Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 12 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ (মুছলিম)
এজন ইয়াহুদীয়ে তেওঁক ক'লেঃ হে আমীৰুল মুমিনীন! আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত? ব্যক্তিজনে ক'লেঃ {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} অৰ্থঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিৱস সম্পৰ্কেও অৱগত, আৰু সেই ঠাই সম্পৰ্কেও অৱগত যি ঠাইত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াতটো অৱতীৰ্ণ হৈছিল। (সেই সময়ছোৱাত) তেখেতে আৰাফাত থিয় হৈ আছিল আৰু দিনটো আছিল জুমুআৰ দিন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে। বান্দাই যেতিয়া কয়ঃ (الْحَمْدُ لِلهِ رَبِّ الْعَالَمِينَ) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرَّحْمَنِ الرَّحِيمِ) তেতিয়া মহান আল্লাহে কয়ঃ বান্দাই মোৰ গুণগান কৰি আছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مَالِكِ يَوْمِ الدِّينِ) তেতিয়া তেওঁ কয়ঃ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে। আৰু এবাৰ কয়ঃ বান্দাই মোৰ ওচৰত নিজকে সমৰ্পন কৰিছে। আৰু যেতিয়া বান্দাই কয়ঃ (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) তেতিয়া তেওঁ কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজতে সীমাবদ্ধ, বান্দাই যি বিচাৰে সেইটোৱে মই দিছোঁ। এইদৰে বান্দাই যেতিয়া কয়ঃ (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ، صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ) তেতিয়া তেওঁ কয়ঃ এইটো কেৱল মোৰ বান্দাৰ বাবে, মোৰ বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে।"
ছহীহ (মুছলিম)
"এদিনাখন জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিল, এনেতে তেওঁ ওপৰৰ পৰা অহা এটা প্ৰচণ্ড শব্দ শুনিলে। তেওঁ মূৰ দাঙি চাই ক'লে: 'এইটো হৈছে আকাশৰ এটা দুৱাৰ, আজিয়ে এইটো খোলা হ'ল, ইয়াৰ আগতে এইটো কেতিয়াও খোলা হোৱা নাছিল।' ইয়াৰ পিছত সেই দুৱাৰেৰে এজন ফিৰিস্তা নামি আহিল। তেওঁ ক'লে: পৃথিৱীলৈ নামি অহা এই ফিৰিস্তাজন, ইতিপূৰ্বে কেতিয়াও তেওঁ পৃথিৱীলৈ আগমন কৰা নাছিল। ইয়াৰ পিছত সেই ফিৰিস্তাজনে ছালাম দি ক'লে: 'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।"
ছহীহ (মুছলিম)
"তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।"
ছহীহ (মুছলিম)
হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? আবুল মুনজিৰে কৈছেঃ মই ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেখেতে আকৌ ক'লেঃ হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
ছহীহ (মুছলিম)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
ছহীহ (বুখাৰী)
যেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াত অৱতীৰ্ণ হ'লঃ অৰ্থ- "আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ হৈছে আল্লাহৰেই। তোমালোকৰ মনত যি আছে তোমালোকে সেয়া প্ৰকাশ কৰা বা গোপন কৰা, আল্লাহে তোমালোকৰ পৰা সেই সকলোবোৰৰ হিচাপ গ্ৰহণ কৰিব। তাৰ পিছত তেওঁ যাক ইচ্ছা কৰিব ক্ষমা কৰিব আৰু যাক ইচ্ছা কৰিব শাস্তি বিহিব; আৰু আল্লাহ সকলো বস্তুৰ ওপৰতে পূৰ্ণ ক্ষমতাৱান।" [আল-বাক্বাৰা, আয়াত: ২৮৪] বৰ্ণনাকাৰীয়ে কৈছেঃ তেতিয়া এই বিষয়টো চাহাবাসকলৰ বাবে বৰ কঠিন অনুভৱ হ'ল, আৰু তেওঁলোকে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি আঁঠু পাৰি বহি ক'লেঃ হে আল্লাহৰ ৰাছুল! চালাত, চিয়াম, জিহাদ, চাদাক্বাহ আদি যিবোৰ আমল আমাৰ সামৰ্থ অনুযায়ী আছিল এতিয়ালৈকে আমাক সেইবোৰ আমলৰহে নিৰ্দেশ দিয়া হৈছিল, কিন্তু বৰ্তমান যিটো আয়াত অৱতীৰ্ণ হৈছে, এইটো দেখোন আমাৰ সাধ্যাতীত। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকেও সেইদৰেই ক'ব বিচৰা নেকি যিদৰে তোমালোকৰ পূৰ্বে আহলে কিতাব (ইয়াহুদী আৰু খৃষ্টান)সকলে কৈছিল যে, আমি শুনিলোঁ কিন্তু পালন নকৰোঁ। বৰং তোমালোকে কোৱা যে, ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’। তেতিয়া তেওঁলোকে ক'লেঃ ‘আমি শুনিলোঁ আৰু মানি ল'লোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই আমাৰ প্ৰত্যাৱৰ্তনস্থল’। এই বুলি কৈ চাহাবাসকলে আয়াতটো পাঠ কৰিলে আৰু মনে প্ৰাণে মানি ল'লে। ইয়াৰ পিছত মহান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "ৰাছুলে তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা যি তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে তাৰ ওপৰত ঈমান আনিছে আৰু মুমিনসকলেও ঈমান পোষণ কৰিছে। প্ৰত্যেকেই ঈমান আনিছে আল্লাহৰ ওপৰত, তেওঁৰ ফিৰিস্তাসকলৰ ওপৰত, তেওঁৰ কিতাবসমূহ আৰু তেওঁৰ ৰাছুলসকলৰ ওপৰত। আমি তেওঁৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰোঁ; আৰু এওঁলোকে কয়, ‘আমি শুনিছোঁ আৰু মানি লৈছোঁ। হে আমাৰ প্ৰতিপালক! তোমাৰ ক্ষমা প্ৰাৰ্থনা কৰোঁ আৰু তোমাৰ পিনেই প্ৰত্যাৱৰ্তনস্থল’।" [আল-বাক্বাৰা, আয়াত: ২৮৫] যেতিয়া তেওঁলোকে সৰ্বতো প্ৰকাৰে আনুগত্য প্ৰকাশ কৰিলে, তেতিয়া উক্ত আয়াতৰ বিধান ৰহিত কৰি সৰ্বশক্তিমান আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ "আল্লাহে কাৰো ওপৰত তাৰ সাধ্যাতীত কোনো কামৰ দায়িত্ব নিদিয়ে, যিয়ে ভাল কাম কৰিছে তাৰ বাবে সুফল আছে আৰু যিয়ে বেয়া কাম কৰিছে তাৰ প্ৰতিফল সি নিজেই ভোগ কৰিব। হে আমাৰ প্ৰতিপালক! যদি আমি বিস্মৃত হওঁ অথবা ভুল কৰো তেন্তে তুমি আমাক সোধ-পোচ নকৰিবা।" [আল-বাক্বাৰা, আয়াত: ২৮৬] মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! আমাৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত যেনেকৈ তুমি বোজা অৰ্পণ কৰিছিলা আমাৰ ওপৰত তেনেকুৱা বোজা অৰ্পণ নকৰিবা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "হে আমাৰ প্ৰতিপালক! তুমি আমাক এনেকুৱা বোজা বহন নকৰাবা যিটো বহন কৰাৰ আমাৰ সামৰ্থ নাই।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে। ইয়াৰ পিছত ক'লেঃ "আৰু তুমি আমাৰ পাপসমূহ মোচন কৰি দিয়া, আমাক ক্ষমা কৰি দিয়া, আমাৰ প্ৰতি দয়া কৰা, তুমিয়েই আমাৰ অভিভাৱক। এতেকে কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক সহায় কৰা।" মহান আল্লাহে জনাই দিলেঃ ঠিক আছে।
ছহীহ (মুছলিম)