Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
"সাৱধান! পৃথিৱী আৰু ইয়াৰ মাজত থকা সকলো বস্তু অভিশপ্ত, কেৱল আল্লাহৰ জিকৰ আৰু ইয়াৰ সৈতে সম্পৃক্ত বিষয়বোৰৰ বাহিৰে, লগতে আলিম আৰু তালিবে ইল্মৰ বাহিৰে।"
হাছান (তিৰমিজী, ইবনে মাজাহ)
“হালাল স্পষ্ট আৰু হাৰামো স্পষ্ট, আৰু এই দুটাৰ মাজত আছে কিছুমান সন্দেহজনক বিষয়- যিবোৰ বহুতেই নাজানে। যি ব্যক্তিয়ে সেই সন্দেহজনক বিষয়সমূহৰ পৰা আঁতৰি থাকিব, সি তাৰ দ্বীন আৰু মর্যাদা ৰক্ষা কৰিব পাৰিব, আৰু যিয়ে সেই সন্দেহযুক্ত বিষয়সমূহত লিপ্ত হ’ব, সি হাৰামত লিপ্ত হ’ব। যেনে- ৰখীয়া এজনে যেতিয়া সংৰক্ষিত চাৰণভূমিৰ আশে-পাশে পশু চৰায়, তেতিয়া পশুবোৰ তাত সোমাই পৰাৰ আশংকা থাকে। জানি থোৱা, প্রত্যেক বাদশ্বাহৰেই একোটাকৈ সংৰক্ষিত এলেকা আছে, আৰু জানি থোৱা, আল্লাহৰ সংৰক্ষিত এলেকা হৈছে তেওঁৰ নিষিদ্ধ কৰ্মসমূহ। জানি থোৱা, শৰীৰত এটি মাংসৰ টুকুৰা আছে, সেইটো যেতিয়া ঠিক থাকে, গোটেই শৰীৰ ঠিক থাকে, আৰু সেইটো যেতিয়া বেয়া হৈ যায়, তেতিয়া গোটেই শৰীৰেই বেয়া হৈ যায়। সেই মাংসৰ টুকুৰাটো হৈছে ‘হৃদপিণ্ড বা অন্তৰ’।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।" আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ "আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান।" তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।
ছহীহ (মুছলিম)
"তোমালোকে এই বিষয়ত মোৰ সৈতে বাইআত কৰা যে, আল্লাহৰ সৈতে কাকো অংশীদাৰ স্থাপন নকৰিবা, চুৰি নকৰিবা, ব্যভিচাৰ নকৰিবা। নিজৰ সন্তানক হত্যা নকৰিবা, কাৰো ওপৰত মিছা অপবাদ জাপি নিদিবা, সৎকৰ্মত অবাধ্যতা নকৰিবা। তোমালোকৰ মাজৰ যিয়ে এইবোৰ পালন কৰিব, তাৰ প্ৰতিদান আছে আল্লাহৰ ওচৰত। আনহাতে কোনোবাই যদি এনেকুৱা কোনো কৰ্মত লিপ্ত হৈ পৃথিৱীতে শাস্তি পায় তেন্তে সেইটো হ'ব তাৰ প্ৰায়শ্চিত্ত। এইদৰে যদি কোনোবাই এনেকুৱা কৰ্ম কৰে আৰু সেইটোক যদি আল্লাহে গোপন ৰাখে তেন্তে সেইটো হ'ব আল্লাহৰ ইচ্ছাধীন। আল্লাহে ইচ্ছা কৰিলে তাক মাফ কৰি দিব পাৰে আৰু ইচ্ছা কৰিলে শাস্তি বিহিব পাৰে।" আমি এইবোৰ বিষয়ত তেওঁৰ বাইআত গ্ৰহণ কৰিছিলোঁ।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"জান্নাতীসকলে যেতিয়া জান্নাতত প্ৰৱেশ কৰিব, তেতিয়া বৰকতময় মহান আল্লাহে ক'বঃ তোমালোকে বিচৰানে মই তোমালোকক আৰু কিবা দান কৰোঁ? তেতিয়া তেওঁলোকে ক'বঃ (হে আমাৰ প্ৰতিপালক) তুমি আমাৰ মুখমণ্ডলবোৰ আলোকজ্জ্বল কৰি দিয়া নাইনে? তুমি আমাক জান্নাতত প্ৰৱেশ কৰোৱা নাইনে? তুমি আমাক জাহান্নামৰ পৰা ৰক্ষা কৰা নাইনে? (ইয়াৰ পিছতো আৰু কি লাগে?)। তেতিয়া মহান আল্লাহে পৰ্দা উন্মুক্ত কৰিব। তেতিয়া তেওঁলোকৰ এনেকুৱা লাগিব যে, সৰ্বশক্তিমান আল্লাহৰ দৰ্শনতকৈ উত্তম কোনো বস্তুৱে তেওঁলোকক দিয়া হোৱা নাই।"
