Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মহান আল্লাহে কৈছে: "যি ব্যক্তিয়ে মোৰ কোনো বন্ধুৰ লগত শত্ৰুতা কৰিব, মই তাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছোঁ। মই মোৰ বান্দাৰ ওপৰত যি ফৰজ কৰিছোঁ, মোৰ বান্দাই তাৰ বাহিৰে বেলেগ কোনো পছন্দৰ বস্তুৰ দ্বাৰা মোৰ অধিক নিকটৱৰ্তী হ’ব নোৱাৰে। কিন্তু মোৰ বান্দাই নফল ইবাদতৰ সহায়ত মোৰ নিকটৱৰ্তী হ’বলৈ ধৰে, অৱশেষত মই তাক ভাল পাওঁ। এতেকে মই যেতিয়া তাক ভাল পাওঁ, তেতিয়া মই তাৰ কাণ হৈ যাওঁ; যাৰ দ্বাৰা সি শুনে, তাৰ চকু হৈ যাওঁ; যাৰ দ্বাৰা সি দেখে, তাৰ হাত হৈ যাওঁ; যাৰ দ্বাৰা সি ধৰে আৰু তাৰ ভৰি হৈ যাওঁ; যাৰ দ্বাৰা সি চলা-ফুৰা কৰে। সি যদি মোৰ ওচৰত কিবা বিচাৰে মই অৱশ্যে তাক দিওঁ। সি যদি মোৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰে, মই তাক অৱশ্যে আশ্ৰয় দান কৰোঁ।"
ছহীহ (বুখাৰী)
যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।
ছহীহ (বুখাৰী)
"দৈনিক যেতিয়া সূৰ্য উদয় হয় মানুহে নিজৰ (শৰীৰৰ) প্ৰত্যেক গ্ৰন্থিৰ (পৰিবৰ্তে) চাদাক্বাহ দিয়া কৰ্তব্য। দু'জন মানুহৰ মাজত ইনচাফ কৰাও হৈছে চাদাক্বাহ, কোনো আৰোহীক তাৰ বাহনৰ ওপৰত আৰোহণ কৰিবলৈ বা তাৰ ওপৰত বোজা উঠাবলৈ সহায় কৰাও হৈছে চাদাক্বাহ, ভাল কথা কোৱাও হৈছে চাদাক্বাহ, ছালাতৰ বাবে প্ৰত্যেক পদক্ষেপ হৈছে চাদাক্বাহ আৰু কষ্টদায়ক বস্তু বাটৰ পৰা আঁতৰাই দিয়াটোও হৈছে চাদাক্বাহ।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।