ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজনী আনচাৰী মহিলাক কৈছিল যে, "আমাৰ লগত হজ্জ কৰিবলৈ তোমাক কিহে বাধা দিছে"? (বৰ্ণনাকাৰীয়ে কৈছে যে) ইবনে আব্বাছে সেই মহিলাজনীৰ নাম কৈছিল কিন্তু মই পাহৰি গৈছোঁ। মহিলাজনীয়ে ক'লেঃ পানী বহনৰ বাবে আমাৰ দুটা উট আছে, তাৰে এটাকলৈ মোৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছে, আৰু আন এটা উট আমাৰ বাবে পানী বহন কৰিবলৈ ৰাখি থৈ গৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ক'লেঃ "ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।"
قَالَ رَسُولُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ لِامْرَأَةٍ مِنَ الْأَنْصَارِ سَمَّاهَا ابْنُ عَبَّاسٍ فَنَسِيتُ اسْمَهَا: «مَا مَنَعَكِ أَنْ تَحُجِّي مَعَنَا؟» قَالَتْ: لَمْ يَكُنْ لَنَا إِلَّا نَاضِحَانِ فَحَجَّ أَبُو وَلَدِهَا وَابْنُهَا عَلَى نَاضِحٍ وَتَرَكَ لَنَا نَاضِحًا نَنْضِحُ عَلَيْهِ، قَالَ: «فَإِذَا جَاءَ رَمَضَانُ فَاعْتَمِرِي، فَإِنَّ عُمْرَةً فِيهِ تَعْدِلُ حَجَّةً».
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া বিদায়ী হজ্জৰ পৰা উভতি আহিছিল, তেতিয়া তেখেতে হজ্জ নকৰা এজনী আনচাৰী মহিলাক কৈছিল, আমাৰ লগত হজ্জ কৰিবলৈ তুমি যোৱা নাছিলা কিয়? তেতিয়া সেই মহিলাজনীয়ে ওজৰ পেচ কৰি কৈছিল যে, সিহঁতৰ মাত্ৰ দুটা উট আছে। তাৰে এটা লৈ তাইৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছিল আৰু আনটো ঘৰত ৰাখি থৈ গৈছিল, যাতে তাৰ দ্বাৰা কুঁৱাৰ পৰা পানী উঠোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক জনাই দিলে যে, ৰমাজান মাহত ওমৰাহ পালন কৰাটো হৈছে হজ্জ পালন কৰাৰ সমান ছোৱাব।
ৰমাজান মাহত ওমৰাহ পালন কৰাৰ গুৰুত্ব।
ৰমাজান মাহত ওমৰাহ কৰাটো হৈছে হজ্জৰ সমান ছোৱাব, কিন্তু ইয়াৰ ফলত ফৰজ হজ্জৰ পৰা দায়মুক্ত হোৱা নাযায়।
সময়ৰ মৰ্যাদা বৃদ্ধি হোৱাৰ কাৰণে আমলৰো ছোৱাব বৃদ্ধি হয়। ইয়াৰ অন্যতম উদাহৰণ হৈছে ৰমাজানত কৰা আমলসমূহ।
ছহীহ বুখাৰী (3/ 19) (1863).
ছহীহ মুছলিম (2/ 917) (1256).
অধিক (6)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 403).
نزهة المتقين شرح رياض الصالحين.
لمصطفى الخِن وغيره (2/ 896).
المنهاج شرح صحيح مسلم بن الحجاج.
للنووي (9/ 2).