Skip to content

যিয়ে এই দুআ পাঠ কৰিবঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন ৰাছুলা।

আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ

"যিয়ে এই দুআ পাঠ কৰিবঃ ৰাজীতু বিল্লা-হি ৰাব্বান, অবিল ইছলামি দ্বীনান, অবিমুহাম্মাদিন ৰাছুলা। (অৰ্থঃ মই সন্তুষ্ট হৈছোঁ, আল্লাহক প্ৰতিপালক হিচাপে গ্ৰহণ কৰি, ইছলামক দ্বীন হিচাপে লাভ কৰি, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে গ্ৰহণ কৰি।) তাৰ বাবে জান্নাত অনিবাৰ্য্য।"

«مَنْ قَالَ: رَضِيتُ بِاللَّهِ رَبًّا، وَبِالْإِسْلَامِ دِينًا، وَبِمُحَمَّدٍ رَسُولًا، وَجَبَتْ لَهُ الْجَنَّةُ».

(আবু দাঊদ)
ছহীহ
ব্যাখ্যা

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, যিয়ে উক্ত দুআটো পাঠ কৰিব, যাৰ ভাৱাৰ্থ হৈছেঃ মই আল্লাহক ৰব্ব হিচাপে, উপাস্য পৰ্যবেক্ষক মালিক ছায়্যিদ আৰু সংশোধক হিচাপে গ্ৰহণ কৰি, ইছলামৰ সকলো বিধি-বিধান আদেশ-নিষেধ মানি ইয়াক দ্বীন হিচাপে তথা ধৰ্ম হিচাপে মনে প্ৰাণে বিশ্বাস কৰি তথা আত্মসমৰ্পণ কৰি আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে তথা নবী হিচাপে মানি, তেখেতে লৈ অহা যাৱতীয় বাৰ্তাক বিশ্বাস কৰি সন্তুষ্ট হৈছোঁ। সেই ব্যক্তিৰ বাবে জান্নাত ওৱাজিব হৈ যাব।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

এই দুআটো পাঠ কৰিবলৈ উৎসাহিত কৰা হৈছে আৰু এইটো পাঠ কৰিলে পাবলগীয়া ছোৱাব উল্লেখ হৈছে।

আল্লাহক ৰব্ব হিচাপে গ্ৰহণ কৰি সন্তুষ্ট হোৱাৰ অৰ্থ হৈছে, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰা।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল আৰু নবী হিচাপে গ্ৰহণ কৰাৰ অৰ্থ হৈছে, তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা আৰু তেখেতৰ ছুন্নত মতে আমল কৰা।

ইছলামক দ্বীন হিচাপে গ্ৰহণ কৰি সন্তুষ্ট হোৱা মানে আল্লাহে বান্দাসকলৰ বাবে যিটো বাচনি কৰিছে সেইটোৰ প্ৰতি সন্তুষ্ট হোৱা।

অন্যান্য বৰ্ণনাত আহিছে যে, আজানৰ সময়ত আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহ আৰু আশ্বহাদু আন্না মুহাম্মাদাৰ ৰাছুলুল্লাহ শ্ৰৱণ কৰি এই দুআটো পাঠ কৰা মুস্তাহাব।

এইদৰে আন এটা বৰ্ণনাত আহিছে যে, এই দুআটো পুৱা-গধূলি পাঠ কৰা মুস্তাহাব।

সম্পাদক

ছুনান আবি দাঊদ (2/ 635) (1529).

অধিক (3)

شرح أبي داود للعيني (5/ 439).

شرح سنن أبي داود لابن رسلان (7/ 348).

المفهم لما أشكل من تلخيص كتاب مسلم (3/ 710).