Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণিত গ্ৰন্থ

এজন বেদুইন আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ মোক এনেকুৱা কিছুমান বাক্য শিকাওক, যিবোৰ মই পাঠ কৰিব পাৰোঁ। তেতিয়া তেখেতে ক'লে, এইটো কোৱাঃ «قُلْ: لَا إِلَهَ إِلَّا اللهُ وَحْدَهُ لَا شَرِيكَ لَهُ، اللهُ أَكْبَرُ كَبِيرًا، وَالْحَمْدُ لِلَّهِ كَثِيرًا، سُبْحَانَ اللهِ رَبِّ الْعَالَمِينَ، لَا حَوْلَ وَلَا قُوَّةَ إِلَّا بِاللهِ الْعَزِيزِ الْحَكِيمِ» অৰ্থঃ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। মহানতাৰ ক্ষেত্ৰত আল্লাহ আটাইতকৈ মহান, অসংখ্য অগণন প্ৰশংসা আল্লাহৰ বাবেই। বিশ্বজগতৰ ৰব্ব মহান আল্লাহ অতি পৱিত্ৰ। গুনাহৰ পৰা ৰক্ষা আৰু নেক কামৰ শক্তিৰ উৎস একমাত্ৰ আল্লাহেই। তেওঁ পৰাক্ৰমশালী মহাপ্ৰজ্ঞাময়। ব্যক্তিজনে এই সকলোবোৰ দেখোন মোৰ প্ৰতিপালকৰ বাবে, মোৰ বাবে কি আছে, তেতিয়া তেখেতে ক'লেঃ «قُلْ: اللهُمَّ اغْفِرْ لِي وَارْحَمْنِي وَاهْدِنِي وَارْزُقْنِي» অৰ্থঃ কোৱা, হে আল্লাহ! মোক ক্ষমা কৰা, মোৰ প্ৰতি ৰহম কৰা, মোক হিদায়ত দিয়া আৰু জীৱিকা প্ৰদান কৰা।
ছহীহ (মুছলিম)