Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 12 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"তোমালোকে কোৰআন তিলাৱত কৰা, কিয়নো ই কিয়ামতৰ দিনা ইয়াৰ তিলাৱতকাৰী সকলৰ হৈ ছুপাৰিছ কৰিব। তোমালোকে দুটা উজ্জ্বল ছুৰা অৰ্থাৎ ছুৰা আল-বাক্বাৰাহ আৰু ছুৰা আলে-ইমৰান (যাক 'ঝাহৰাৱাইন' বোলা হয়) তিলাৱত কৰা। কিয়নো কিয়ামতৰ দিনা এই দুটা ছুৰা এনেকৈ আহিব যেনিবা দুডোখৰ মেঘ খণ্ড, অথবা দুটা ছাঁ, নাইবা শাৰী পাতি উৰি থকা চৰাইৰ জাক। এই দুটাই নিজৰ তিলাৱতকাৰীৰ সপক্ষে প্ৰমাণ দাঙি ধৰিব। তোমালোকে ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা, কিয়নো এইটো হৈছে বৰকতপূৰ্ণ, আৰু ইয়াক এৰি দিয়াটো হৈছে হতাশাজনক। বাতিল পন্থীয়ে ইয়াৰ মুকাবিলা কৰিবলৈ সক্ষম নহয়।"
ছহীহ (মুছলিম)
যি ব্যক্তিয়ে ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা ৰাতিত তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোৰ ওপৰত এনেকুৱা কিছুমান আয়াত অৱতীৰ্ণ হৈছে, যেনেকুৱা আয়াত পূৰ্বে কেতিয়াও দেখা যোৱা নাই। সেয়া হৈছে ছুৰা ফালাক্ব আৰু ছুৰা নাছ।"
ছহীহ (মুছলিম)
এজন ব্যক্তিয়ে আন এজন ব্যক্তিক (ক্বুল হুৱাল্লাহু আহাদ) বাৰে বাৰে পাঠ কৰা শুনিলে। পিছদিনা পুৱাৰ ভাগত তেওঁ বিষয়টো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক জনালে। ব্যক্তিজনে বিষয়টোক নগণ্য জ্ঞান কৰিছিল। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "সেই সত্তাৰ শপত! যাৰ হাতত মোৰ প্ৰাণ আছে। এই ছুৰাটো হৈছে সমগ্ৰ কোৰআনৰ এক তৃতীয়াংশৰ সমান।"
ছহীহ (বুখাৰী)