Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
এবাৰ আমি বৰষুণৰ ৰাতি গভীৰ অন্ধকাৰত আমাৰ বাবে দুআ কৰাৰ উদ্দেশ্যে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিচাৰি ওলালোঁ। অৱশেষত তেখেতক বিচাৰি পালোঁ। তেখেতে ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে আকৌ ক'লেঃ 'কোৱা', মই একো নক'লোঁ। তেখেতে পুনৰ ক'লেঃ 'কোৱা', তেতিয়া মই ক'লোঁ, কি কম? তেখেতে ক'লেঃ "{কুল হুৱাল্লাহু আহাদ}, আৰু ছুৰা ফালাক আৰু নাছ পুৱা গধূলি তিনিবাৰকৈ পঢ়িবা। সকলো ক্ষেত্ৰতে এইটো তোমাৰ বাবে যথেষ্ট হ'ব।"
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী)
"যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।
ছহীহ (আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, ইবনে মাজাহ, আহমদ)
তেখেতে পুৱাৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আছবাহনা, অবিকা আমছাইনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকান নুশ্বু-ৰ”৷ অৰ্থ: হে আল্লাহ! তোমাৰ নামতে আমি প্ৰভাত কৰিলোঁ আৰু তোমাৰ নামতে আমি ৰাতিত প্রৱেশ কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ফালেই আমি উভতি যাম। আৰু সন্ধিয়াৰ ভাগত এনেকৈ কৈছিল। উচ্চাৰণঃ "আল্লা-হুম্মা বিকা আমছাইনা, অবিকা আচবাহনা, অবিকা নাহয়া, অবিকা নামূতু, অ ইলাইকাল মাচীৰ” ৷ অৰ্থ: হে আল্লাহ! আমি তোমাৰ নামতে সন্ধিয়াত উপনীত হৈছোঁ আৰু তোমাৰ নামতে আমি প্ৰভাত কৰিছোঁ আৰু তোমাৰ নামতে আমি জীৱিত হওঁ আৰু তোমাৰ নামতে আমি মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ ওচৰলৈকেই আমাৰ শেষ ঠিকনা।
হাছান আবু দাঊদ, তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে, লগতে নাছায়ীয়ে ছুনান আল-কুবাৰাত বৰ্ণনা কৰিছে।