Skip to content

মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব।

উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত যে,

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফজৰৰ নামাজ পঢ়ি তেওঁৰ ওচৰৰ পৰা ওলাই গ'ল। সেই সময়ত তেওঁ নামাজৰ স্থানত বহি আছিল। তেখেতে চাশ্তৰ সময়ত ঘূৰি আহি দেখিলে যে, তেওঁ সেই স্থানতে বহি আছে। তেতিয়া তেখেতে ক'লেঃ "মই তোমাক যি অৱস্থাত এৰি থৈ গৈছিলোঁ, তুমি সেই অৱস্থাতে আছা দেখোন?" তেওঁ ক'লেঃ হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ "মই তোমাৰ ইয়াৰ পৰা যোৱাৰ পিছত এনেকুৱা চাৰিটা বাক্য তিনিবাৰ পাঠ কৰিছোঁ, আজি তুমি এই পৰ্যন্ত যি যি পাঠ কৰিছা, সেইবোৰক যদি এইবোৰ বাক্যৰ দ্বাৰা ওজন কৰা হয়, তেন্তে এই চাৰিটা বাক্যৰ পাল্লা বেছি ভাৰী হ'ব। সেই বাক্য কেইটা হৈছেঃ ছুবহানাল্লাহি অবিহামদিহি, আদাদা খালক্বিহি, অৰিজা নাফছিহি, অঝিনাতা আৰশ্বিহি, অমিদা-দা কালিমা-তিহ।"

أَنَّ النَّبِيَّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ خَرَجَ مِنْ عِنْدِهَا بُكْرَةً حِينَ صَلَّى الصُّبْحَ، وَهِيَ فِي مَسْجِدِهَا، ثُمَّ رَجَعَ بَعْدَ أَنْ أَضْحَى، وَهِيَ جَالِسَةٌ، فَقَالَ: «مَا زِلْتِ عَلَى الْحَالِ الَّتِي فَارَقْتُكِ عَلَيْهَا؟» قَالَتْ: نَعَمْ، قَالَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ: «لَقَدْ قُلْتُ بَعْدَكِ أَرْبَعَ كَلِمَاتٍ، ثَلَاثَ مَرَّاتٍ، لَوْ وُزِنَتْ بِمَا قُلْتِ مُنْذُ الْيَوْمِ لَوَزَنَتْهُنَّ: سُبْحَانَ اللهِ وَبِحَمْدِهِ، عَدَدَ خَلْقِهِ وَرِضَا نَفْسِهِ وَزِنَةَ عَرْشِهِ وَمِدَادَ كَلِمَاتِهِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

