Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 2 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে জুল হুলাইফাত আছিলোঁ। উপস্থিত লোকসকল ভোকাতুৰ অৱস্থাত আছিল। ইপিনে আমাৰ ওচৰত কিছুমান উট আৰু ছাগলী যুদ্ধ লব্ধ সম্পদ হিচাপে আছিল। তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লাম আছিল সেনা বাহিনীৰ একেবাৰে পিছফালে। মানুহে (ভোকৰ তাড়নাত) অলপ খৰখেদা কৰিলে, আৰু যুদ্ধত লাভ কৰা পশু ধৰি জবেহ কৰিলে আৰু পাত্ৰ চৌকাত উঠাই দিলে। পাছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশত সেই পাত্ৰবোৰ চৌকাৰ পৰা নমাই ওলটাই দিয়া হ'ল। ইয়াৰ পিছত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে যুদ্ধলব্ধ সম্পদ বণ্টন কৰা আৰম্ভ কৰিলে। দহটা ছাগলীক এটা উটৰ সমান ভাগ কৰিলে। হঠাৎ যুদ্ধ লব্ধ এটা উট পলায়ন কৰিলে। চাহাবাসকলে উটটোক ধৰিবলৈ বহুত চেষ্টা কৰিলে কিন্তু উটটোৱে তেওঁলোকক ক্লান্ত কৰি পেলালে। সেই সময়ত তেওঁলোকৰ ওচৰত খুবেই কম সংখ্যক ঘোঁৰা আছিল। অৱশেষত তেওঁলোকৰ মাজৰ কোনোবাই এটা কাঁড় নিক্ষেপ কৰিলে। ইয়াৰ ফলত আল্লাহে উটটোক ৰখাই দিলে। ইয়াৰ পিছত তেখেতে ক'লেঃ "এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজতো কেতিয়াবা বন্য প্ৰাণীৰ বৈশিষ্ট্য আহি যায়, সেয়ে যদি কেতিয়াবা এইবোৰে এনেকৈ দৌৰি পলায়ন কৰে তেন্তে তাৰ সৈতে এইদৰেই কৰিবা।" তেতিয়া ৰাফে ৰাদ্বিয়াল্লাহু আনহুৱে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামক ক'লেঃ আমি আশংকা কৰিছোঁ, কাইলৈ হয়তো শত্ৰুৰ সৈতে আমাৰ মোকাবিলা হ'ব। ইফালে আমাৰ ওচৰত কোনো ছুৰী নাই, সেয়ে আমি চোকা বাঁহৰ শলাৰে জবেহ কৰিব পাৰিমনে? তেতিয়া তেখেতে ক'লেঃ "যিটো বস্তুৰ দ্বাৰা তেজ প্ৰবাহিত কৰিব পৰা যায়, আৰু যিটোক জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হৈছে, সেইটোৰ মাংস ভক্ষণ কৰিব পাৰিবা। কিন্তু দাঁত বা নখ আদিৰ দ্বাৰা জবেহ কৰা উচিত নহয়। শুনা! এই বিষয়ে কথা এটা কওঁ। দাঁত হৈছে এটা হাড় আৰু নখ হৈছে হাবশ্বীসকলৰ ছুৰী।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে শিং থকা ক'লা-বগা দুটা দুম্বা(১) কুৰবানী কৰিছিল। নিজ হাতে দুয়োটা কুৰবানী কৰিছিল। বিছমিল্লাহি আল্লাহু আকবাৰ বুলি কৈ তেখেতে নিজৰ ভৰি সেই দুটাৰ ঘাৰৰ ওপৰত ৰাখিছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})