Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 48 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"উত্তম চৰিত্ৰই হৈছে নেকী, আৰু গুনাহ সেইটোক কোৱা হয় যিটোৱে তোমাৰ মনক সংশয়ৰ মাজত পেলায়, আৰু তুমি অপছন্দ কৰা যে, মানুহে সেয়া গম পাওক।"
ছহীহ প্ৰথম হাদীছ: মুছলিমে বৰ্ণনা কৰিছে, আৰু দ্বিতীয় হাদীছ: আহমদ আৰু দাৰিমীয়ে বৰ্ণনা কৰিছে।
"তোমালোকে সত্যক অনিবাৰ্যৰূপে অৱলম্বন কৰা, কাৰণ সত্যই নেকীৰ পথ দেখুৱায়, আৰু নেকীয়ে জান্নাতৰ পথত পৰিচালিত কৰে। মানুহে যেতিয়া সদায় সত্য কথা কয় আৰু সত্যৰ সন্ধানত থাকে, তেতিয়া আল্লাহৰ ওচৰত তাক সত্যবাদী বুলি লিপিবদ্ধ কৰা হয়। এইদৰে তোমালোকে মিছা কথাৰ পৰা বিৰত থাকা, কাৰণ মিছা কথাই মানুহক পাপকৰ্মৰ পথ দেখুৱায়, আৰু পাপকৰ্মই মানুহক জাহান্নামত লৈ যায়। মানুহে যেতিয়া সদায় মিছা কথা কয় আৰু মিছাৰ সন্ধানত থাকে, অৱশেষত আল্লাহৰ ওচৰত তাক মিছলীয়া বুলি লিপিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
“প্রকৃত বীৰ সেইজন নহয়, যিয়ে কাৰোবাক কুস্তিত পৰাজিত কৰে; বৰং প্ৰকৃত বীৰ হৈছে সেইজন, যিয়ে ক্রোধৰ সময়ত নিজকে নিয়ন্ত্রণ কৰিবলৈ সক্ষম “
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
এবাৰ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম দুখন কবৰৰ ওচৰেৰে গৈ আছিল, তেনেতে তেখেতে ক'লেঃ "এই দুয়োখন কবৰৰ অধিবাসীৰ শাস্তি হৈ আছে। সেইটোও কোনো ডাঙৰ গুনাহৰ কাৰণে নহয়। এজনে প্ৰস্ৰাৱৰ ছিটাৰ পৰা নিজকে পৱিত্ৰ ৰখা নাছিল আৰু আনজনে খলুৱাগিৰি (চুগলখুৰী) কৰি ফুৰিছিল।" ইয়াৰ পিছত তেখেতে এডাল সতেজ (খেজুৰৰ) ডাল হাতত লৈ সেইটোক দুভাগ কৰিলে আৰু দুয়ো কবৰত এডালকৈ এডালকৈ পুতি দিলে। (উপস্থিত চাহাবাসকলে) সুধিলেঃ হে আল্লাহৰ ৰাছুল! আপুনি এইটো কিয় কৰিলে? তেখেতে ক'লেঃ "সম্ভৱতঃ এই ঠাৰিডাল শুকাই নোযোৱালৈকে সিহঁতৰ শাস্তি লাঘৱ কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আৰব ভূখণ্ডত মুচল্লিসকলে চয়তানৰ ইবাদত কৰাৰ বিষয়ত চয়তান হতাশ হৈ পৰিছে। কিন্তু সিহঁতক উচটনি দিয়াৰ ক্ষেত্ৰত নিৰাশ হোৱা নাই।"
ছহীহ (মুছলিম)
"যিয়ে নম্ৰতাৰ পৰা বঞ্চিত হয়, সি দৰাচলতে কল্যাণৰ পৰা বঞ্চিত হয়।"
ছহীহ (মুছলিম)
"কিয়ামতৰ দিনা যেতিয়া আল্লাহে পূৰ্বৱৰ্তী আৰু পৰৱৰ্তী সকলো লোককে একত্ৰিত কৰিব, তেতিয়া প্ৰত্যেক বিশ্বাসঘাতক প্ৰতাৰকৰ বাবে পতাকা উত্তোলন কৰা হ'ব। লগতে কোৱা হ'বঃ এইটো হৈছে অমুকৰ পুত্ৰ অমুকৰ প্ৰতাৰণাৰ প্ৰতীক।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নিশ্চয় নম্ৰ ব্যৱহাৰে যিকোনো বিষয়কে সৌন্দৰ্যময় কৰি তোলে, আৰু যিটো বিষয়ত কোমলতা বা নম্ৰতা নাথাকে সেইটো কলুষিত হৈ পৰে।
ছহীহ (মুছলিম)