ফজৰৰ নামাজ পঢ়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিনৰ প্ৰথম ভাগতে উম্মুল মুমিনীন জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহাৰ ঘৰৰ পৰা ওলাই আহিল, সেই সময়ত জুৱাৰিয়া ৰাদ্বিয়াল্লাহু আনহা নামাজৰ স্থানতে বহি আছিল। ইয়াৰ পিছত দুপৰীয়াৰ আগতে তেখেত উভতি আহিল, ইপিনে জুৱাইৰিয়া ৰাদ্বিয়াল্লাহু আনহা সেই ঠাইতে বহি আছিল। এই দেখি তেখেতে ক'লেঃ তোমাক যি অৱস্থাত থৈ গৈছিলোঁ, তুমি দেখোন সেই অৱস্থাতেই আছা? তেওঁ ক'লেঃ হয়। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! মই তোমাৰ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত, এনেকুৱা চাৰিটা বাক্য তিনিবাৰকৈ পাঠ কৰিছোঁ, যদি সেই বাক্য কেইটাক তুমি বহি থকা সময়খিনিত যি যি পাঠ কৰিছা সেইবোৰৰ সৈতে তুলনা কৰা হয় তেন্তে এই বাক্য কেইটাই প্ৰাধান্য লাভ কৰিব। (ছুবহানাল্লাহ) আল্লাহ সকলো ধৰণৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। (অবিহামদিহি) সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ তেওঁৰেই। (عدد خلقه) তেওঁৰ (প্ৰশংসা) মাখলুকৰ সংখ্যাৰ সমান, যিবোৰৰ প্ৰকৃত সংখ্যা একমাত্ৰ আল্লাহেই জানে। (ورضا نفسه) লগতে তেওঁৰ নফছৰ সন্তুষ্টিৰ সমান, তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাৰ ওপৰত তেওঁ সন্তুষ্ট হয়, এইটো এনেকুৱা বস্তু যিটোক কোনেও পৰিবেষ্টন কৰিব নোৱাৰে। (وزنة عرشه) লগতে তেওঁৰ আৰচৰ ওজনৰ সমান, কাৰণ আল্লাহৰ সৃষ্টিসমূহৰ মাজত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ মাখলুক আৰু আটাইতকৈ গধূৰ মাখলুক। (ومداد كلماته) লগতে তেওঁৰ কলিমাৰ কালিৰ সমান, আল্লাহৰ কলিমা অগণন, কেতিয়াও শেষ নহয়। এইটো হৈছে ব্যাপক শব্দ, যিটোৰ ভিতৰত উক্ত তিনিওটা ভাগক সামৰি লোৱা হৈছে। কাৰণ মহান আল্লাহৰ কলিমাৰ চিয়াঁহীৰ সংখ্যাৰো কোনো সীমা নাই, আৰু গুণৰো কোনো সীমা নাই, আৰু ধৰণৰো কোনো সীমা নাই। কিন্তু ইয়াত আধিক্য বুজাবলৈ ব্যৱহাৰ হৈছে। কিয়নো প্ৰথমেই এনেকুৱা শব্দ ব্যৱহাৰ হৈছে, যিটোৰ এটা নিৰ্দিষ্ট সংখ্যা আছে, সেয়া হৈছে মাখলুকৰ সংখ্যা। ইয়াৰ পিছত তাতোকৈ এখোপ আগুৱাই ইয়াতকৈ ডাঙৰটোৰ বিষয়ে কোৱা হৈছে, সেয়া হৈছে নফছৰ সন্তুষ্টিৰ সমান, ইয়াৰ পিছত আটাইতকৈ ডাঙৰ মাখলুকৰ ওজনৰ সমান, সেয়া হৈছে আৰচ। এতেকে প্ৰথমটো ব্যৱহাৰ হৈছে সংখ্যাৰ বাবে, দ্বিতীয়টো হৈছে ধৰণ তথা বৈশিষ্ট্যৰ বাবে, আৰু তৃতীয়টো হৈছে ভৰ আৰু ওজনৰ বাবে।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই বাক্য কেইটাৰ ফজীলত বৰ্ণিত হৈছে, তথা এইবোৰ পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে।

কিছুমান জিকৰ-আজকাৰৰ তুলনাত আন কিছুমান বেছি গুৰুত্বপূৰ্ণ।

ইমাম নাৱাৱীয়ে (سبحان الله وبحمده مداد كلماته) এই বাক্যটোৰ বিষয়ে কৈছে যে, ইয়াত আধিক্য বুজাবলৈ কলিমাৰ চিয়াঁহীৰ কথা ব্যৱহাৰ হৈছে। কিয়নো প্ৰথমেই এনেকুৱা শব্দ ব্যৱহাৰ হৈছে, যিটোৰ এটা নিৰ্দিষ্ট সংখ্যা আছে, সেয়া হৈছে মাখলুকৰ সংখ্যা। ইয়াৰ পিছত আৰচৰ ওজনৰ কথা কোৱা হৈছে। ইয়াৰ পিছত তাতোকৈ ডাঙৰ এটা বিষয়ে কোৱা হৈছে, যিটোক কোনেও গণনা কৰি শেষ কৰিব নোৱাৰে, যাৰ কোনো নিৰ্দিষ্ট সংখ্যা নাই।

ইবনুল কায়্যিম ৰাহিমাহুল্লাহে কৈছেঃ যেতিয়া কোনো ব্যক্তিয়ে ছুবহানাল্লাহি অবিহামদিহি, আদাদা খালক্বিহি..... দুআটো পাঠ কৰে, তেতিয়া তাৰ অন্তৰত আল্লাহ সম্পৰ্কে যিটো অনুভূতি উদ্ভৱ হয়, তেওঁৰ পৱিত্ৰতা আৰু মহানতাৰ যি অনুভৱ সৃষ্টি হয়, সেইটো অনুভৱ কেৱল ছুবহানাল্লাহ পাঠ কৰিলে নহয়।

জাৱামেউল কালিমৰ প্ৰতি (কম শব্দত ব্যাপক অৰ্থ প্ৰকাশ কৰিব পৰা বাক্যৰ প্ৰতি) দিশ-নিৰ্দেশনা দিয়া হৈছে। এনেকুৱা দুআৰ ফলত মহা ছোৱাব প্ৰদান কৰা হয়।

সম্পাদক

ছহীহ মুছলিম (4/ 2090) (2726).

অধিক (6)

توضيح الأحكام من بلوغ المرام.

لعبد الله البسام (7/ 536).

منحة العلام في شرح بلوغ المرام.

لعبد الله الفوزان (10/ 405).

فتح ذي الجلال والإكرام.

لابن عثيمين (6/ 471).