Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।) যিয়ে এইটো দৈনিক এশবাৰ পাঠ কৰিব, তাৰ বাবে দহটা দাস মুক্ত কৰাৰ সমপৰিমাণ ছোৱাব আছে। লগতে তাৰ বাবে এশটা ছোৱাব লিপিবদ্ধ কৰা হ'ব আৰু এশটা গুনাহ মোচন কৰা হ'ব। লগতে সেইদিনা তাক সন্ধিয়ালৈকে চয়তানৰ পৰা সুৰক্ষিত থকাৰ নিৰাপত্তা প্ৰদান কৰা হয়। সেই ব্যক্তিয়ে যিটো আমল কৰিছে, তাতকৈ উত্তম আমল আৰু কোনেও লৈ উপস্থিত হ'ব নোৱাৰিব, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া যিয়ে ইয়াতকৈও অধিক আমল কৰিছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সৰ্বশক্তিমান প্ৰতিপালক আল্লাহৰ পৰা বৰ্ণনা কৰিছে যে, মহান আল্লাহে কৈছেঃ বান্দাই যেতিয়া কোনো গুনাহ কৰাৰ পিছত কয়, হে আল্লাহ! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে যে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। সেইজন বান্দাই পুনৰ গুনাহ কৰে আৰু আকৌ কয়ঃ হে মোৰ ৰব্ব! মোৰ গুনাহ ক্ষমা কৰি দিয়া। তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই এটা গুনাহ কৰিছে, ইয়াৰ পিছত তাৰ অনুভৱ হৈছে মোৰ প্ৰতিপালক আছে, যিয়ে গুনাহ ক্ষমা কৰে আৰু গুনাহৰ বাবে জবাবদিহিও কৰে। তেতিয়া মহান আল্লাহে কয়ঃ যোৱা যি ইচ্ছা কৰাগৈ, মই তোমাক ক্ষমা কৰি দিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিসকল লোকে কোনো বৈঠকৰ পৰা আল্লাহক স্মৰণ (তথা জিকৰ-আজকাৰ পাঠ) নকৰাকৈ উঠে, সিহঁতে যেনিবা মৰা গাধৰ শৱদেহৰ পৰা উঠে। (কিয়ামতৰ দিনা) এইটো সিহঁতৰ বাবে অনুতাপৰ কাৰণ হ'ব।"
ছহীহ (আবু দাঊদ)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ মক্কাৰ পথেৰে গৈ থকাত এটা পাহাৰ গৈ পালে, যিটো পাহাৰৰ নাম আছিল জুমদান। তেখেতে ক'লেঃ "তোমালোকে আগুৱাই গৈ থাকা এইটো হৈছে জুমদান পাহাৰ। মুফাৰ্ৰিদূনসকলে অগ্ৰগামী হৈছে।" চাহাবাসকলে সুধিলেঃ হে আল্লাহৰ ৰাছুল! মুফাৰ্ৰিদূনসকল কোন? তেখেতে ক'লেঃ "আল্লাহক বেছি বেছি স্মৰণকাৰী নাৰী আৰু পুৰুষসকল।"
ছহীহ (মুছলিম)