Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 27 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ (মুছলিম)
"প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মোৰ ওচৰলৈ এজনী মহিলা দুটি কন্যা শিশু কোলাতলৈ আহি কিবা খোৱা বস্তু বিচাৰিলে। মোৰ ওচৰত এটা খেজুৰ বাদে একো নাছিল। মই সেইটোৱে তাইক দি দিলোঁ। মহিলাজনীয়ে খেজুৰটো ফালি দুয়ো ছোৱালীক ভগাই দিলে। ইয়াৰ পিছত মহিলাজনী গুচি গ'ল। ইয়াৰ পিছতেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ঘৰত প্ৰৱেশ কৰিলে। মই সেই ঘটনাটো বিৱৰি ক'লোঁ। তেখেতে ক'লেঃ "যাক এইবোৰ কন্যা সন্তান প্ৰদান কৰি পৰীক্ষা কৰা হয়, আৰু তেওঁ যদি সিহঁতৰ সৈতে ভাল ব্যৱহাৰ (অৰ্থাৎ সুন্দৰভাৱে লালন-পালন) কৰে, তেন্তে এই কন্যাবোৰে জাহান্নামৰ জুইৰ পৰা তাৰ বাবে বাধা হৈ থিয় হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে, সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
ছহীহ (মুছলিম)
(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
ছহীহ (মুছলিম)
নিশ্চয় আল্লাহে প্ৰত্যেক বিষয়তে (তোমালোকৰ ওপৰত) ইহছান তথা সদাচৰণ কৰাটো অত্যাৱশ্যক কৰিছে। গতিকে তোমালোকে যেতিয়া হত্যা কৰিবা তেতিয়া উত্তমভাৱে হত্যা কৰিবা, আৰু যেতিয়া জবেহ কৰিবা তেতিয়া উত্তমভাৱে জবেহ কৰিবা। জবেহ কৰিবলৈ লোৱা অস্ত্ৰটো তোমালোকে চোকা কৰি লবা। যাতে জবেহ কৰিবলগীয়া জন্তুৱে অধিক কষ্ট নাপায়।
ছহীহ (মুছলিম)