Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 1 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

বৰ্ণিত গ্ৰন্থ

"নিশ্চয় মই এই পতাকা সেই ব্যক্তিক প্ৰদান কৰিম, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলক মুহাব্বত কৰে, মহান আল্লাহে তাৰ হাতেৰেই বিজয় প্ৰদান কৰিব।" ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছেঃ মই সেই এটা দিনৰ বাহিৰে কেতিয়াও শাসনৰ আশা কৰা নাছিলোঁ। এই দায়িত্ব মোক অৰ্পণ কৰা হ'ব বুলি আশাৰে মই মোৰ ডিঙি ওপৰৰ ফালে দাঙি ৰাখিছিলোঁ, যাতে মোক ইয়াৰ বাবে আহ্বান কৰা হয়। কিন্তু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আলী বিন আবু তালিবক মাতিলে, আৰু সেই পতাকা তেওঁক অৰ্পণ কৰিলে আৰু ক'লেঃ "আগুৱাই যোৱা, পিছফালে ঘূৰি নাচাবা, যেতিয়ালৈকে আল্লাহে তোমাক বিজয় দান নকৰে।" তেওঁ কৈছেঃ আলী কিছু দূৰ যোৱাৰ পিছত, থিয় হ'ল, কিন্তু পিছফালে ঘূৰি চোৱা নাছিল, আৰু চিঞৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কিহৰ ভিত্তিত মই মানুহৰ সৈতে যুদ্ধ কৰিম? তেখেতে ক'লেঃ "তুমি সিহঁতৰ সৈতে তেতিয়ালৈকে যুদ্ধ কৰিবা যেতিয়ালৈকে সিহঁতে এই সাক্ষ্য নিদিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ হৈছে আল্লাহৰ ৰাছুল। যদি সিহঁতে এই সাক্ষ্য দিয়ে, তেন্তে সিহঁতৰ তেজ, ধন-সম্পদ আদি তোমাৰ পৰা সুৰক্ষিত হৈ পৰিব। কেৱল দণ্ডবিধিৰ বাহিৰে, আৰু ইয়াৰ হিচাপ-নিকাচ হ'ব আল্লাহৰ ওচৰত।"
ছহীহ (মুছলিম)