Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 4 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"বিধৱা আৰু দুখীয়াৰ বাবে খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰা ব্যক্তি হৈছে আল্লাহৰ পথত জিহাদ কৰা ব্যক্তিৰ দৰে, অথবা ৰাতিত চালাত আদায় কৰা আৰু দিনত চিয়াম পালন কৰা ব্যক্তিৰ দৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মানুহে যিবোৰ দীনাৰ (স্বৰ্ণমুদ্ৰা) ব্যয় কৰে, সেইবোৰৰ মাজত সৰ্বোত্তম দীনাৰ হৈছে সেইটো, যিটো তেওঁ নিজ পৰিয়ালবৰ্গৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ সৰ্বোত্তম, যিটো তেওঁ আল্লাহৰ পথত (জিহাদ কৰিবলৈ) নিজৰ পৰিবহণৰ বাবে ব্যয় কৰে। ইয়াৰ পিছত সেই দীনাৰ উত্তম, যি দীনাৰ তেওঁ আল্লাহৰ পথত থকা সঙ্গী-সাৰথিসকলৰ ওপৰত ব্যয় কৰে।" আবু কিলাবাই কৈছে, তেওঁ প্ৰথমে পৰিয়ালৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছত আবু কিলাবাই কৈছেঃ সেই ব্যক্তিতকৈ ডাঙৰ ছোৱাবৰ অধিকাৰী আৰুনো কোন হ'ব পাৰে, যিয়ে নিজৰ সৰু সৰু সন্তানসকলৰ বাবে ব্যয় কৰে? ইয়াৰ বিনিময়ত আল্লাহে সিহঁতক পৱিত্ৰ ৰাখে, আৰু তাৰ দ্বাৰা সিহঁতক উপকৃত কৰে আৰু সিহঁতক সহায় কৰে।
ছহীহ (মুছলিম)
মুমিন নোহোৱাকৈ তোমালোকৰ মাজৰ কোনেও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব, আৰু তোমালোকে প্ৰকৃত মুমিন হ'ব নোৱাৰিবা যেতিয়ালৈকে তোমালোকে ইজনে সিজনক মুহাব্বত নকৰিবা। মই তোমালোকক সেই বিষয়টো জনাই নিদিমনে, যিটো কৰিলে তোমালোকৰ পৰস্পৰৰ মাজত মুহাব্বত সৃষ্টি হ'ব? সেইটো হৈছেঃ তোমালোকে পৰস্পৰে ছালাম আদান প্ৰদান কৰা।
ছহীহ (মুছলিম)
"যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধোৱে, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।, আৰু যেতিয়া তেওঁ দুহাত ধোৱে, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধোৱে, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।"
ছহীহ (মুছলিম)