Skip to content
836 হাদীছ

নবী হাদীছৰ বিশ্বকোষ

ফলাফল ফিল্টাৰ কৰক

836 টাৰ ভিতৰত 19 টা কাৰ্ড

ফিল্টাৰ আঁতৰাওক

হাদীছৰ স্তৰ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (ছুৰা আলে ইমৰাণৰ) এই আয়াতটো তিলাৱত কৰিলে, অৰ্থঃ তেৱেঁই তোমাৰ প্ৰতি এই কিতাব (কোৰআন) অৱতীৰ্ণ কৰিছে যাৰ কিছুমান আয়াত ‘মুহকাম’(সুস্পষ্ট, দ্ব্যৰ্থহীন), সেইবোৰেই হৈছে কিতাবৰ মূল; আৰু আন কিছুমান হৈছে মুতাশ্বাবিহ, এতেকে যিসকলৰ অন্তৰত বক্ৰতা আছে কেৱল সিহঁতেই ফিতনা আৰু ভুল ব্যাখ্যাৰ উদ্দেশ্যে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে। অথচ আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে; আৰু যিসকল জ্ঞানত সুগভীৰ তেওঁলোকে কয়, ‘আমি এইবোৰৰ প্ৰতি ঈমান পোষণ কৰোঁ, এই সকলোবোৰ আমাৰ প্ৰতিপালকৰ তৰফৰ পৰাই আহিছে’; দৰাচলতে জ্ঞান-বুদ্ধিসম্পন্ন লোকৰ বাহিৰে আন কোনেও উপদেশ গ্ৰহণ নকৰে। (আলে ইমৰাণঃ ৭) আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে যে, ইয়াৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যদি তুমি এনেকুৱা কোনো লোকক দেখা পোৱা যিয়ে মুতাশ্বাবিহাতৰ অনুসৰণ কৰে, তেন্তে জানি লবা, সিহঁতৰ কথাই এই আয়াতত কোৱা হৈছে, সিহঁতৰ পৰা সতৰ্ক থাকিবা।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ (মুছলিম)
এজন ইয়াহুদীয়ে তেওঁক ক'লেঃ হে আমীৰুল মুমিনীন! আপোনালোকৰ কিতাবত এটা আয়াত আছে, যিটো আপোনালোকে পাঠ কৰি থাকে, সেই আয়াতটো যদি আমাৰ ইয়াহুদীসকলৰ ওপৰত অৱতীৰ্ণ হ'লহেঁতেন তেন্তে আমি সেই দিৱসটোক উৎসৱ হিচাপে পালন কৰিলোঁহেঁতেন। তেওঁ ক'লেঃ কোনটো আয়াত? ব্যক্তিজনে ক'লেঃ {اليَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الإِسْلاَمَ دِينًا} অৰ্থঃ আজি মই তোমালোকৰ বাবে তোমালোকৰ ধৰ্মক পূৰ্ণাঙ্গ কৰিলোঁ, আৰু তোমালোকৰ ওপৰত মোৰ নিয়ামত সম্পূৰ্ণ কৰিলোঁ, লগতে ইছলামক মই তোমালোকৰ বাবে দ্বীন হিচাপে মনোনীত কৰিলোঁ। (ছুৰা আল-মায়িদাহঃ ৩) তেতিয়া ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ আমি সেই দিৱস সম্পৰ্কেও অৱগত, আৰু সেই ঠাই সম্পৰ্কেও অৱগত যি ঠাইত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত এই আয়াতটো অৱতীৰ্ণ হৈছিল। (সেই সময়ছোৱাত) তেখেতে আৰাফাত থিয় হৈ আছিল আৰু দিনটো আছিল জুমুআৰ দিন।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
"মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে। বান্দাই যেতিয়া কয়ঃ (الْحَمْدُ لِلهِ رَبِّ الْعَالَمِينَ) তেতিয়া মহান আল্লাহে কয়ঃ মোৰ বান্দাই মোৰ প্ৰশংসা কৰিছে। এইদৰে যেতিয়া বান্দাই কয়ঃ (الرَّحْمَنِ الرَّحِيمِ) তেতিয়া মহান আল্লাহে কয়ঃ বান্দাই মোৰ গুণগান কৰি আছে। ইয়াৰ পিছত বান্দাই যেতিয়া কয়ঃ (مَالِكِ يَوْمِ الدِّينِ) তেতিয়া তেওঁ কয়ঃ বান্দাই মোক সন্মানেৰে ভূষিত কৰিছে। আৰু এবাৰ কয়ঃ বান্দাই মোৰ ওচৰত নিজকে সমৰ্পন কৰিছে। আৰু যেতিয়া বান্দাই কয়ঃ (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) তেতিয়া তেওঁ কয়ঃ এইটো মোৰ আৰু মোৰ বান্দাৰ মাজতে সীমাবদ্ধ, বান্দাই যি বিচাৰে সেইটোৱে মই দিছোঁ। এইদৰে বান্দাই যেতিয়া কয়ঃ (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ، صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلا الضَّالِّينَ) তেতিয়া তেওঁ কয়ঃ এইটো কেৱল মোৰ বান্দাৰ বাবে, মোৰ বান্দাৰ বাবে সেইটোৱে আছে যিটো সি বিচাৰে।"
