Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 27 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মোক মোৰ অন্তৰঙ্গ বন্ধুৱে (অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে) তিনিটা বিষয়ৰ উপদেশ দিছে। প্ৰত্যেক মাহত তিনিটা ৰোজা ৰাখিবলৈ, চাস্তৰ সময়ত দুই ৰাকাত নামাজ পঢ়িবলৈ, আৰু মই যেন টোপনি যোৱাৰ আগত ৱিতিৰ পঢ়ি শুবলৈ যাওঁ।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম এটা ছফৰত আছিল, হঠাৎ তেখেতে দেখা পালে যে, কিছুমান মানুহে এজন লোকক কেন্দ্ৰ কৰি ভিৰ কৰি আছে আৰু সেই মানুহজনে সিহঁতৰ ছাঁত বিশ্ৰাম লৈছে। তেখেতে গৈ সুধিলেঃ কি হৈছে এওঁৰ? লোকসকলে ক'লেঃ এওঁ ৰোজা অৱস্থাত আছে। তেতিয়া তেখেতে ক'লেঃ "ছফৰত চওম পালন কৰাটো কোনো ছোৱাবৰ কাম নহয়।" মুছলিমৰ বৰ্ণনাত আছে যে, "মহান আল্লাহে তোমালোকক যি শিথিলতা প্ৰদান কৰিছে, তোমালোকে সেয়া গ্ৰহণ কৰা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ৰমাজান মাহৰ শেষ দশক যেতিয়া আৰম্ভ হৈছিল তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজেও ৰাতি জাগৰণ কৰিছিল আৰু তেখেতৰ পৰিয়ালকো সজাগ ৰাখিছিল, তেখেতে কঠোৰ পৰিশ্ৰম কৰিছিল তথা কঁকালৰ কাপোৰ মজবুতকৈ বান্ধি লৈছিল।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে ছাহৰী খালোঁ, ইয়াৰ পিছত তেখেত নামাজৰ বাবে উঠিলে। বৰ্ণনাকাৰীয়ে সুধিলেঃ আজান আৰু ছাহৰীৰ মাজত ব্যৱধান কিমান আছিল? তেওঁ ক'লেঃ পঞ্চাছ আয়াত পাঠ কৰা পৰিমাণ সময়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে ছাহৰী খোৱা, কাৰণ ছাহৰীত বৰকত আছে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})