عربي - Arabic English Qafár af - Afar Afrikaans - Afrikanns Akan Shqip - Albanian አማርኛ - Amharic Հայերեն - Armenian অসমীয়া - Assamese Azərbaycanca - Azerbaijani Bamanankan - Bambara Bassa Bemba বাংলা - Bengali Bosanski - Bosnian Български - Bulgarian မြန်မာဘာသာ - Burmese Bisaya - Cebuano Cham Нохчий - Chechen chiCheŵa - Chewa 中文 - Chinese Адыгэбзэ - Circassian Hrvatski - Croatian Česky - Czech Dagbani Dansk - Danish فارسی دری - Dari Dendi ދިވެހި ބަސް - Dhivehi Nederlands - Dutch إستوني - Estonian Suomi - Finnish Fon Français - French Fulfulde - Fula ქართული - Georgian Deutsch - German Ελληνικά - Greek ગુજરાતી - Gujrati Kreyòl ayisyen - Haitian Creole Hausa हिन्दी - Hindi Magyar - Hungarian Igbo Indonesia - Indonesian Italiano - Italian 日本語 - Japanese Jóola - Jola ಕನ್ನಡ - Kannada Қазақша - Kazakh ភាសាខ្មែរ - Khmer Kikuyu Ikinyarwanda - Kinyarwanda Ikirundi - Kirundi 한국어 - Korean كوردی سۆرانی - kurdish كوردي kurmancî - Kurmanji Kyrgyz ລາວ - Lao latviešu - Latvian Lingala lietuvių - Lithuanian Luganda Македонски - Macedonian Maguindanaon Malagasy - Malagasy Bahasa Melayu - Malay മലയാളം - Malayalam Mandinka मराठी - Marathi Mõõré - Moore नेपाली - Nepali أنكو - NKo Norwegian ଓଡ଼ିଆ - Odia oromoo - Oromo پښتو - Pashto فارسی - Persian Polski - Polish Portuguese ਪੰਜਾਬੀ - Punjabi Română - Romanian Русский - Russian Српски - Serbian Shona සිංහල - Sinhala Slovenščina - Slovenian Soomaaliga - Somali Soninke Sesotho - Sotho Español - Spanish Kiswahili - Swahili Svenska - Swedish Tagalog Тоҷикӣ - Tajik தமிழ் - Tamil తెలుగు - Telugu ไทย - Thai ትግረኛ - Tigrinya Türkçe - Turkish Türkmen - Turkmen Ukrainian اردو - Urdu ئۇيغۇرچە - Uyghur Ўзбек - Uzbek Việt Nam - Vietnamese Wolof Yao Yorùbá - Yoruba Zarma زولو - Zulu
836 হাদীছ
নবী হাদীছৰ বিশ্বকোষ
التصنيف الشرعي
التصنيف الشرعي (13)
হাদীছৰ স্তৰ
বৰ্ণিত গ্ৰন্থ
বৰ্ণনাকাৰী
সকলো বৰ্ণনাকাৰী দেখুৱাওক (16)
"কোৰআনৰ হাফিজৰ উদাহৰণ হৈছে ৰছীৰে বান্ধি থোৱা উটৰ মালিকৰ দৰে। যদি তেওঁ ভালকৈ ইয়াৰ চোৱাচিতা কৰে, তেন্তে তেওঁ ইয়াক সুৰক্ষিত ৰাখিবলৈ সক্ষম হ'ব। আনহাতে যদি ইয়াক এৰি দিয়ে তেন্তে পলাই গুচি যাব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيآداب تلاوة القرآن الكريم
"যদি কোনোবাই তাৰ ভাতৃক হে কাফিৰ বুলি সম্বোধন কৰে, তেন্তে উভয়ৰ মাজৰ যিকোনো এজনৰ ওপৰলৈ সেইটো উভতি আহিব। যাক কোৱা হৈছে, সি যদি সঁচাই কাফিৰ হয় তেন্তে কোনো কথা নাই। অন্যথা যিয়ে সম্বোধন কৰিছে, তাৰ ওপৰতে সেইটো উভতি আহিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيآداب الكلام والصمت، الإسلام
