Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 15 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"এনেকুৱা দুটা নিয়ামত আছে, যি দুটা নিয়ামত সম্পৰ্কে বহুত মানুহেই অমনোযোগী হৈ আছে, (সেই নিয়ামত দুটা হৈছে) সুস্থতা আৰু অৱসৰ সময়।"
ছহীহ (বুখাৰী)
"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে পৰস্পৰে হিংসা নকৰিবা, ইজনে সিজনৰ বাবে দালালি কৰি দাম বৃদ্ধি নকৰিবা, পৰস্পৰে বিদ্বেষ পোষণ নকৰিবা, এজনে আনজনৰ পৰা সম্পৰ্কচ্ছেদ নকৰিবা, এজনে ক্ৰয় কৰাৰ ওপৰত আন জনে ক্ৰয় নকৰিবা। হে আল্লাহৰ বান্দাসকল! পৰস্পৰে ভাতৃ হৈ যোৱা। এজন মুছলিম হৈছে আন এজন মুছলিমৰ ভাতৃ, সি যেন তাৰ ওপৰত যুলুম নকৰে আৰু তাক সঙ্গীহীন আৰু সহায়হীনভাৱে এৰি নিদিয়ে, আৰু যেন তাক অপমান অপদস্থ নকৰে। তাক্বৱা হৈছে- ইয়াত"। তেখেতে নিজৰ বুকুৰ ফালে তিনিবাৰ ইঙ্গিত কৰিলে। "কোনো মানুহক অনিষ্ট কৰিবলৈ এইখিনিয়ে যথেষ্ট যে, সি তাৰ মুছলিম ভাতৃক নিম্ন আৰু হীন বুলি ভাবে। প্ৰতিজন মুছলিমৰে তেজ, সম্পদ আৰু মান-সন্মান অন্যান্য মুছলিমৰ ওপৰত হাৰাম।"
ছহীহ (মুছলিম)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম)
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)
মুমিনৰ অৱস্থা বৰ অদ্ভুত। নিশ্চয় মুমিনৰ প্ৰতিটো কামেই হৈছে কল্যাণকৰ। মুমিনৰ বাহিৰে আন কাৰো বাবে এই কল্যাণৰ ব্যৱস্থা নাই। মুমিন ব্যক্তি সুখী হ'লে (আল্লাহৰ) কৃতজ্ঞতা প্ৰকাশ কৰে, এইটো তেওঁৰ বাবে কল্যাণকৰ। আনহাতে দুখ-কষ্টত আক্ৰান্ত হ'লে ধৈৰ্য্য ধাৰণ কৰে, এইটোও তেওঁৰ বাবে কল্যাণকৰ।
ছহীহ (মুছলিম)
"দুনিয়াৰ সৈতে মোৰ কি সম্পৰ্ক? পৃথিৱীত মই হৈছোঁ এজন এনেকুৱা ভ্ৰমণকাৰীৰ দৰে, যিয়ে এজোপা গছৰ তলত বিশ্ৰাম লোৱাৰ বাবে আশ্ৰয় লয় আৰু ইয়াৰ পিছত সেই ঠাই এৰি নিজৰ গন্তব্যৰ ফালে গুচি যায়।"
ছহীহ (তিৰমিজী, ইবনে মাজাহ)
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্ৰমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্ৰী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)