Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 5 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

"শেষ যামানাত এদল যুৱকৰ আবিৰ্ভাৱ হ'ব, যিসকল হ'ব স্বল্পবুদ্ধি সম্পন্ন। সিহঁতে কথা কোৱাত পাকৈত হ'ব। সিহঁতে ইছলামৰ পৰা এনেকৈ ওলাই যাব, যেনেকৈ ধেনুৰ পৰা কাঁড় ওলাই যায়। সিহঁতৰ ঈমান ডিঙিৰ তললৈ প্ৰৱেশ নকৰিব। সিহঁতক য'তেই লগ পাবা হত্যা কৰিবা। সিহঁতক যিয়ে হত্যা কৰিব, কিয়ামতৰ দিনা তাক পুৰস্কৃত কৰা হ'ব।"
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে আমাৰ দ্বীনৰ মাজত এনেকুৱা কোনো নতুন বিষয় সংযুক্ত কৰিব, যিটো ইয়াৰ অংশ নহয়, সেয়া প্ৰত্যাখ্যাত, (অৰ্থাৎ সেয়া গ্ৰহণযোগ্য নহয়)।"
ছহীহ বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
“যিয়ে কোনো হিদায়তৰ প্ৰতি আহ্বান কৰিব, তেওঁ সেই ব্যক্তিৰ সমানেই ছোৱাব পাব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। ইয়াৰ ফলত সিহঁতৰ কোনো ছোৱাব হ্ৰাস নহ'ব। আনহাতে যি ব্যক্তিয়ে কোনো ভ্রষ্টতাৰ ফালে আহ্বান কৰিব, সি সেই ব্যক্তিৰ সমানেই গুনাহৰ অধিকাৰী হ'ব, যিয়ে ইয়াৰ ওপৰত আমল কৰিব। কিন্তু সিহঁতৰ গুনাহৰ পৰিমাণ হ্ৰাস নহ'ব।”
ছহীহ (মুছলিম)
“যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে যিটো ইয়াৰ ভিতৰত নাই সেইটো অগ্ৰহণযোগ্য।" (মুত্তাফাক্ব আলাইহ) আৰু মুছলিমত আছে যে, "যিয়ে এনেকুৱা কোনো আমল কৰিছে যিটো আমাৰ চৰীয়তত নাই সেইটো প্রত্যাখ্যাত।”
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"তোমালোকৰ মাজৰ কোনোৱেই তেতিয়ালৈকে পৰিপূৰ্ণ মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে তাৰ প্ৰবৃত্তি মই লৈ অহা দ্বীনৰ অনুগামী নহ'ব।"
নাৱাৱী ৰাহিমাহুল্লাহে কৈছেঃ হাদীছটো ছহীহ। এই হাদীছটোক আমি কিতাবুল হুজ্জাৰ পৰা ছহীহ চনদৰ সৈতে বৰ্ণনা কৰিছোঁ।