Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
উচ্চাৰণঃ "আল্লাহুম্মা ইন্নি আউজুবিকা মিন ঝাৱালি নি'মাতিক, অতাহাওউলি আ-ফিয়াতিক, অফুজাআতি নিকমাতিক, অজামাআ ছাখাতিক।" অৰ্থঃ হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ অপসৰণৰ পৰা, নিৰাপত্তাৰ পৰিবৰ্তনৰ পৰা, আকস্মিক কৰায়ত্বৰ পৰা আৰু যাৱতীয় অসন্তুষ্টিৰ পৰা আশ্ৰয় প্ৰাৰ্থনা কৰোঁ।
ছহীহ (মুছলিম)
“সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে।"
ছহীহ [মুহাদ্দিছসকলৰ মাজৰ দুজন ইমাম আবু আব্দুল্লাহ মুহাম্মদ ইবনে ইছমাঈল ইবনে ইব্ৰাহীম ইবনে মুগীৰা ইবনে বাৰদিযবাহ আল-বুখাৰী আৰু আবুল হাছান মুছলিম ইবনে হাজ্জাজ ইবনে মুছলিম আল-কুশ্বায়ৰী আন-নিছাপুৰীয়ে নিজ নিজ ছহীহ গ্ৰন্থত উল্লিখিত হাদীছটো বৰ্ণনা কৰিছে। এই দুয়োখন গ্ৰন্থ (বুখাৰী আৰু মুছলিম) আটাইতকৈ ছহীহ বুলি বিবেচিত।]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছি বেছি এই দুআ পাঠ কৰিছিলঃ "ৰাব্বানা আ-তিনা ফিদ্দুনিয়া হাছানাহ, অফিল আ-খিৰাতি হাছানাহ, অক্বিনা আজাবান না-ৰ।" অৰ্থঃ ‘হে আমাৰ প্ৰতিপালক! আমাক পৃথিৱীত কল্যাণ প্ৰদান কৰা আৰু আখিৰাততো কল্যাণ দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে আল্লাহক স্মৰণ কৰে আৰু যিয়ে নকৰে তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।" মুছলিমৰ এটা বৰ্ণনাত আছে যে, "যিটো ঘৰত আল্লাহক স্মৰণ কৰা হয় আৰু যিটো ঘৰত আল্লাহক স্মৰণ কৰা নহয়, তাৰ উদাহৰণ হৈছে জীৱিত আৰু মৃতৰ দৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ প্ৰত্যেকৰে যেন আল্লাহৰ প্ৰতি ভাল ধাৰণা থকা অৱস্থাত মৃত্যু হয়।"
ছহীহ (মুছলিম)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক (নাৰীৰ প্ৰতি) হঠাতে হোৱা দৃষ্টিপাত সম্পৰ্কে সুধিলোঁ, তেখেত মোক নিৰ্দেশ দিলে যে, লগে লগে দৃষ্টি ওভোতাই ল'বা।
ছহীহ (মুছলিম)
"নিশ্চয় পৃথিৱী হৈছে সুমধুৰ সেউজ-শ্যামল। এই কথাও নিশ্চিত যে, আল্লাহে তোমালোককে ইয়াৰ উত্তৰাধিকাৰী বনাইছে, যাতে তেওঁ তোমালোকক চাব পাৰে যে, তোমালোকে কেনেকুৱা আমল কৰা। গতিকে পাৰ্থিৱ বিষয় সম্পৰ্কে সতৰ্ক থাকিবা আৰু নাৰীৰ পৰাও সতৰ্ক থাকিবা। কিয়নো বনী ইছৰাঈলৰ প্ৰথম ফিতনা আছিল নাৰীৰ ফিতনা।"
ছহীহ (মুছলিম)
"আদম সন্তানৰ অন্তৰসমূহ দয়াময় আল্লাহৰ আঙুলিসমূহৰ মাজৰ দুটা আঙুলিৰ মাজত এটা অন্তৰৰ দৰে অৱস্থিত। তেওঁ যিদৰে ইচ্ছা সেইদৰেই সেইবোৰক ওলট-পালট কৰি থাকে।" এই হাদীছটো বৰ্ণনা কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এই দুআটো পাঠ কৰিছিলঃ "আল্লাহুম্মা মুচাৰ্ৰিফাল ক্বুলূব, চাৰ্ৰিফ ক্বুলুবানা আলা ত্বআতিক।"
ছহীহ (মুছলিম)