যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।
ছাহল বিন মুআজ বিন আনাছে তেওঁৰ পিতৃৰ পৰা বৰ্ণনা কৰি কৈছে যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
যিয়ে পানাহাৰ কৰাৰ পিছত এই দুআ পাঠ কৰিবঃ (الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ) উচ্চাৰণঃ "আলহাম্দুলিল্লাহিল লাজী আত্বআমানী হাজা, অৰাঝাকানীহি মিন গাইৰি হাওলিম মিন্নি অলা কুওৱাহ।" অৰ্থঃ "সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে মোক এই আহাৰ কৰালে তথা মোক জীৱিকা প্ৰদান কৰিলে। অথচ এই ক্ষেত্ৰত মোৰ কোনো শক্তি সামৰ্থ নাছিল।" সেই ব্যক্তিৰ অতীতৰ সকলো গুনাহ ক্ষমা কৰি দিয়া হয়।
«مَنْ أَكَلَ طَعَامًا فَقَالَ: الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلاَ قُوَّةٍ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে পানাহাৰ কৰাৰ পিছত আল্লাহৰ প্ৰশংসা কৰিবলৈ উৎসাহিত কৰিছে। মহান আল্লাহৰ সহায়-সহযোগিতা অবিহনে এই আহাৰ প্ৰস্তুত কৰা আৰু ভক্ষণ কৰাৰ মোৰ কোনো শক্তি সামৰ্থ নাছিল। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, যিয়ে এই দুআটো পাঠ কৰিব তেওঁ আল্লাহৰ মাগফিৰাত তথা ক্ষমাৰ পাত্ৰ হ'ব। তেওঁৰ অতীতৰ সকলো সৰু গুনাহ ক্ষমা কৰি দিয়া হ'ব।
পানাহাৰ কৰি আল্লাহৰ প্ৰশংসা কৰা মুস্তাহাব।
হাদীছটোত আল্লাহৰ মহান অনুগ্ৰহৰ কথা বৰ্ণিত হৈছে। তেৱেঁই বান্দাক জীৱিকা দান কৰে আৰু জীৱিকাৰ সকলো উপায় সহজ কৰি দিয়ে, লগতে ইয়াৰ দ্বাৰা বান্দাৰ গুনাহো ক্ষমা কৰি দিয়ে।
বান্দাৰ সকলো বিষয় আল্লাহৰ ফালৰ পৰা নিৰ্ধাৰিত। বান্দাই নিজৰ শক্তি সামৰ্থৰ দ্বাৰা একো কৰিব নোৱাৰে। বান্দাক কেৱল কাৰণ অনুসৰি কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
ছুনান তিৰমিজী (5/ 452) (3458).
ছুনান আবি দাঊদ (6/ 138) (4023).
ছুনান ইবনে মাজাহ (4/ 417) (3285).
মুছনাদ আহমদ (24/ 394) (15632).
অধিক (6)
نزهة المتقين شرح رياض الصالحين.
مجموعة من الباحثين (1/ 602).
بهجة الناظرين شرح رياض الصالحين.
للهلالي (2/ 54).
تاج العروس من جواهر القاموس.
للزبيدي (28/ 366).
গ্ৰন্থসমূহত উল্লেখিত
4 গ্ৰন্থসমূহঅধিক (4)
- الذكر والدعاء والعلاج بالرقي من الكتاب والسنة"من أكل طعاماً فقال: الحمد لله الذي أطعمني هذا، ورزقنيه من غير حول مني ولا قوةٍ، غفِرَ له ما تقدم من ذنبه" .
- تحفة الأخيار تحفة الأخيار (ببيان جملة نافعة مما ورد في الكتاب والسنة من الأدعية والأذكار)«مَنْ أَكَلَ طَعَامًا فَقَالَ: الحَمْدُ لِلَّهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلَا قُوَّةٍ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ» [80]
- رسالة في الأذكار1«مَنْ أَكَلَ طَعَامًا فَقَالَ: الحَمْدُ للهِ الَّذِي أَطْعَمَنِي هَذَا وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلَا قُوَّةٍ غُفِرَ لَهُ مَا تَقَدَّمَ لَهُ مِنْ ذَنْبِهِ».
- رياض الصالحينرياض الصالحين مع فوائد وهدايات - 4«مَنْ أَكَلَ طَعَاماً فَقَالَ: الحَمْدُ لله الَّذِي أَطْعَمَنِي هذا الطَّعَامَ، وَرَزَقَنِيهِ مِنْ غَيْرِ حَوْلٍ مِنِّي وَلا قُوَّةٍ، غُفِرَ لَهُ مَا تَقَدَّمَ مِنْ ذَنْبِهِ».