Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 13 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"সৎ সঙ্গী আৰু অসৎ সঙ্গীৰ উদাহৰণ হৈছে আতৰ বিক্ৰেতা আৰু ভাটিত ফুঁ দিয়া কমাৰৰ দৰে। সুগন্ধি বিক্ৰেতাই হয়তো আপোনাক আতৰ উপহাৰ হিচাপে দিব, নহ'লে আপুনি তাৰ পৰা কিনি ল'ব, নাইবা আপুনি তাৰ ওচৰত থাকিলে ভাল সুগন্ধি পাই থাকিব। আনহাতে ভাটিত ফুঁ দিয়া কমাৰৰ ওচৰত বহিলে হয়তো ফিৰিঙতিয়ে আপোনাৰ কাপোৰ পুৰি দিব নাইবা আপুনি বেয়া গোন্ধ পাই থাকিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোৰ উম্মতৰ প্ৰতিজন ব্যক্তিয়ে ক্ষমা পাব, কেৱল গুনাহ প্ৰকাশকাৰী ব্যক্তিসকলৰ বাহিৰে। গুনাহ প্ৰকাশ কৰা অৰ্থাৎ কোনো ব্যক্তিয়ে ৰাতিত কোনো এটা গুনাহৰ কাম কৰে, যিটোক আল্লাহে গোপন কৰি ৰাখে, কিন্তু সি ৰাতিপুৱা মানুহৰ মাজত গাই ফুৰে যে, হে অমুক! মই যোৱা ৰাতি এই এই কাম কৰিছোঁ। অথচ সি ৰাতিত যিটো পাপ কৰ্ম কৰিছে, সেইটোক আল্লাহে গোপন কৰি ৰাখিছিল। কিন্তু সি ৰাতিপুৱা উঠি আল্লাহে আঁৰি থোৱা পৰ্দাক উন্মুক্ত কৰি দিয়ে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে পাহাৰৰ ওপৰৰ পৰা জাপ মাৰি আত্মহত্যা কৰে, সি জাহান্নামত থাকিব, তাত সি চিৰকাল সেইদৰে জঁপিয়াই থাকিব। যিয়ে বিষ খাই আত্মহত্যা কৰিব, জাহান্নামত এই বিষ তাৰ হাতত থাকিব, চিৰকাল সি সেই বিষ তাত সেৱন কৰিব। এইদৰে যিয়ে লোহাৰ অস্ত্ৰৰে আত্মহত্যা কৰিব, জাহান্নামত সেই অস্ত্ৰ তাৰ হাতত থাকিব, আৰু তাত সি সেইটোৰে চিৰকাল নিজৰ পেটত আঘাত কৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
কাবীৰাহ গোনাহ হৈছে: আল্লাহৰ সৈতে শ্বিৰ্ক কৰা, পিতা-মাতাৰ সৈতে অবাধ্যাচৰণ কৰা, কাৰোবাক হত্যা কৰা আৰু মিছা শপত খোৱা।
ছহীহ (বুখাৰী)