Skip to content

হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।

আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"হে আবু ছাঈদ! যিয়ে আল্লাহক ৰব্ব হিচাপে আৰু ইছলামক দ্বীন হিচাপে আৰু মুহাম্মদক নবী হিচাপে পাই সন্তুষ্ট হৈছে, তাৰ বাবে জান্নাত অনিবাৰ্য্য।" আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ "আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান।" তেওঁ সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।

«يَا أَبَا سَعِيدٍ، مَنْ رَضِيَ بِاللهِ رَبًّا، وَبِالْإِسْلَامِ دِينًا، وَبِمُحَمَّدٍ نَبِيًّا، وَجَبَتْ لَهُ الْجَنَّةُ»، فَعَجِبَ لَهَا أَبُو سَعِيدٍ، فَقَالَ: أَعِدْهَا عَلَيَّ يَا رَسُولَ اللهِ، فَفَعَلَ، ثُمَّ قَالَ: «وَأُخْرَى يُرْفَعُ بِهَا الْعَبْدُ مِائَةَ دَرَجَةٍ فِي الْجَنَّةِ، مَا بَيْنَ كُلِّ دَرَجَتَيْنِ كَمَا بَيْنَ السَّمَاءِ وَالْأَرْضِ»، قَالَ: وَمَا هِيَ يَا رَسُولَ اللهِ؟ قَالَ: «الْجِهَادُ فِي سَبِيلِ اللهِ، الْجِهَادُ فِي سَبِيلِ اللهِ».

(মুছলিম)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আবু ছাঈদ ৰাদ্বিয়াল্লাহু আনহুক জনাইছে যে, যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব আৰু তেওঁক ৰব্ব হিচাপে, উপাস্য হিচাপে, মালিক হিচাপে, পৰিচালক হিচাপে মানিলৈ সন্তুষ্ট হ'ব, লগতে ইছলামক দ্বীন হিচাপে মানিলৈ ইয়াৰ যাৱতীয় আদেশ নিষেধৰ প্ৰতি আমল কৰি সন্তুষ্ট হ'ব, এইদৰে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে গ্ৰহণ কৰি তথা তেখেতে লৈ অহা প্ৰতিটো বিষয়ক সত্য বুলি স্বীকাৰ কৰি সন্তুষ্ট হ'ব, তাৰ বাবে জান্নাত অনিবাৰ্য্য। আবু ছাঈদে এই কথা শুনি আশ্চৰ্য্য প্ৰকাশ কৰি ক'লেঃ হে আল্লাহৰ ৰাছুল! কথাটো পুনৰ কওকচোন। তেখেতে কথাটো পুনৰ ক'লে। ইয়াৰ পিছত তেখেতে ক'লেঃ আৰু এটা আমল আছে, যিটোৰ ফলত জান্নাতত বান্দাৰ এশটা স্তৰ উন্নীত কৰা হয়। প্ৰত্যেক দুই স্তৰৰ মাজৰ দূৰত্ব হৈছে আকাশমণ্ডল আৰু পৃথিৱীৰ মাজৰ দূৰত্বৰ সমান। আবু ছাঈদে সুধিলেঃ হে আল্লাহৰ ৰাছুল! সেইটোনো কি আমল? তেখেতে ক'লেঃ আল্লাহৰ পথত জিহাদ কৰা, আল্লাহৰ পথত জিহাদ কৰা।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম এটা উপায় হৈছে, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে লাভ কৰি, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী হিচাপে স্বীকাৰ কৰি সন্তুষ্ট হোৱা।

আল্লাহৰ পথত জিহাদ কৰাৰ গুৰুত্ব।

জান্নাতত মুজাহিদসকলে উচ্চ মৰ্যাদা লাভ কৰিব।

জান্নাতত অগণন স্তৰ আছে, অশেষ পৰ্যায় আছে। তাৰ পৰা মুজাহিদসকলক এশটা স্তৰ উন্নীত কৰা হ'ব।

কল্যাণ সম্পৰ্কে জানিবলৈ আৰু ইয়াৰ প্ৰৱেশদ্বাৰ তথা উপায় সম্পৰ্কে অৱগত হ'বলৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ অত্যন্ত হেঁপাহ আছিল।

সম্পাদক

ছহীহ মুছলিম (3/ 1501) (1884).

অধিক (6)

نزهة المتقين.

لمجموعة من الباحثين (2/ 910).

بهجة الناظرين.

لسليم الهلالي (3/ 423).

النهاية في غريب الحديث والأثر.

لابن الأثير (5/ 153).