Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে বতাহক গালি নিদিবা, যদি এনেকুৱা বতাহ পৰিলক্ষিত হয় যিটোক তোমালোকে অপছন্দ কৰা তেন্তে এইদৰে ক'বাঃ আল্লাহুম্মা ইন্না নাছআলুকা মিন খাইৰি হা-জিহিৰ ৰীহ, অখাইৰি মা ফীহা, অখাইৰি মা উমিৰাত বিহ, অনাউজুবিকা মিন শ্বাৰ্ৰি হা-জিহিৰ ৰীহ, অশ্বাৰ্ৰি মা ফীহা, অশ্বাৰ্ৰি মা উমিৰাত বিহ।" (অৰ্থঃ হে আল্লাহ! আমি তোমাৰ ওচৰত এই বতাহৰ কল্যাণ কামনা কৰোঁ, লগতে সেই কল্যাণ কামনা কৰোঁ যিটো ইয়াৰ ভিতৰত আছে, আৰু যিটো কল্যাণৰ নিৰ্দেশ ইয়াক দিয়া হৈছে। আনহাতে এই বতাহৰ অনিষ্টৰ পৰা আমি তোমাৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰোঁ, আৰু সেই অনিষ্টৰ পৰাও তোমাৰ আশ্ৰয় বিচাৰোঁ যিটো ইয়াৰ মাজত আছে, লগতে যিটো অনিষ্টৰ নিৰ্দেশ ইয়াক দিয়া হৈছে।)
ছহীহ (তিৰমিজী)
"ধূলিময় হওক সেই ব্যক্তিৰ নাক, যাৰ ওচৰত মোৰ নাম উল্লেখ হোৱাৰ পিছতো সি মোৰ প্ৰতি দৰূদ পাঠ কৰা নাই। সেই ব্যক্তিৰো নাক ধূলিময় হওক, যিয়ে ৰমাজান মাহত প্ৰৱেশ কৰিও নিজৰ গুনাহ মাফ নকৰাকৈয়ে থাকে আৰু ইপিনে ৰমাজান মাহ পাৰ হৈ যায়। এইদৰে ধূলিময় হওক সেই ব্যক্তিৰ নাক, যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পাইয়ো (জান্নাতত প্ৰৱেশ কৰিব পৰা নাই বা) তেওঁলোকে তাক জান্নাতত প্ৰৱেশ কৰাব পৰা নাই।" (অৰ্থাৎ সি তেওঁলোকৰ সেৱা যত্ন কৰি জান্নাত অৰ্জন কৰিব পৰা নাই।)
ছহীহ (তিৰমিজী, আহমদ)
"প্ৰকৃত কৃপণ হৈছে সেই ব্যক্তি, যাৰ সন্মুখত মোৰ নাম লোৱা হয়, তথাপিও সি মোৰ প্ৰতি দৰূদ পাঠ নকৰে।"
ছহীহ তিৰমিজী, আহমদ, আৰু নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।