Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 12 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"চয়তানে তোমালোকৰ প্ৰত্যেকৰে মূৰৰ পিছফালে ৰাতিত শোৱাৰ সময়ত তিনিটাকৈ গাঁঠি বান্ধি দিয়ে। প্ৰত্যেক গাঁঠিত এই বুলি ফুঁ দিয়ে যে, ৰাতি বৰ দীঘল, নিশ্চিন্তে টোপনি যোৱা। এতেকে সেই ব্যক্তিয়ে ৰাতিত যদি টোপনিৰ পৰা সজাগ হৈ আল্লাহক স্মৰণ কৰে (অৰ্থাৎ টোপনিৰ পৰা উঠাৰ দুআ পাঠ কৰে) তেন্তে এটা গাঁঠি খুলি যায়, আৰু যদি অজু কৰে তেন্তে আন এটা গাঁঠি খুলি যায়, আৰু যদি নামাজ পঢ়ে তেন্তে শেষৰ গাঁঠিটোও খুলি যায়। সেয়ে তেওঁ সক্ৰিয় হৈ সবল মনেৰে পুৱাৰ ভাগত উপনীত হয়। অন্যথা এলেহুৱা হৈ নিকৃষ্ট মনেৰে পুৱাৰ ভাগত উপনীত হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
চয়তান তোমালোকৰ ওচৰলৈ আহি কুমন্ত্ৰণা দি কয় যে, এইটো কোনে সৃষ্টি কৰিছে? সেইটো কোনে সৃষ্টি কৰিছে? অৱশেষত কয় যে, তোমাৰ প্ৰতিপালকক কোনে সৃষ্টি কৰিছে? যদি এনেকুৱা কোনো কথা কাৰো মনত উদ্ভৱ হয় তেন্তে সি আল্লাহৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা উচিত, আৰু এনেকুৱা চিন্তাৰ পৰা বিৰত থকা উচিত।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্রমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্রী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)
"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব, তাৰ বাবে দহটা দাস মুক্ত কৰাৰ সমপৰিমাণ ছোৱাব আছে। লগতে তাৰ বাবে এশটা ছোৱাব লিপিবদ্ধ কৰা হ'ব আৰু এশটা গুনাহ মোচন কৰা হ'ব। লগতে সেইদিনা তাক সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষিত থকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। সেই ব্যক্তিয়ে যিটো আমল কৰিছে, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে ইয়াতকৈও অধিক আমল কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্ৰমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্ৰী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)
"যি ব্যক্তিয়ে ছুবহানাল্লাহিল আজীম অবিহামদিহি পাঠ কৰিব, তাৰ বাবে জান্নাতত এজোপা খেজুৰ গছ ৰোপণ কৰা হ'ব।"
ছহীহ (তিৰমিজী)
"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“যেতিয়া কোনো মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰে, লগতে প্ৰৱেশ কৰাৰ সময়ত আৰু খোৱাৰ সময়ত আল্লাহৰ নাম লয়, তেতিয়া চয়তানে (তাৰ সহযোগীসকলক) কয়: ইয়াত তোমালোকৰ বাবে ৰাতি কটোৱাৰ কোনো ঠাই নাই আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ বাবেও কোনো উপায় নাই। আনহাতে ঘৰত প্ৰৱেশ কৰাৰ সময়ত যদি কোনোবাই আল্লাহৰ নাম নলয়, তেতিয়া চয়তানে কয়: তোমালোকে ৰাতি কটাবলৈ ঠাই পাই গ'লা আৰু যদি আহাৰ কৰাৰ সময়ত আল্লাহৰ নাম নলয় তেতিয়া কয়: তোমালোকে ৰাতি কটাবলৈও ঠাই পালা আৰু আহাৰ কৰাৰো সুযোগ লাভ কৰিলা।"
ছহীহ (মুছলিম)