Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 25 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"যিয়ে আল্লাহৰ পথত (অৰ্থাৎ জিহাদৰ অৱস্থাত) এদিনো ৰোজা পালন কৰে, আল্লাহে তাৰ মুখমণ্ডলক জাহান্নামৰ পৰা সত্তৰ বছৰৰ দূৰত্বত আঁতৰাই ৰাখে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তুমি বোলে সদায় ৰোজা ৰখা আৰু ওৰে ৰাতি নামাজ পঢ়া?" তেতিয়া মই ক'লোঁ, হয়। তেখেতে ক'লেঃ "তুমি এনেকৈ কৰিলে তোমাৰ চকু বহি পৰিব আৰু তোমাৰ শৰীৰ দুৰ্বল হ'ব। যিয়ে গোটেই বছৰ ৰোজা পালন কৰে, তাৰ ৰোজাই নহয়। মাহত তিনিটা ৰোজা পালন কৰিলেই গোটেই বছৰৰ ৰোজা পালন কৰাৰ ছোৱাব অৰ্জন হয়।" তেতিয়া মই ক'লোঁ, মই ইয়াতকৈ বেছি ৰাখিবলৈ সক্ষম। তেতিয়া তেখেতে ক'লেঃ "তেন্তে তুমি দাঊদ আলাইহিচ্ছালামৰ দৰে ৰোজা পালন কৰা, তেওঁ এদিন ৰোজা ৰাখিছিল আৰু এদিন ৰখা নাছিল। লগতে তেওঁ যেতিয়া শত্ৰুৰ সন্মুখীন হৈছিল তেতিয়া পলায়ন কৰা নাছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকে (ৰমাজানৰ) জোন দেখি ৰোজা আৰম্ভ কৰিবা আৰু (শ্বাওৱালৰ) জোন দেখি ৰোজা এৰিবা। যদি উদয়স্থল ডাৱৰীয়া হৈ থাকে তেন্তে হিচাপ অনুযায়ী অনুমান কৰিবা।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ৰমাজান অহাৰ লগে লগে জান্নাতৰ দুৱাৰসমূহ খুলি দিয়া হয়, আৰু জাহান্নামৰ দুৱাৰসমূহ বন্ধ কৰি দিয়া হয়, আৰু চয়তানবোৰক শিকলিবদ্ধ কৰা হয়।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মানুহে তেতিয়ালৈকে কল্যাণত থাকিব, যেতিয়ালৈকে ইফতাৰ কৰাত পলম নকৰিব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। এই কথাৰ সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ বান্দা আৰু তেওঁৰ ৰাছুল। চালাত প্ৰতিষ্ঠা কৰা। যাকাত আদায় কৰা। বাইতুল্লাহৰ হজ্জ কৰা। ৰমাজান মাহৰ চিয়াম পালন কৰা।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
"আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম অত্যন্ত দানশীল আছিল। বিশেষকৈ ৰমাজান মাহত যেতিয়া তেখেতে জিব্ৰীলৰ সৈতে সাক্ষাৎ কৰিছিল তেতিয়া অত্যাধিক দান কৰিছিল। জিব্ৰীল আলাইহিচ্ছালাম ৰমাজান মাহৰ প্ৰত্যেক ৰাতিতে তেখেতৰ সৈতে সাক্ষাৎ কৰিছিল আৰু তেখেতৰ সৈতে কোৰআন মাজীদ চৰ্চা কৰিছিল। সেই সময়ত তেখেত চাল্লাল্লাহু আলাইহি অছাল্লাম উৎকৃষ্ট বতাহতকৈও অধিক দ্ৰুতগতিত দান-খয়ৰাত তথা কল্যাণৰ কামত ভাগ লৈছিল।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"ৰমাজানৰ এদিন বা দুদিন আগত ৰোজা নাৰাখিবা, কিন্তু যিয়ে একেলেঠাৰিয়ে ৰোজা ৰাখি আছে সি ৰাখিব পাৰে।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})