Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 43 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু মুতাফাইহিকূন (অহংকাৰ জৰ্জৰিত) ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।"
ছহীহ (তিৰমিজী)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াও অশ্লীল নাছিল আৰু অশ্লীল কথা আৰু কৰ্মও কৰা নাছিল। তেওঁ কৈছেঃ "নিশ্চয় তোমালোকৰ মাজত উত্তম হৈছে সেইজন, যিজন উত্তম চৰিত্ৰৰ অধিকাৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে আইশ্বাহ! নিশ্চয় আল্লাহ হৈছে নম্ৰ ব্যৱহাৰকাৰী। তেওঁ নম্ৰতাক পছন্দ কৰে। এতেকে তেওঁ নম্ৰতাৰ বিনিময়ত যি দান কৰে, সেয়া কঠোৰতাৰ বিনিময়ত দান নকৰে। ইয়াৰ বাহিৰে আন কোনো আচৰণৰ বাবেও সেয়া দান নকৰে।"
ছহীহ (মুছলিম)
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নিশ্চয় ইনচাফকাৰীসকল আল্লাহৰ ওচৰত নূৰৰ মিম্বৰৰ ওপৰত থাকিব। সৰ্বশক্তিমান দয়াময় আল্লাহৰ সোঁফালে অৱস্থান কৰিব। আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত। যিসকলে নিজৰ পৰিয়াল আৰু অধীনস্থ লোকসকলৰ মাজত ন্যায় তথা ইনচাফ আৰু সততাৰ সৈতে শাসনকাৰ্য পৰিচালনা কৰিছিল।
ছহীহ (মুছলিম)
"অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
ছহীহ (বুখাৰী)
"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
তোমালোকে (দ্বীনৰ বিষয়ে) সহজ পন্থা অৱলম্বন কৰা, কঠোৰ পন্থা অৱলম্বন নকৰিবা, মানুহক সুসংবাদ দিয়া, সিহঁতক আঁতৰাই নিদিবা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})