এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
আমি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত আছিলোঁ, ঠিক সেই সময়তে কিবা পৰি যোৱাৰ এটা বিকট শব্দ শুনা পালোঁ। তেতিয়া তেখেতে ক'লেঃ "তোমালোকে জানানে এইটো কিহৰ শব্দ?" তেওঁ কৈছেঃ আমি ক'লোঁ, আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ "এইটো এটা শিল, যিটো সত্তৰ বছৰ আগত জাহান্নামত নিক্ষেপ কৰা হৈছিল, এতিয়াহে গৈ জাহান্নামৰ তল পালে।"
كُنَّا مَعَ رَسُولِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، إِذْ سَمِعَ وَجْبَةً، فَقَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «تَدْرُونَ مَا هَذَا؟» قَالَ: قُلْنَا: اللهُ وَرَسُولُهُ أَعْلَمُ، قَالَ: «هَذَا حَجَرٌ رُمِيَ بِهِ فِي النَّارِ مُنْذُ سَبْعِينَ خَرِيفًا، فَهُوَ يَهْوِي فِي النَّارِ الْآنَ حَتَّى انْتَهَى إِلَى قَعْرِهَا».
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা বিকট শব্দ শুনা পালে, যিদৰে এটা শকত শৰীৰৰ মানুহ পৰি গলে শব্দ হয়। ইয়াৰ পিছত তেখেতে তেখেতৰ ওচৰত থকা চাহাবাসকলক এই শব্দটোৰ বিষয়ে সুধিলে। তেওঁলোকে ক'লেঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালকৈ জানে। তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে শুনা পোৱা এই শব্দটো হৈছে এটা শিলৰ শব্দ, যিটোক সত্তৰ বছৰ আগত জাহান্নামৰ পাৰৰ পৰা নিক্ষেপ কৰা হৈছিল, ইমান দিনে সেইটো পৰিয়ে আছিল, এতিয়াহে গৈ তল পালে।
নেক আমলৰ জৰিয়তে আখিৰাতৰ বাবে প্ৰস্তুতি ল'বলৈ উৎসাহিত কৰা হৈছে। লগতে জাহান্নামৰ পৰা সতৰ্ক কৰা হৈছে।
যিটো জ্ঞান মানুহৰ নাই, তেনেকুৱা জ্ঞানৰ ক্ষেত্ৰত বিষয়টোক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুস্তাহাব।
বৰ্ণনা কৰাৰ আগত শিক্ষকে আগ্ৰহ সৃষ্টি কৰা উচিত আৰু মনোযোগ আকৰ্ষণ কৰা উচিত, যাতে বিষয়টো সহজে বুজিব পৰা যায়।
ছহীহ মুছলিম (4/ 2184) (2844).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (1/ 476).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (1/ 369).
كنوز رياض الصالحين.
لمجموعة من الباحثين (6/ 414).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 3«هذا حَجَرٌ رُمِيَ بِهِ في النَّارِ مُنْذُ سَبْعِينَ خَريفاً، فَهُو يَهْوِي في النَّارِ الآنَ حَتَّىٰ انْتَهَىٰ إلىٰ قَعْرِهَا، فَسَمِعْتُمْ وَجْبَتَهَا».
- مادة العقيدة الإسلامية( تَدْرُونَ مَا هَذَا ». قَالَ قُلْنَا اللَّهُ وَرَسُولُهُ أَعْلَمُ. قَالَ « هَذَا حَجَرٌ رُمِىَ بِهِ فِى النَّارِ مُنْذُ سَبْعِينَ خَرِيفًا فَهُوَ يَهْوِى فِى النَّارِ الآنَ حَتَّى انْتَهَى إِلَى قَعْرِهَا ).