Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 26 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।
ছহীহ (মুছলিম)
মই এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লোঁ যে, আপোনাৰ বাবে চাফিয়্যাৰ এই এই বৈশিষ্ট্যই যথেষ্ট। বৰ্ণনাকাৰীসকলৰ মাজৰ এজনে কৈছেঃ ইয়াৰ দ্বাৰা তেওঁ বুজাইছে যে, চাফিয়্যা আছিল চাপৰ। এই কথা শুনি নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "তুমি এনেকুৱা এষাৰ কথা কৈছা, যিটোক সাগৰৰ পানীত মিহলালে সাগৰৰ পানীৰ সোৱাদ পৰিবৰ্তন হৈ যাব।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই ক'লেঃ মই কেৱল এজন লোকে কৰা পৰিহাসমূলক ভংগীহে উপস্থাপন কৰিছোঁ। তেখেতে ক'লেঃ "মোক কোনোবাই ইমান ইমান ধন-সম্পদ দিলেও মই কাৰো বিষয়ে এনেকুৱা উপহাসমূলক ভংগী দাঙি নধৰোঁ।"
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)