Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 16 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও এবাৰ চাহাবাসকলৰ এটা হালাকাৰ ওচৰলৈ আহি কৈছিলঃ "তোমালোকে ইয়াত কিয় বহি আছা?" তেওঁলোকে কৈছিলঃ আমি আল্লাহৰ জিকৰ-আজকাৰ কৰিবলৈ বহিছোঁ, লগতে তেওঁ আমাক ইছলামৰ যি পথ দেখুৱাইছে আৰু ইয়াৰ মাধ্যমত তেওঁ আমাক যি নিয়ামত প্ৰদান কৰিছে, তাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰি আছোঁ। তেখেতে ক'লেঃ "তোমালোকে আল্লাহৰ শপত খাই ক'ব পাৰিবানে যে, ইয়াৰ বাহিৰে বেলেগ কোনো উদ্দেশ্যত তোমালোকে ইয়াত বহা নাই?" তেওঁলোকে ক'লেঃ আল্লাহৰ শপত! ইয়াৰ বাহিৰে আমাৰ আন কোনো বেলেগ উদ্দেশ্য নাই। তেতিয়া তেখেতে ক'লেঃ "শুনা! মই তোমালোকক অপবাদ দিবলৈ শপত খুওৱা নাই, বৰং মোৰ ওচৰলৈ জিব্ৰীলে আহি সংবাদ দি গৈছে যে, সৰ্বশক্তিমান আল্লাহে তোমালোককলৈ ফিৰিস্তাসকলৰ মাজত গৌৰৱ কৰিছে।"
ছহীহ (মুছলিম)
"হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"
ছহীহ (মুছলিম)
"যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"
ছহীহ (আবু দাঊদ)
যেতিয়া মুআজ্জিনে কয়ঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আল লা ইলা-হা ইল্লাল্লাহ। ইয়াৰ পিছত যেতিয়া আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাচ্ছালাহ কয়, তেতিয়া কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া হাই আলাল ফালাহ কয়, তেতিয়াও কোৱাঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ। ইয়াৰ পিছত যেতিয়া আল্লাহু আকবাৰ, আল্লাহু আকবাৰ কয়, তেতিয়া তোমালোকেও কোৱাঃ আল্লাহু আকবাৰ, আল্লাহু আকবাৰ। ইয়াৰ পিছত যেতিয়া লা ইলা-হা ইল্লাল্লাহ কয়, তেতিয়া তোমালোকেও কোৱাঃ লা ইলা-হা ইল্লাল্লাহ। যিয়ে আন্তৰিকতাৰে এই উত্তৰ প্ৰদান কৰিব, তেওঁ জান্নাতত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
"হে আল্লাহৰ ৰাছুল! বিত্তবান লোকসকলে প্ৰতিফল আৰু ছোৱাবৰ দিশত আগুৱাই গৈছে। আমি যেনেকৈ ছালাত আদায় কৰোঁ তেওঁলোকেও সেইদৰেই ছালাত আদায় কৰে, আমি যিদৰে ছওম পালন কৰোঁ তেওঁলোকেও সেই দৰেই ছওম পালন কৰে, লগতে তেওঁলোকে প্ৰয়োজনৰ অতিৰিক্ত অৰ্থ ছাদাকাহ কৰে। তেখেতে ক’লে: "আল্লাহে তোমালোকৰ বাবে এনে বস্তু ৰখা নাইনে যে, তোমালোকে ছাদাকাহ কৰিব পাৰিবা? প্ৰত্যেক তাছবীহ (ছুবহান আল্লাহ) পাঠ হৈছে ছাদাকাহ, প্ৰত্যেক তাকবীৰ (আল্লাহু আকবাৰ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহমীদ (আলহামদুলিল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক তাহলীল (লা ইলা-হা ইল্লাল্লাহ) পাঠ কৰাটো হৈছে ছাদাকাহ, প্ৰত্যেক ভাল কামৰ আদেশ দিয়াটো হৈছে ছাদাকাহ আৰু বেয়া কামৰ পৰা বিৰত কৰাটোও হৈছে ছাদাকাহ, আৰু তোমালোকৰ প্ৰত্যেকে নিজৰ স্ত্ৰীৰ লগত সহবাস কৰাটোও হৈছে ছাদাকাহ।" তেওঁলোকে সুধিলে: হে আল্লাহৰ ৰাছুল! আমাৰ মাজৰ কোনোবাই যেতিয়া যৌন আকাংক্ষা সহকাৰে স্ত্ৰীৰ লগত সম্ভোগ কৰে, তথাপিও সি ছোৱাব পাবনে? তেখেতে ক’লে: "তোমালোকে এই বিষয়ে কি কোৱা, যেতিয়া সি হাৰাম পদ্ধতিত সেয়া সম্পাদন কৰে, তেতিয়া সি গুনাহগাৰ নহ’বনে? এতেকে সেইদৰে যেতিয়া সি সেই কৰ্ম বৈধভাৱে কৰে তেতিয়া সি তাৰ বাবে প্ৰতিফল আৰু ছোৱাব পাব।"
ছহীহ (মুছলিম)
তোমালোকে যেতিয়া মুআজ্জিনক আজান দিওঁতে শুনিবা, তেতিয়া মুআজ্জিনে যি যি কয় তোমালোকেও তাকেই ক'বা। ইয়াৰ পিছত মোৰ ওপৰত দৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, তাৰ ওপৰত আল্লাহে দহটা ৰহমত অৱতীৰ্ণ কৰে। ইয়াৰ পিছত আল্লাহৰ ওচৰত তোমালোকে মোৰ বাবে অছীলাহ মাগিবা। অছীলাহ হৈছে জান্নাতৰ এটা বিশেষ স্থান, যিখন আল্লাহৰ কোনো এজন নেক বান্দাক দিয়া হ'ব। মই আশা কৰোঁ সেইজন ময়েই হম। যিয়ে মোৰ বাবে অছীলাহ মাগিব, তাৰ ওপৰত মোৰ শ্বাফাআত ওৱাজিব হৈ যাব।
ছহীহ (মুছলিম)
যি ব্যক্তিয়ে ‘লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুলকু অলাহুল হাম্দু, অহুৱা ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ’ (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁ একক আৰু অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই, ৰাজত্ব তেওঁৰেই, প্রশংসাও তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান) দৈনিক দশবাৰ পাঠ কৰিব, সেই ব্যক্তিয়ে ইছমা‘ঈলৰ বংশধৰসকলৰ চাৰিজন দাস মুক্ত কৰাৰ সমান ছোৱাব লাভ কৰিব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"
ছহীহ (মুছলিম)