোমাৰ দুয়ো হাতৰ পতা মাটিত ৰাখিবা আৰু দুয়ো কিলাকুটি মাটিৰ পৰা ওপৰত ৰাখিবা।"
ছহীহ (মুছলিম)