Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 3 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মান্নত কৰিবলৈ নিষেধ কৰিছে, আৰু কৈছেঃ "নযৰ তথা মান্নতে কেতিয়াও কল্যাণ কঢ়িয়াই নানে, ইয়াৰ দ্বাৰা কেৱল কৃপণ ব্যক্তিৰ পৰা ধনহে উলিয়াই লোৱা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"কোনোবাই যদি কোনো ব্যক্তিৰ অৰ্থ সম্পদ আত্মসাৎ কৰাৰ উদ্দেশ্যে মিছা শপত খায়, তেনেহ'লে সি আল্লাহক এনেকুৱা অৱস্থাত সাক্ষাৎ কৰিব যে, আল্লাহ তাৰ ওপৰত ক্ৰোধান্বিত হৈ থাকিব।" বৰ্ণনাকাৰীয়ে কৈছে যে, আশ্বআছে কৈছেঃ আল্লাহৰ শপত এই ঘটনাটো মোৰ ক্ষেত্ৰতে হৈছিল। মোৰ আৰু এজন ইয়াহুদীৰ মাজত যৌথ মালিকানাধীন এডোখৰ মাটি আছিল। সি মোৰ মালিকানা স্বত্ব অস্বীকাৰ কৰিলে। মই তাক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ লৈ আনিলোঁ। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মোক ক'লে: "তোমাৰ কোনো সাক্ষী আছেনে?" মই ক'লোঁঃ নাই। তেতিয়া তেখেতে ইয়াহূদীজনক ক'লেঃ "তেন্তে তুমি শপত খোৱা।" মই তেতিয়া ক'লোঁঃ হে আল্লাহৰ ৰাছুল! তেন্তে দেখোন সি শপত খাই মোৰ সম্পত্তি আত্মসাৎ কৰিব। তেতিয়া আল্লাহে এই আয়াত অৱতীৰ্ণ কৰিলেঃ {নিশ্চয় যিসকলে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি আৰু নিজৰ শপতক তুচ্ছ মুল্যৰ বিনিময়ত বিক্ৰী কৰে, আখিৰাতত সিহঁতৰ কোনো অংশ নাই; আৰু ক্বিয়ামতৰ দিনা আল্লাহে সিহঁতৰ লগত কথা নক’ব, সিহঁতৰ প্ৰতি দৃষ্টিও নিদিব আৰু সিহঁতক পৰিশুদ্ধও নকৰিব; আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।}
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
মই এবাৰ কিছুমান আশ্বআৰী লোকৰ সৈতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ এটা বাহন বিচাৰি আহিলোঁ। তেখেতে ক'লেঃ "আল্লাহৰ শপত! মই তোমালোকক বাহন দিব নোৱাৰিম। কাৰণ, তোমালোকক বাহন হিচাপে দিবলৈ মোৰ ওচৰত একো নাই।" ইয়াৰ পিছত আল্লাহৰ ইচ্ছা অনুসৰি আমি কিছু সময় তাত অপেক্ষা কৰিলোঁ। ঠিক সেই সময়তে তেখেতৰ ওচৰলৈ কেইটামান উট অনা হ'ল। তেতিয়া তেখেতে আমাক তিনিটা উট দিবলৈ নিৰ্দেশ দিলে। আমি যেতিয়া উভতি আহিলোঁ তেতিয়া আমাৰ মাজৰ কিছুমানে পৰস্পৰে আলোচনা কৰি আছিল যে, আল্লাহে হয়তো আমাক বৰকত দান নকৰিব। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাক বাহন দিব নোৱাৰিব বুলি শপত খাইছিল। ইয়াৰ পিছতো তেখেতে আমাক বাহন দিলে। আবূ মূছাই কৈছেঃ আমি আকৌ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ ঘূৰি আহিলোঁ আৰু এই বিষয়টো উল্লেখ কৰিলোঁ। তেতিয়া তেখেতে ক'লেঃ "মই তোমালোকক বাহন দিয়া নাই; বৰং আল্লাহে তোমালোকৰ বাবে বাহনৰ ব্যৱস্থা কৰিছে। আল্লাহৰ শপত! -ইন শ্বা আল্লাহ- মই যেতিয়া কোনো বিষয়ত শপত খাওঁ, কিন্তু যদি ইয়াৰ বিপৰীত বিষয়টোত মঙ্গল দেখা পাওঁ, তেতিয়া মই শপতৰ কাফফাৰা আদায় কৰি দিওঁ, লগতে যিটো কল্যাণকৰ সেইটোৱে বাস্তৱায়িত কৰোঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})