Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 68 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক
"মহান আল্লাহে মোলৈ অহী কৰিছে যে, তোমালোকে পৰস্পৰে বিনয়ী হোৱা, কোনেও কাৰো প্ৰতি অহংকাৰ নকৰিবা, লগতে কোনেও কাৰো প্ৰতি সীমালংঘন নকৰিবা।"
ছহীহ (মুছলিম)
দয়াশীলসকলৰ ওপৰত কৰুণাময় আল্লাহে দয়া কৰে। তোমালোকে পৃথিৱীবাসীসকলৰ ওপৰত দয়া কৰা, তেতিয়াহে সেই সত্ত্বাই তোমালোকৰ ওপৰত দয়া কৰিব যিজন আকাশত আছে।
ছহীহ (আবু দাঊদ, তিৰমিজী, আৰু আহমদ)
আল্লাহে সেই ব্যক্তিৰ প্ৰতি ৰহমত বর্ষণ কৰক, যিয়ে নম্ৰতাৰ সৈতে ক্রয়-বিক্রয় কৰে আৰু ঋণ ঘূৰাই লোৱাৰ ক্ষেত্ৰত অৱকাশ দিয়ে।
ছহীহ (বুখাৰী)
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল কাইছ (গোত্ৰ)ৰ আহত ব্যক্তিক ক'লেঃ "তোমাৰ মাজত এনেকুৱা দুটা গুণ আছে, যিটো আল্লাহে ভালপায়, সেয়া হৈছেঃ সহনশীলতা আৰু স্থিৰতা।"
ছহীহ (মুছলিম)
এজন ব্যক্তি নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে, মোৰ বাহন ধ্বংস হৈ গৈছে, আপুনি মোক এটি বাহন প্রদান কৰক। তেখেতে ক'লে: “মোৰ ওচৰত তেনেকুৱা একো নাই।” তেতিয়া আন এজন ব্যক্তিয়ে ক'লে, হে আল্লাহৰ ৰাছুল! মই এওঁক এনেকুৱা এজন ব্যক্তিৰ সন্ধান দিব পাৰোঁ যিয়ে এওঁক বাহন যোগান ধৰিব পাৰিব। এই কথা শুনি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ক'লে: “যিয়ে কল্যাণৰ কামত কাৰোবাক পথ দেখুৱায়, তেওঁ সিমানেই ছোৱাব লাভ কৰিব, যিমানখিনি ছোৱাব আমলকাৰীয়ে পাব।”
ছহীহ (মুছলিম)
আল্লাহৰ ওচৰত আটাইতকৈ ঘৃণনীয় ব্যক্তি হৈছে সেইজন, যিজন কলহপ্ৰিয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"নিশ্চয় অত্যাধিক অভিশাপকাৰীসকলে কিয়ামতৰ দিনা সাক্ষীও হ'ব নোৱাৰিব আৰু ছুপাৰিছকাৰীও হ'ব নোৱাৰিব।"
ছহীহ (মুছলিম)
"মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়।"
ছহীহ (তিৰমিজী)