Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নজদৰ পৰা এজন ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহিল, যাৰ চুলিবোৰ আছিল অপৰিপাটি। আমি তেওঁৰ ৰিণিকি-ৰিণিকি অহা মাত শুনা পাইছিলোঁ, কিন্তু তেওঁৰ সেই মাত বুজি পোৱা নাছিলোঁ। অৱশেষত তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কাষত আহি উপস্থিত হ'ল, তেতিয়াহে বুজি পালোঁ তেওঁ ইছলাম সম্পৰ্কে সুধি আছে। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "দিনে ৰাতি পাঁচ ওৱাক্ত চালাত আদায় কৰিব লাগিব।" তেতিয়া তেওঁ সুধিলেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো নামাজ ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল পঢ়িব পাৰা, আৰু ৰমাজান মাহৰ ৰোজা ৰাখিবা।" তেতিয়া তেওঁ সুধিলেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত বেলেগ কোনো ৰোজা ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল ৰোজা ৰাখিব পাৰা।" ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ বাবে জাকাতৰ বিষয়টো উল্লেখ কৰিলে। তেওঁ ক'লেঃ ইয়াৰ বাহিৰেও মোৰ ওপৰত কোনো জাকাত ফৰজ আছে নেকি? তেখেতে ক'লেঃ "নহয়। কিন্তু নফল দান খয়ৰাত কৰিব পাৰা।" বৰ্ণনাকাৰীয়ে কৈছেঃ এই শুনি ব্যক্তিজন এই বুলি কৈ উভতি গ'ল যে, মই ইয়াতকৈ বেছিও একো নকৰোঁ আৰু কমো নকৰোঁ। তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "যদি এওঁ সত্যবাদী হয়, তেন্তে নিশ্চয় সফলতা লাভ কৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})