নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
ছাআদ ইবনে আবি অক্কাচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ
নিশ্চয় আল্লাহে অপ্রসিদ্ধ ধনী মুত্তাকী বান্দাক ভাল পায়।
«إِنَّ اللهَ يُحِبُّ الْعَبْدَ التَّقِيَّ الْغَنِيَّ الْخَفِيَّ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, সৰ্বশক্তিমান আল্লাহে তেওঁৰ কিছুমান বান্দাক ভালপায়। তেওঁলোকৰ মাজত অন্যতম হৈছে মুত্তাক্বী বান্দা। যিয়ে আল্লাহৰ নিৰ্দেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বিষয়বোৰৰ পৰা বিৰত থাকে। লগতে ধনী বান্দাক ভালপায়ঃ যিজন আল্লাহৰ বাহিৰে আন কাৰো মুখাপেক্ষী নহয়, তথা যিয়ে মানুহৰ ওচৰত একো নিবিচাৰে। লগতে তেওঁ অপ্ৰসিদ্ধ লোকক ভালপায়ঃ যিজন বিনয়ী, নিজ প্ৰতিপালকৰ উপাসনাকাৰী। যিয়ে সদায় উপকাৰী কামত নিজকে ব্যস্ত ৰাখে। যিয়ে কেতিয়াও নিবিচাৰে যে, মানুহে তেওঁক চিনি পাওক অথবা মানুহে তেওঁৰ প্ৰশংসামূলক আলোচনা কৰক।
....:
যিবোৰ গুণৰ কাৰণে আল্লাহে তেওঁৰ বান্দাসকলক ভাল পায় সেইবোৰ গুণৰ বর্ণনা। সেইবোৰ হৈছে, আল্লাহৰ তাক্বৱা অৱলম্বন কৰা, বিনয়ী হোৱা আৰু আল্লাহে ভাগ্যত যি ৰাখিছে তাৰ প্রতি সন্তষ্ট থকা।
ছহীহ মুছলিম (4/ 2277) (2965).
অধিক (9)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 651).
كنوز رياض الصالحين.
لمجموعة من الباحثين.
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 509).
شرح رياض الصالحين.
لابن عثيمين (3/ 509).
شرح النووي على مسلم (18/ 100).