Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 110 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণনাকাৰী

সকলো বৰ্ণনাকাৰী দেখুৱাওক (48)
“পৱিত্রতা হৈছে ঈমানৰ অৰ্দ্ধেক। “الحمد لله” আলহাম্দুলিল্লাহে মিজানক পৰিপূৰ্ণ কৰিব আৰু “سبحان الله والحمد لله” ছুবহা-নাল্লাহ অলহাম্দুলিল্লাহ শব্দটো অথবা শব্দদ্বয়ে- আকাশ আৰু পৃথিৱীৰ মধ্যৱৰ্তী স্থানক পৰিপূৰ্ণ কৰিব। চালাত হৈছে নূৰ, আৰু চাদাকাহ হৈছে দলীল। ধৈৰ্য্য হৈছে জ্যোতি বা পোহৰ, আৰু "কোৰআন' তোমাৰ পক্ষে অথবা বিপক্ষে প্ৰমাণ হিচাপে থিয় দিব। প্ৰতিজন মানুহেই প্ৰভাত কৰে, ফলত সি হয়তো নিজকে বিক্ৰী কৰি (জাহান্নামৰ পৰা) মুক্তি লাভ কৰে নাইবা ধ্বংসৰ পথত খোজ দি নিজকে ধ্বংস কৰে।”
ছহীহ (মুছলিম)
যি ব্যক্তিয়ে শ্বিৰ্ক নকৰাকৈ আল্লাহক সাক্ষাৎ কৰিব তেওঁ জান্নাতত প্ৰৱেশ কৰিব, আনহাতে যি ব্যক্তিয়ে মুশ্বৰিক অৱস্থাত আল্লাহৰ সৈতে সাক্ষাৎ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব।
ছহীহ (মুছলিম)
"যেতিয়া কোনো মুছলিমক কোনো বিপদে স্পৰ্শ কৰে, তেতিয়া তেওঁ যদি, আল্লাহে যি হুকুম কৰিছে সেইটোৱে হৈছে বুলি কৈ ইন্না লিল্লাহি ওৱা ইন্না ইলাইহি ৰাজিঊন। (ছুৰা আল-বাক্বাৰাহঃ ১৫৬) (অৰ্থাৎ আমি আল্লাহৰ বাবেই আৰু আল্লাহৰ ওচৰতেই আমাৰ প্ৰত্যাৱৰ্তন।) পাঠ কৰে আৰু এই দুআটো পঢ়েঃ আল্লা-হুম্মা জুৰনী ফী মুচীবাতি ওৱা আখলিফ লী খয়ৰাম মিনহা। (অৰ্থাৎ হে আল্লাহ, মোক মোৰ এই বিপদৰ বিনিময়ত ছোৱাব দান কৰা, লগতে ইয়াৰ বিনিময়ত ইয়াতকৈ উত্তম বস্তু দান কৰা।) তেতিয়া মহান আল্লাহে তাক ইয়াতকৈও উত্তম বস্তু দান কৰে।" উম্মু ছালামাই কৈছেঃ আবু ছালামাৰ মৃত্যুৰ পিছত মই মনে মনে ভাবিলোঁ, আবু ছালামাতকৈ উত্তম আৰুনো কাক পাম? তেৱেঁই প্ৰথম ব্যক্তি যিয়ে সপৰিয়ালে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ হিজৰত কৰিছিল। ইয়াৰ পিছতো মই দুআটো নিয়মিত পাঠ কৰিলোঁ, ফলত আল্লাহে মোক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দৰে স্বামী দান কৰিলে।
ছহীহ (মুছলিম)
“আল্লাহৰ ওচৰত আটাইতকৈ প্রিয় বাক্য হৈছে চাৰিটা: سُبْحَانَ اللَّهِ (আল্লাহ মহা পৱিত্র), وَالْحَمْدُ لِلَّهِ (যাৱতীয় প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে) وَلاَ إِلَهَ إِلاَّ اللَّهُ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই) আৰু اللَّهُ أَكْبَرُ (আল্লাহ সৰ্বশ্রেষ্ঠ)। এই চাৰিটা বাক্যৰ যিকোনো এটা বাক্যৰে আৰম্ভ কৰাত কোনো অসুবিধা নাই।”
ছহীহ (মুছলিম)
"হে মানৱজাতি! আল্লাহৰ ওচৰত তাওবা কৰা, মই দিনে এশবাৰকৈ তেওঁৰ ওচৰত তাওবা কৰোঁ।"
ছহীহ (মুছলিম)
"আল্লাহুম্মা লাকা আছলামতু, অবিকা আ-মানতু, ওৱা আলাইকা তাৱাক্কালতু, অ ইলাইকা আনাবতু, অবিকা খা-চামতু, আল্লাহুম্মা ইন্নি আউজু বিইঝ্ঝাতিক, লা ইলা-হা ইল্লা আনতা আন তুজিল্লানী, আনতাল হাইয়্যুল লাজী লা য়ামূত, অলজিন্নু অল ইনছু য়ামূতূন।"
ছহীহ মুত্তাফাক আলাইহ, আৰু এই শব্দবোৰ মুছলিমৰ আৰু বুখাৰীয়ে ইয়াক সংক্ষিপ্তভাৱে বৰ্ণনা কৰিছে।
তোমালোকৰ মাজৰ আটাইতকৈ নিম্ন পৰ্যায়ৰ জান্নাতীৰ মৰ্যাদা এনেকুৱা হ'ব যে, আল্লাহে তাক ক'বঃ তোমাৰ কি কি বিচাৰিবলগীয়া আছে বিচৰা, তেতিয়া তেওঁ বিভিন্ন ধৰণৰ আশা-আকাংক্ষা ব্যক্ত কৰিব। তেতিয়া আল্লাহে তাক ক'বঃ তোমাৰ সকলো বিচৰা হ'লনে? তেতিয়া তেওঁ ক'বঃ হয়। তেতিয়া আল্লাহে তাক ক'বঃ তুমি যি যি বিচাৰিছা সেই সকলো তুমি পাবা, লগতে ইয়াৰ অনুৰূপ অতিৰিক্ত প্ৰদান কৰা হ'ব।"
ছহীহ (মুছলিম)
মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক নেকী আৰু গুনাহ সম্পৰ্কে সুধিলোঁ, তেখেতে ক'লেঃ "উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ (মুছলিম)