Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"স্বামী অথবা মাহৰাম (যাৰ লগত বিবাহ নিষিদ্ধ) অবিহনে কোনো নাৰীয়ে যেন দুদিনৰ দূৰত্বৰ ভ্ৰমণ নকৰে। ঈদুল ফিতৰ আৰু ঈদুল আজহাৰ দিনা কোনো ৰোজা নাই। এইদৰে ফজৰৰ পিছত সূৰ্যোদয় নোহোৱালৈকে আৰু আচৰৰ পিছত সূৰ্যাস্ত নোহোৱালৈকে কোনো নফল নামাজ নাই। এইদৰে তিনিটা মছজিদৰ বাহিৰে বেলেগ কোনো মছজিদলৈ ভ্ৰমণ কৰা উচিত নহয়। সেয়া হৈছেঃ মছজিদে হাৰাম, মছজিদে আকচা আৰু মোৰ এই মছজিদ (অৰ্থাৎ মছজিদে নবৱী)।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ পূৰ্বৱৰ্তী সময়ত এজন ৰজা আছিল। তেওঁৰ এজন যাদুকৰ আছিল। সেই যাদুকৰজন বৃদ্ধ অৱস্থাত উপনীত হোৱাত, তেওঁ ৰজাক ক'লে যে, মই বৃদ্ধ বয়সত উপনীত হৈছোঁ, সেয়েহে কোনো এজন যুৱকক মোৰ ওচৰলৈ পঠিয়াই দিয়ক, যাতে মই তাক যাদুবিদ্যা শিকাই থৈ যাব পাৰোঁ। এই কথা শুনি ৰজাই এজন যুৱকক তাৰ ওচৰত যাদুবিদ্যা শিকিবলৈ পঠিয়াব ধৰিলে। যুৱকজনৰ যাত্ৰাপথত এজন ধৰ্মযাজক আছিল। যুৱকজনে যেতিয়া সেই পথেৰে গৈছিল, তেতিয়া সেই ধৰ্মযাজকজনৰ ওচৰত বহিছিল আৰু তেওঁৰ কথা শুনিছিল। যুৱকজনে তেওঁৰ কথা শুনি মুগ্ধ হ'ল। সেয়ে যুৱকজনে যেতিয়াই যাদুকৰৰ ওচৰলৈ গৈছিল, যোৱাৰ সময়ত সদায় সেই ধৰ্মযাজকৰ ওচৰত বহিছিল। (কিন্তু পলম হোৱাৰ কাৰণে) যেতিয়া যাদুকৰৰ ওচৰলৈ আহিছিল, যাদুকৰজনে যুৱকজনক প্ৰহাৰ কৰিছিল। যুৱকজনে এই বিষয়টো ধৰ্মযাজকজনক অৱগত কৰিলে। তেতিয়া তেওঁ তাক উপায় প্ৰদান কৰি ক’লে যে, যদি তুমি যাদুকৰক ভয় পোৱা, তেন্তে ক’বা যে, ঘৰৰ মানুহে আহিব দিয়া নাছিল। আনহাতে যদি তুমি পৰিয়ালৰ ফালৰ পৰা আশংকা অনুভৱ কৰা, তেন্তে ক’বা, যাদুকৰে পলমকৈ ছুটি দিছে। এইদৰে চলি আছিল, এদিন হঠাৎ যুৱকজনে এটা ভয়ানক হিংস্ৰ প্ৰাণীৰ সন্মুখীন হ'ল, যিয়ে অহা যোৱা কৰা বাটৰুৱাৰ পথ অৱৰোধ কৰি ৰাখিছিল। এই অৱস্থা দেখি, সি মনে মনে ভাবিলে যে, আজিয়ে প্ৰমাণিত হ'ব, কোন উত্তম, যাদুকৰ নে ধৰ্মযাজক? ইয়াৰ পিছত যুৱকজনে এটা শিল হাতত লৈ ক’লে, হে আল্লাহ! যাদুকৰৰ তুলনাত ধৰ্মযাজকজন যদি তোমাৰ ওচৰত বেছি প্ৰিয় হয়, তেন্তে এই শিলৰ আঘাতত এই হিংস্ৰ প্ৰাণীটোক হত্যা কৰি পেলোৱা, যাতে মানুহে চলাচল কৰিব পাৰে। তাৰ পিছত সি সেই প্ৰাণীটোৰ ফালে লক্ষ্য কৰি সেই শিলটো নিক্ষেপ কৰিলে আৰু প্ৰাণীটো নিহত হ'ল। ফলত, মানুহে পুনৰ যাতায়াত আৰম্ভ কৰিলে। ইয়াৰ পিছত সেই যুৱকজনে ধৰ্মযাজকজনৰ ওচৰলৈ আহি সম্পূৰ্ণ ঘটনা বিৱৰি ক’লে। তেতিয়া ধৰ্মযাজকজনে ক’লে, হে মোৰ প্ৰিয় শিষ্য! আজিৰ পৰা তুমি মোতকৈও শ্রেষ্ঠ। তোমাৰ মর্যাদা ইমান উচ্চ পৰ্যায়লৈ উপনীত হৈছে যে, তুমি শীঘ্ৰেই পৰীক্ষাৰ সন্মুখীন হ'বা। যদি তুমি পৰীক্ষাৰ সন্মুখীন হোৱা, তেন্তে মোৰ কথা গোপন ৰাখিবা। ইপিনে যুৱকজনে আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠৰোগীসকলক আৰোগ্য প্ৰদান কৰিবলৈ ধৰিলে আৰু মানুহৰ বিভিন্ন বেমাৰ-আজাৰ নিৰাময় কৰিবলৈ ধৰিলে। ৰজাৰ পৰিষদবৰ্গৰ এজন ব্যক্তি অন্ধ হৈ পৰিছিল। তেওঁ এই সংবাদ শুনাৰ পিছত বহুতো উপহাৰ আৰু দান-দক্ষিণা লৈ যুৱকজনৰ ওচৰত আহি উপস্থিত হ’ল আৰু ক’লে, তুমি যদি মোক আৰোগ্য প্ৰদান কৰিব পাৰা, তেন্তে এই সকলো সম্পদ তোমাক প্ৰদান কৰিম। এই কথা শুনি যুৱকজনে উত্তৰ দিলে যে, মই কাকো আৰোগ্য প্ৰদান কৰিব নোৱাৰোঁ, আৰোগ্য কেৱল আল্লাহে প্ৰদান কৰিব পাৰে। তুমি যদি আল্লাহৰ ওপৰত ঈমান পোষণ কৰা, তেন্তে মই আল্লাহৰ ওচৰত দু’আ কৰিম, তেওঁ তোমাক আৰোগ্য দান কৰিব। ইয়াৰ পিছত তেওঁ আল্লাহৰ ওপৰত ঈমান আনিলে, ফলত আল্লাহে তেওঁক আৰোগ্য প্ৰদান কৰিলে। তাৰ পিছত, সেই ব্যক্তি গৰাকী অন্যান্য দিনৰ দৰে এদিন ৰজাৰ বৈঠকত আহি বহিল। ৰজাই তেওঁক প্ৰশ্ন কৰিলে যে, কোনে তোমাক তোমাৰ দৃষ্টিশক্তি ওভোতাই দিলে? তেওঁ ক'লে, মোৰ প্ৰতিপালকে। এই উত্তৰ শুনি ৰজাই পুনৰ প্ৰশ্ন কৰিলে। মোৰ বাহিৰে তোমাৰ বেলেগ কোনো প্ৰতিপালক আছে নেকি? তেওঁ উত্তৰ দিলে, মোৰ আৰু আপোনাৰ তথা সকলোৰে প্ৰতিপালক (ৰব্ব) হৈছে মহান আল্লাহ। এই উত্তৰ শুনি, ৰজাই তেওঁক বন্দী কৰি অবিৰাম শাস্তিৰ নিৰ্দেশ দিলে। অৱশেষত তেওঁ সেই যুৱকজনৰ বিষয়ে ৰজাক জনাই দিলে, আৰু তাৰ পিছত সেই যুৱকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল। ৰজাই যুৱকজনক সুধিলে, হে বালক! তোমাৰ যাদু এতিয়াই ইমান পৰ্যায়লৈ উপনীত হৈছেনে যে, তুমি অন্ধ আৰু কুষ্ঠৰোগীকো আৰোগ্য প্ৰদান কৰিব পাৰা! যুৱকজনে ক'লে, মই কাকো আৰোগ্য দান কৰিব নোৱাৰোঁ। আৰোগ্য প্ৰদান কৰে কেৱল আল্লাহে। এই উত্তৰ শুনি, ৰজাই তাক কঠোৰ শাস্তি দিবলৈ ধৰিলে। শাস্তি সহ্য কৰিব নোৱাৰি, যুৱকজনে অৱশেষত ধৰ্মযাজকৰ কথা ৰজাক জনাই দিলে। তাৰ পিছত, ধৰ্মযাজকজনক গ্ৰেপ্তাৰ কৰি আনা হ’ল আৰু তেওঁক কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। তেওঁ অস্বীকাৰ কৰিলে। ইয়াৰ পিছত এটা কৰত আনিবলৈ নিৰ্দেশ দিলে আৰু সেইটো তেওঁৰ মূৰৰ ওপৰত ৰাখি তেওঁৰ মূৰ দুফাল কৰি পেলালে। ইয়াৰ পিছত, সেই যুৱকজনকো উপস্থিত কৰা হ’ল, আৰু তাকো কোৱা হ’ল, তুমি তোমাৰ দ্বীন (ধৰ্ম) ত্যাগ কৰা। সি অস্বীকাৰ কৰিলে। ফলত ৰজাই কেইজনমান লোকক নিৰ্দেশ দিলে যে, ইয়াক অমুক পৰ্বতলৈ লৈ যোৱা, আৰু ইয়াকলৈ সেই পৰ্বতৰ শৃংগত আৰোহণ কৰি ইয়াৰ পৰা স্বীকাৰোক্তি লোৱা, যদি ই নিজৰ ধৰ্ম ত্যাগ কৰে তেন্তে ভাল, নহ’লে ইয়াক পৰ্বতৰ ওপৰৰ পৰা পেলাই দিবা। ইয়াৰ পিছত সিহঁতে তেওঁক লৈ সেই পৰ্বতত আৰোহণ কৰিলে। তেতিয়া যুৱকজনে আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যিদৰে ইচ্ছা, সেইদৰে মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত পৰ্বত কঁপিবলৈ ধৰিলে, ফলত সিহঁত পাহাৰৰ পৰা তললৈ লুটি খাই পৰি গ’ল, আৰু যুৱকজন ৰক্ষা পৰিল। ইয়াৰ পিছত যুৱকজন পুনৰ ৰজাৰ দৰবাৰত আহি উপস্থিত হ'ল। ৰজাই তাক দেখি আশ্চৰ্য হৈ প্ৰশ্ন কৰিলে, তোমাৰ লগৰ বিলাক ক’ত? তেওঁ ক'লে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। ইয়াৰ পিছত ৰজাই আকৌ তেওঁৰ কিছুমান সহচৰৰ হাতত সেই যুৱকজনক সমৰ্পণ কৰি ক’লে, তোমালোকে ইয়াক নাৱত উঠাই সাগৰৰ মাজত লৈ যোৱা। তাৰ পিছতো যদি সি নিজৰ ধৰ্ম ত্যাগ নকৰে তেন্তে তোমালোকে ইয়াক সাগৰত নিক্ষেপ কৰিবা। সিহঁতে যুৱকজনক লগতলৈ সাগৰত গ’ল। যুৱকজনে পুনৰ আল্লাহৰ ওচৰত দু’আ কৰিলে, হে আল্লাহ! তুমি যেনেকৈ ইচ্ছা, তেনেকৈ মোক ইহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰা। তৎক্ষণাত নাও ওলটি গ’ল। ফলত সিহঁত পানীত ডুবি মৰিল, আৰু যুৱকজন সিহঁতৰ পৰা ৰক্ষা পাই ৰজাৰ ওচৰলৈ উভতি আহিল। ৰজাই আচৰিত হৈ তেওঁক সুধিলে, তোমাৰ সহচৰসকল ক’ত? যুৱকজনে উত্তৰ দিলে, আল্লাহে মোক সিহঁতৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিছে। তাৰ পিছত যুৱকজনে ৰজাক ক’লে যে, আপুনি মোক হত্যা কৰিব নোৱাৰিব, যেতিয়ালৈকে আপুনি মই দিয়া পদ্ধতি অনুসৰণ নকৰিব। ৰজাই সুধিলে, সেইটো আকৌ কি পদ্ধতি? যুৱকজনে ক’লে, এটা বৃহৎ ময়দানত আপুনি সকলো মানুহকে একত্ৰিত কৰক। তাৰ পিছত এটা কাঠৰ শূলত মোক ওলোমাই ৰাখক, আৰু মোৰ কাঁড় বাকচৰ পৰা এটা কাঁড়লৈ ধেনুৰ মাজত ৰাখি উচ্চস্বৰে এইটো পাঠ কৰিব بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ")। যদি