Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 11 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
যি ব্যক্তিয়ে তাৰ কোনো ভাতৃৰ মান-সন্মানত আহিবলগীয়া আঘাত প্রতিৰোধ কৰিব, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ মুখমণ্ডল (জাহান্নামৰ) জুইৰ পৰা ৰক্ষা কৰিব।
ছহীহ (তিৰমিজী, আহমদ)
দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
ছহীহ (তিৰমিজী)
"তোমালোকৰ মাজৰ যি ব্যক্তিৰ চৰিত্ৰ আৰু আচৰণ সৰ্বোত্তম, সেই ব্যক্তিয়েই মোৰ ওচৰত সৰ্বাধিক প্ৰিয় আৰু কিয়ামতৰ দিনা তেওঁ মোৰ নিচেই ওচৰত থাকিব। পক্ষান্তৰে তোমালোকৰ মাজৰ যি ব্যক্তি মোৰ ওচৰত আটাইতকৈ বেছি ঘৃণনীয়, সি কিয়ামতৰ দিনাও মোৰ পৰা বহু দূৰত অৱস্থান কৰিব। সিহঁত হৈছেঃ বহুবল্কী, ধৃষ্ট-নিৰ্লজ্জ আৰু মুতাফাইহিকূন (অহংকাৰ জৰ্জৰিত) ব্যক্তিসকল। চাহাবীসকলে ক'লেঃ (হে আল্লাহৰ ৰাছুল!) বহুবল্কী আৰু ধৃষ্ট-নিৰ্লজ্জ লোকসকলক আমি জানো, কিন্তু মুতাফাইহিকূন কোনসকল লোক? তেখেতে ক'লেঃ সিহঁত হৈছে অহংকাৰী।"
ছহীহ (তিৰমিজী)
"ক্বিয়ামতৰ দিনা মুমীনৰ মীজানত আটাইতকৈ ভাৰী বস্তুটো হ'ব উত্তম চৰিত্ৰ। নিশ্চয় মহান আল্লাহে অশ্লীলতা আৰু নিকৃষ্ট আচৰণক অত্যন্ত বেয়া পায়।"
ছহীহ (আবু দাঊদ, তিৰমিজী)
"তেখেত কেতিয়াও অশ্লীলভাষী নাছিল, আৰু বেয়া ব্যৱহাৰো কৰা নাছিল, লগতে তেখেতে কেতিয়াও বজাৰত চিঞৰ বাখৰ কৰা নাছিল, এইদৰে তেখেতে কেতিয়াও অন্যায়ৰ প্ৰতিশোধ অন্যায়ৰ দ্বাৰা লোৱা নাছিল। বৰং তেখেতে ক্ষমা কৰিছিল আৰু মাফ কৰি দিছিল।"
ছহীহ (তিৰমিজী, আহমদ)
"মই তোমালোকক অৱগত নকৰিমনে যে, তোমালোকৰ মাজত কোন সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট?" বৰ্ণনাকাৰী কৈছেঃ সকলোৱে নিমাত হৈ থাকিল। তেখেতে এই কথা তিনিবাৰ ক'লে। তাৰ পিছত এজনে ক'লেঃ হে আল্লাহৰ ৰাছুল! হয়, নিশ্চয় কওক। কোন আমাৰ মাজত সবাতোকৈ উৎকৃষ্ট আৰু কোন সবাতোকৈ নিকৃষ্ট। তেখেতে ক'লেঃ "তোমালোকৰ মাজত উৎকৃষ্ট হৈছে সেইজন ব্যক্তি, যাৰ পৰা কল্যাণ আশা কৰিব পাৰি আৰু যাৰ অনিষ্টৰ পৰা নিৰাপদ থাকিব পাৰি। আনহাতে নিকৃষ্ট হৈছে সেই ব্যক্তি, যাৰ পৰা কোনো ধৰণৰ কল্যাণ আশা কৰিব নোৱাৰি, আৰু যাৰ অনিষ্টৰ পৰা নিৰাপদো থাকিব নোৱাৰি।"
ছহীহ (তিৰমিজী)
ঈমানৰ ফালেৰে পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যিজন সিহঁতৰ মাজত উত্তম চৰিত্ৰৰ অধিকাৰী। তোমালোকৰ মাজত সৰ্বোত্তম হৈছে সেই ব্যক্তি, যিজন নিজৰ স্ত্ৰীৰ ওচৰত উত্তম।
হাছান (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)