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক সাতটা বস্তুৰ নিৰ্দেশ দিছে আৰু সাতটা বস্তুৰ পৰা নিষেধ কৰিছে। তেখেতে আমাক নিৰ্দেশ দিছে যে, বেমাৰীৰ চোৱাচিতা কৰিবা, জানাযাৰ অনুসৰণ কৰিবা, হাঁচি কৰা ব্যক্তিৰ দুআৰ উত্তৰত য়াৰাহামুকাল্লাহ বুলি ক'বা, শপত বা শপত কৰা ব্যক্তিৰ শপত পূৰণ কৰিবা, নিৰ্যাতিত ব্যক্তিক সহায় কৰিবা, নিমন্ত্ৰণকাৰীৰ নিমন্ত্ৰণ গ্ৰহণ কৰিবা আৰু ছালাম প্ৰচাৰ কৰিবা। এইদৰে তেখেতে আমাক নিষেধ কৰিছে সোণৰ আঙুঠিৰ পৰা অথবা সোণৰ আঙুঠি পৰিধান কৰাৰ পৰা। ৰূপৰ পাত্ৰত পানীয় আদি খোৱাৰ পৰা, গাদীত ৰেচম কাপোৰ ব্যৱহাৰ কৰাৰ পৰা, কিচ্ছি নামক ৰেচমৰ পৰা, এইদৰে মিহি আৰু মোটা উভয় প্ৰকাৰ ৰেচম কাপোৰ পৰিধানৰ পৰা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيالآداب الشرعية، حمل الميت ودفنه
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া কোনো বেমাৰী ব্যক্তিৰ ওচৰলৈ আহিছিল, তেতিয়া তেখেতে তাৰ বাবে এই দুআ কৰিছিলঃ "আজহাবিল বা'ছ, ৰাব্বান্না-ছ, অশ্বফি আনতাশ্ব শ্বা-ফী, লা শ্বিফা-আ ইল্লা শ্বিফা-উক, শ্বিফা-আন লা ইগাদিৰু ছাক্বামা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيالرقية الشرعية وأحكامها، آداب عيادة المريض
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيالمجتمع المسلم، آداب السلام والاستئذان، آداب العطاس والتثاؤب، آداب عيادة المريض، حمل الميت ودفنهموضوعات الحديثأداء حق الميت، عيادة المريض، السلام، تشميت العاطس، النصيحةمحاور التعريف بالإسلاممحاسن الأخلاق
"সংক্ৰামক কোনো বেমাৰ নাই, কোনো বস্তুক অশুভ বুলি ভবাও ঠিক নহয়। ফা'ল হৈছে মোৰ প্ৰিয়।" বৰ্ণনাকাৰীয়ে কৈছে, প্ৰশ্ন কৰা হ'লঃ ফা'ল কি? তেখেতে ক'লেঃ "উত্তম অৰ্থবোধক কথা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيآداب الكلام والصمت، توحيد الألوهية، الشركموضوعات الحديثحفظ اللسان، أهمية التوحيد، الشرك بالله وأقسامهمحاور التعريف بالإسلامبطلان الشرك وصوره، محاسن الأخلاق
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আমাৰ মাজলৈ আহি উপস্থিত হ'ল, তেতিয়া আমি ক'লোঁ, হে আল্লাহৰ ৰাছুল! আপোনাক কেনেকৈ ছালাম দিব লাগে সেয়া আমি জানো, কিন্তু আপোনাৰ প্ৰতি দৰূদ কেনেকৈ পাঠ কৰিম? তেতিয়া তেখেতে ক'লেঃ এইদৰে কোৱাঃ اللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا صَلَّيْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ، اللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَعَلَى آلِ مُحَمَّدٍ، كَمَا بَارَكْتَ عَلَى آلِ إِبْرَاهِيمَ، إِنَّكَ حَمِيدٌ مَجِيدٌ
"আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعيآداب العالم والمتعلم، الأدعية المأثورة، أذكار الصلاةموضوعات الحديثحقوق النبي ﷺ، صفة الصلاة
"তোমালোকে মিহি অথবা মোটা ৰেচমী কাপোৰ পৰিধান নকৰিবা। এইদৰে সোণেৰে নিৰ্মিত বা ৰূপেৰে নিৰ্মিত পাত্ৰত পানী নাখাবা, আৰু এইবোৰেৰে নিৰ্মিত থালত আহাৰো নকৰিবা। কাৰণ পৃথিৱীত এইবোৰ হৈছে সিহঁতৰ বাবে, আৰু আখিৰাতত হৈছে আমাৰ বাবে"।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
التصنيف الشرعياللباس والزينة، آداب الأكل والشرب، آداب اللباس، الآنيةموضوعات الحديثلُبْس الحرير والذهب للرجال، الأكل والشرب في آنية الذهب والفضة