ছহীহ (মুছলিম)
"ফিতনা মানুহৰ অন্তৰত ঢাৰি বোৱাৰ দৰে বৈ আহিব, যিদৰে ঢাৰি বনাওঁতে বাঁহৰ কাঠীবোৰ এটাৰ পিছত এটাকৈ লগোৱা হয়। যিটো অন্তৰত সেই ফিতনা গাঁথি পৰে তাত এটা ক'লা দাগ বহি পৰে। আনহাতে যি অন্তৰে সেইটো প্ৰত্যাখ্যান কৰে, তাত এটা উজ্জ্বল দাগ বহে। এইদৰে দুয়োটা অন্তৰ দুই ধৰণৰ হৈ পৰে। এটা হৈ যায় বগা শিলৰ দৰে, আকাশমণ্ডল আৰু পৃথিৱী যিমান দিন অৱশিষ্ট থাকিব, ফিতনাই সেই অন্তৰক কোনো ক্ষতি কৰিব নোৱাৰিব। আনটো হৈ পৰে বগা মিশ্ৰিত ক'লা কলহৰ দৰে। তাৰ প্ৰবৃত্তিৰ মাজত যিটো সোমাই পৰিছে তাৰ বাহিৰে সি ভাল-বেয়া একো বুজি নাপায়।" হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই তেওঁক আৰু ক'লোঁ যে, আপোনাৰ আৰু সেই ফিতনাৰ মাজত আছে এটা বন্ধ দুৱাৰ। অচিৰেই সেইটো ভাঙি পেলোৱা হ'ব। ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ সৰ্বনাশ! সেইটো ভাঙি পেলোৱা হ'ব নেকি? যদি সেইটো ভাঙি নেপেলাই খোলা হ'লহেঁতেন তেন্তে হয়তো বন্ধ কৰা গ'লহেঁতেন। মই ক'লোঁঃ নহয়, সেইটো ভাঙি পেলোৱা হ'ব। হুজাইফাই কৈছেঃ মই তেওঁক এই কথাও কৈছোঁ যে, সেই দুৱাৰখন হৈছে এজন মানুহ। যাক হত্যা কৰা হ'ব, নাইবা তেওঁ স্বাভাৱিক মৃত্যুবৰণ কৰিব। এইটো কোনো কল্প-কাহিনী নহয়, বৰং এইটো হৈছে ৰাছুলৰ হাদীছ। বৰ্ণনাকাৰী আবু খালিদে কৈছেঃ মই ছাআদক সুধিলোঁঃ হে আবু মালিক! أَسْوَدُ مُرْبَادٌّ ৰ অৰ্থ কি? তেওঁ ক'লেঃ বগা মিশ্ৰিত ক'লা। মই আৰু সুধিলোঁঃ الْكُوزُ مُجَخِّيًا ৰ অৰ্থ কি? তেওঁ ক'লেঃ ওলটি থকা কলহ।
ছহীহ (মুছলিম)
"জান্নাতত এটা বজাৰ আছে, য'ত তেওঁলোকে প্ৰত্যেক জুমুআৰ দিনা আগমন কৰিব, সেই সময়ছোৱাত উত্তৰ ফালৰ পৰা এজাক বতাহ বলিব, যি বতাহ তেওঁলোকৰ মুখমণ্ডল আৰু কাপোৰ চুই যাব, ইয়াৰ ফলত তেওঁলোকৰ সৌন্দৰ্য্য আৰু অধিক বৃদ্ধি পাব। তেওঁলোকে যেতিয়া নিজৰ পৰিয়ালৰ ওচৰলৈ উভতি আহিব, তেতিয়া তেওঁলোকে এই অৱস্থাত উভতি আহিব যে, তেওঁলোকৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। সেই দেখি তেওঁলোকৰ পৰিয়ালবৰ্গই ক'বঃ আল্লাহৰ শপত! আপুনি আমাৰ ইয়াৰ পৰা যোৱাৰ পিছত আপোনাৰ সৌন্দৰ্য্য অধিক বৃদ্ধি পাইছে। তেতিয়া তেওঁলোকে ক'বঃ আল্লাহৰ শপত! মই যোৱাৰ পিছত তোমালোকৰো সৌন্দৰ্য্য অধিক বৃদ্ধি হৈছে।"
ছহীহ (মুছলিম)
মই ক'লোঁ, হে আল্লাহৰ ৰাছুল! মোক ইছলামৰ এনেকুৱা এটা কথা শিকাই দিয়ক যিটো কথা মই যাতে আন কাকো সুধিবলগীয়া নহয়। তেখেতে ক'লেঃ "কোৱাঃ মই আল্লাহৰ ওপৰত ঈমান আনিলোঁ, তাৰ পিছত ইয়াৰ ওপৰতে প্ৰতিষ্ঠিত থাকিবা।"
ছহীহ (মুছলিম, আহমদ)