Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 43 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ প্ৰথম হাদীছ: মুছলিমে বৰ্ণনা কৰিছে, আৰু দ্বিতীয় হাদীছ: আহমদ আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।
ছহীহ (তিৰমিজী, আহমদ)
"অতীতৰ নবীসকলৰ পৰা মানুহে এই কথা জানিব পাৰিছে যে, যদি তোমাৰ লাজ নাথাকে তেনেহ’লে যি ইচ্ছা সেইটোৱে কৰা।"
ছহীহ (বুখাৰী)
"যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"
ছহীহ (মুছলিম)
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
অন্যান্য হাদীছৰ সমৰ্থনত ছহীহ (আবু দাঊদ, আহমদ)
নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।
ছহীহ (মুছলিম)