Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 72 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"যিয়ে পৃথিৱীত কোনো ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখে, কিয়ামতৰ দিনা আল্লাহে সেই ব্যক্তিৰ দোষ-ত্ৰুটি গোপন ৰাখিব।"
ছহীহ (মুছলিম)
"তোমালোকে অন্যায়-অত্যাচাৰৰ পৰা বিৰত থাকা, কাৰণ কিয়ামতৰ দিনা অন্য়ায়-অত্যাচাৰ গভীৰ অন্ধকাৰৰূপে আগমন কৰিব। লগতে তোমালোকে কৃপণতা পৰিত্যাগ কৰা, কাৰণ কৃপণতাই তোমালোকৰ পূৰ্বৱৰ্তীসকলক ধ্বংস কৰিছে। সিহঁতক ইজনে সিজনৰ তেজ প্ৰবাহিত কৰিবলৈ আৰু হাৰামক হালাল বুলি গণ্য কৰিবলৈ উৎসাহিত কৰিছিল।"
ছহীহ (মুছলিম)
“মই তোমালোকক আটাইতকৈ ডাঙৰ (কবীৰাহ) গুনাহ সম্পৰ্কে সংবাদ নিদিমনে?” এই কথা তেখেতে তিনিবাৰ ক'লে। চাহাবাসকলে ক'লেঃ নিশ্চয় দিয়ক, হে আল্লাহৰ ৰাছুল। তেখেতে ক'লেঃ সেয়া হৈছে, “আল্লাহৰ সৈতে শ্বিৰ্ক কৰা আৰু পিতৃ-মাতৃৰ অবাধ্য হোৱা", তেখেত আউজি বহি আছিল, ইয়াৰ পিছত পোন হৈ বহি ক'লে, "সাৱধান! মিছা কথা কোৱা আৰু মিছা সাক্ষ্য দিয়াও কবীৰাহ গুনাহ।” তেখেতে এই কথাষাৰ বাৰে বাৰে কৈ আছিল। অৱশেষত আমি মনে মনে ক'বলৈ বাধ্য হ'লোঁ যে, তেখেত যদি চুপ হ'লহেঁতেন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
(প্রাচীনকালত) এজন ব্যক্তিয়ে মানুহক ঋণ প্ৰদান কৰিছিল আৰু তাৰ কৰ্মচাৰীক আদেশ দিছিলি যে, ‘যেতিয়া তুমি ঋণ পৰিশোধ কৰিবলৈ অসমর্থ কোনো ঋণগ্রহীতাৰ ওচৰলৈ যাবা, তেতিয়া তাক ক্ষমা কৰি দিবা। হয়তো (ইয়াৰ প্ৰতিদানত) আল্লাহে আমাক ক্ষমা কৰি দিব। এতেকে তেওঁ যেতিয়া মৃত্যুবৰণ কৰি আল্লাহক সাক্ষাৎ কৰিলে, তেতিয়া আল্লাহে তেওঁক ক্ষমা কৰি দিলে।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোনো পুৰুষে আন কোনো পুৰুষৰ লজ্জাস্থান দেখা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ লজ্জাস্থান দেখা উচিত নহয়। কোনো পুৰুষে আন কোনো পুৰুষৰ লগত একে কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়। এইদৰে কোনো নাৰীয়েও আন কোনো নাৰীৰ সৈতে এখন কাপোৰ মেৰিয়াই পিন্ধা উচিত নহয়।"
ছহীহ (মুছলিম)
"তোমালোকে জানানে অভাৱী কোন?" চাহাবাসকলে ক'লেঃ আমাৰ দৃষ্টিত অভাৱী হৈছে সেই ব্যক্তি, যাৰ ওচৰত কোনো টকা পইচা নাই আৰু কোনো বয়-বস্তুও নাই। তেখেতে ক'লেঃ প্ৰকৃত অভাৱী হৈছে সেই ব্যক্তি যাক কিয়ামতৰ দিনা নামাজ, ৰোজা, জাকাত আদিৰ সৈতে উপস্থিত কৰা হ'ব, কিন্তু সি (পৃথিৱীত) কাৰোবাক গালি পাৰিছিল, কাৰোবাৰ প্ৰতি মিছা অপবাদ দিছিল, কাৰোবাৰ সম্পদ আত্মসাৎ কৰিছিল, অন্যায়ভাৱে কাৰোবাক হত্যা কৰিছিল, কাৰোবাক আক্ৰমণ কৰিছিল, ফলত তাৰ নেকীবোৰ লৈ সিহঁতৰ মাজত বিতৰণ কৰি দিয়া হ'ব, যেতিয়া তাৰ সকলো নেকী শেষ হৈ যাব, তথাপিও তাৰ অপৰাধৰ সংখ্যা শেষ নহ'ব, তেতিয়া সিহঁতৰ গুনাহসমূহ তাৰ ওপৰত জাপি দিয়া হ'ব। ইয়াৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা হ'ব।
ছহীহ (মুছলিম)
নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
ছহীহ (মুছলিম)
"ক্ষুধাৰ্তক আহাৰ কৰোৱাবা, বেমাৰীৰ শুশ্ৰূষা কৰিবা আৰু বন্দীক মুক্ত কৰাবা।"
ছহীহ (বুখাৰী)