আপুনি এইটো পদ্ধতি অনুসৰণ কৰে, তেন্তে আপুনি মোক হত্যা কৰিব পাৰিব। ৰজাই যুৱকৰ কথা অনুসৰি সকলো মানুহকে একত্ৰিত কৰিলে আৰু তেওঁক কাঠৰ শূলত উঠাই দিলে। তাৰ পিছত যুৱকজনৰ কাঁড় বাকচৰ পৰা এটা কাঁড় লৈ ধেনুৰ মাজত ৰাখিলে আৰু উচ্চস্বৰে بِاسْمِ اللَّهِ رَبِّ الْغُلاَمِ ("বালকৰ প্ৰতিপালক আল্লাহৰ নামত নিক্ষেপ কৰিলোঁ") বুলি কৈ কাঁড় নিক্ষেপ কৰিলে। ফলত কাঁড়টো যুৱকজনৰ কাণৰ তলৰ অংশত গৈ লাগিল। যুৱকজনে কাঁড়বিদ্ধ স্থানত নিজৰ হাত ৰখাৰ লগে লগে মৃত্যুবৰণ কৰিলে। এই দৃশ্য দেখি, উপস্থিত সকলো মানুহে একেলগে চিঞৰি উঠিল, آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ آمَنَّا بِرَبِّ الْغُلاَمِ ("আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ, আমি বালকৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিলোঁ,")। এই দৃশ্য দেখি ৰজাৰ অনুগামীসকলে ৰজাক আহি জনালে যে, আপুনি যিটো আশংকা কৰিছিল সেইটোৱে সত্যত পৰিণত হৈছে। সমগ্ৰ ৰাজ্যৰ মানুহে যুৱকজনৰ প্ৰতিপালকৰ ওপৰত ঈমান আনিছে। তাৰ পিছত, ৰজাই সকলো ৰাস্তাৰ প্ৰৱেশ পথত গাঁত খান্দিবলৈ নিৰ্দেশ দিলে। গাঁতসমূহ খনন কৰা হ’ল আৰু তাত অগ্নি প্রজ্বলিত কৰা হ’ল। ৰজাই আদেশ দিলে যে, যিয়ে নিজৰ ধৰ্ম ত্যাগ নকৰিব, তাক সেই জ্বলন্ত অগ্নিত নিক্ষেপ কৰিবা। অথবা ৰজাই কৈছিল যে, সেই ব্যক্তি যেন নিজেই অগ্নিত জাঁপ মাৰে। লোকসকলে সেইটোৱে কৰিলে, অৰ্থাৎ নিজে নিজে জঁপিয়ালে। অৱশেষত এজনী মহিলাই নিজৰ কোলাত শিশু এটি থকাৰ কাৰণে জঁপিয়াবলৈ সংকোচবোধ কৰিলে। এই দেখি কোলাত থকা শিশুৱে অলৌকিকভাৱে ক’লে যে, ‘হে মোৰ মা! ধৈৰ্য্য ধাৰণ কৰি জঁপিয়াওক, নিশ্চয় আপুনি সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছে।’
ছহীহ (মুছলিম)
"বনী ইছৰাঈলৰ নবীসকলে সিহঁতক শাসন কৰিছিল। যেতিয়াই কোনো নবীৰ মৃত্যু হৈছিল, তেতিয়াই বেলেগ কোনো নবী তেওঁৰ স্থলাভিষিক্ত হৈছিল। কিন্তু শুনা! মোৰ পিছত কোনো নবী নাই, কিন্তু অনেক খলীফা হ'ব।" চাহাবাসকলে সুধিলেঃ এই ক্ষেত্ৰত আপোনাৰ দিশ-নিৰ্দেশনা কি? তেখেতে ক'লেঃ "তোমালোকে ইজনৰ পিছত সিজনৰ বাইআত কৰি তেওঁলোকৰ হক আদায় কৰিবা। নিশ্চয় আল্লাহে তেওঁলোকক জবাবদিহি কৰিব সেই সকলো বিষয় সম্পৰ্কে যিবোৰৰ দায়িত্ব তেওঁলোকক অৰ্পণ কৰা হৈছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})