Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 11 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত উপস্থিত আছিলোঁ। তেখেতে ক'লেঃ "তোমালোকৰ মাজৰ কোনোবাই দৈনিক এহেজাৰ নেকী অৰ্জন কৰিবলৈ অপাৰগ হ'বনে? তেখেতৰ ওচৰত বহি থকা এজনে প্ৰশ্ন কৰিলে: কিদৰে আমি এহেজাৰ নেকী অৰ্জন কৰিব পাৰিম? তেখেতে ক'লেঃ "দৈনিক এশবাৰ তাছবীহ পাঠ কৰিলে, এহেজাৰ নেকী লিপিবদ্ধ কৰা হয় অথবা এহেজাৰ গুনাহ ক্ষমা কৰা হয়।"
ছহীহ (মুছলিম)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, "সৰ্বশক্তিমান আল্লাহে কৈছেঃ মই মোৰ বান্দাৰ সৈতে সেইদৰেই আচৰণ কৰোঁ, যিদৰে সি মোক ধাৰণা কৰে। সি মোক যেতিয়াই স্মৰণ কৰে তেতিয়াই মই তাৰ স্মৰণত সঁহাৰি দিওঁ। সি যদি মোক মনে মনে স্মৰণ কৰে তেন্তে ময়ো তাক মনে মনে স্মৰণ কৰোঁ। আনহাতে সি যদি মোক কোনো সমাৱেশত স্মৰণ কৰে, তেন্তে মই তাক ইয়াতকৈও উত্তম সমাৱেশত স্মৰণ কৰোঁ। সি যদি মোৰ ওচৰলৈ এবেগেত পৰিমাণ নিকটৱৰ্তী হয় তেন্তে মই তাৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই যাওঁ। এইদৰে সি যদি মোৰ ওচৰলৈ এক হাত পৰিমাণ আগুৱাই আহে, তেন্তে মই তাৰ ওচৰলৈ এক গজ পৰিমাণ আগুৱাই যাওঁ। সি যদি মোৰ ওচৰলৈ খোজকাঢ়ি আহে তেন্তে মই তাৰ ওচৰলৈ দৌৰি যাওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিদিনা আল্লাহৰ (ৰহমতৰ) ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব। সেইদিনা মহান আল্লাহে তেওঁৰ (আৰচৰ) ছাঁত সাত প্ৰকাৰ লোকক আশ্ৰয় প্ৰদান কৰিব। ন্যায়পৰায়ণ শাসক। এনেকুৱা যুৱক যাৰ জীৱন গঢ়ি উঠিছে আল্লাহৰ ইবাদতৰ মাধ্যমত। এনেকুৱা ব্যক্তি যাৰ অন্তৰ সদায় মছজিদৰ সৈতে সম্পৃক্ত থাকে। এনেকুৱা দুজন ব্যক্তি, যি দুজনে আল্লাহৰ ওৱাস্তে ইজনে সিজনক ভালপায়, আৰু আল্লাহৰ বাবেই ইজনে সিজনৰ পৰা পৃথক হয়। এনেকুৱা ব্যক্তি, যাক উচ্চ বংশীয় জীয়াগাভৰু ৰূপহী নাৰীয়ে (বাসনা পূৰণৰ বাবে) আহ্বান কৰে, কিন্তু তেওঁ এই বুলি কৈ প্ৰত্যাখ্যান কৰে যে, মই আল্লাহক ভয় কৰোঁ। এইদৰে সেই ব্যক্তি, যিয়ে এনেকৈ গোপনে দান কৰে যে, তাৰ সোঁহাতে যি দান কৰে সেয়া তাৰ বাওঁ হাতেও নাজানে। লগতে সেই ব্যক্তি, যিয়ে নিৰ্জনত আল্লাহক স্মৰণ কৰে আৰু তাৰ দুচকুৰে অশ্ৰু নিগৰি পৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})