ছহীহ (মুছলিম)
"এদিনাখন জিব্ৰীল আলাইহিচ্ছালাম নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বহি আছিল, এনেতে তেওঁ ওপৰৰ পৰা অহা এটা প্ৰচণ্ড শব্দ শুনিলে। তেওঁ মূৰ দাঙি চাই ক'লে: 'এইটো হৈছে আকাশৰ এটা দুৱাৰ, আজিয়ে এইটো খোলা হ'ল, ইয়াৰ আগতে এইটো কেতিয়াও খোলা হোৱা নাছিল।' ইয়াৰ পিছত সেই দুৱাৰেৰে এজন ফিৰিস্তা নামি আহিল। তেওঁ ক'লে: পৃথিৱীলৈ নামি অহা এই ফিৰিস্তাজন, ইতিপূৰ্বে কেতিয়াও তেওঁ পৃথিৱীলৈ আগমন কৰা নাছিল। ইয়াৰ পিছত সেই ফিৰিস্তাজনে ছালাম দি ক'লে: 'আপুনি দুটা নূৰৰ সুসংবাদ গ্ৰহণ কৰক, যিবোৰ আপোনাক প্ৰদান কৰা হৈছে– এই দুটা নূৰ আপোনাৰ পূৰ্বে আন কোনো নবীক প্ৰদান কৰা হোৱা নাছিল: (সেই নূৰ দুটা হৈছে) ছুৰা আল-ফাতিহা আৰু ছুৰা আল-বাক্বাৰাৰ শেষৰ আয়াতসমূহ। আপুনি ইয়াৰে যিটো পঢ়িব, তাত প্ৰাৰ্থনামূলক যি যি আছে, সেইটোৱে আপোনাক প্ৰদান কৰা হ'ব।"
ছহীহ (মুছলিম)
"তোমালোকে নিজৰ ঘৰখনক কবৰস্থানত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে, যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।"
ছহীহ (মুছলিম)
কিছুমান মুশ্বৰিক ব্যক্তি অত্যাধিক হত্যাকাণ্ড আৰু অত্যাধিক ব্যভিচাৰত লিপ্ত আছিল, এটা সময়ত সিহঁতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰলৈ আহি ক'লে যে, আপুনি যিবোৰ কথা কয় আৰু যিটোৰ প্ৰতি আপুনি আহ্বান কৰে সেইটো খুবেই উত্তম। গতিকে আপুনি যদি আমাক জনালেহেঁতেন যে, আমি যিবোৰ কৰ্ম কৰিছোঁ ইয়াৰ কিবা কাফ্ফাৰাহ বা প্ৰায়শ্চিত্য আছেনে? এই প্ৰেক্ষাপটত এই আয়াত অৱতীৰ্ণ হ'লঃ "আল্লাহৰ সত্যবাদী বান্দাই আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।" (ছুৰা আল-ফুৰক্বানঃ ৬৮) লগতে এই আয়াত অৱতীৰ্ণ হ'লঃ "(সিহঁতক) জনাই দিয়ক, ‘হে মোৰ বান্দাসকল! তোমালোকৰ মাজৰ যিসকলে নিজৰ ওপৰত অন্যায় কৰিছা, আল্লাহৰ অনুগ্ৰহৰ পৰা (কেতিয়াও) নিৰাশ নহ’বা, নিশ্চয় আল্লাহে সকলো পাপ ক্ষমা কৰি দিব। নিশ্চয় তেওঁ পৰম ক্ষমাশীল, পৰম দয়ালু’।" (ছুৰা ঝুমৰঃ ৫৩)
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
সূৰ্য্য পশ্চিমফালৰ পৰা উদয় নোহোৱা পৰ্যন্ত কিয়ামত সংঘটিত নহ'ব। যেতিয়া (সূৰ্য্য পশ্চিম ফালৰ পৰা) উদয় হ'ব আৰু মানুহে দেখা পাব, তেতিয়া সকলোৱে ঈমান আনিব, সেই সময়ৰ বিষয়েই (কোৰআনত) কোৱা হৈছেঃ "সেইদিনা যিয়ে পূৰ্বে ঈমান পোষণ কৰা নাছিল, (তৎক্ষণাত লৈ অহা) তাৰ এই ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাছিল (তাৰ ঈমানো কোনো কামত নাহিব)।" (ছুৰা আল-আনআমঃ ১৫৮) কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া দুজন ব্যক্তিয়ে (ক্ৰয়-বিক্ৰয়ৰ বাবে) নিজৰ সন্মুখত কাপোৰ মেলি ৰাখিব, কিন্তু সিহঁত কিনা বেচা কৰাৰ সময় নাপাব, আনকি জপাই থোৱাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা সময়ত যে, কোনোবাই উটৰ গাখীৰ খিৰাই আনিছে কিন্তু সেয়া সেৱন কৰাৰো সময় নাপাব। কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া কোনোবাই নিজৰ ঘৰচীয়া জন্তুৰ বাবে পানী খুওৱা পাত্ৰ সাজিব, কিন্তু তাত পানী খুওৱাৰ সময় নাপাব। নিশ্চয় কিয়ামত সংঘটিত হ'ব এনেকুৱা এটা সময়ত যেতিয়া তোমালোকৰ মাজৰ কোনোবাই খোৱা বস্তু মুখৰ ওচৰলৈ আনিব কিন্তু খোৱাৰ সময় নাপাব।
ছহীহ (মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})