যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।
আবান বিন উছমানে কৈছে, মই উছমান বিন আফ্ফান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা শুনিছোঁ, তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ
"যিয়ে সন্ধিয়াৰ ভাগত তিনিবাৰ এই দুআ পাঠ কৰিবঃ বিছমিল্লাহিল লাজী লা য়াজুৰ্ৰু মাআছমিহি শ্বাইয়ুন ফিল আৰজি অলা ফিচ্ছামা, অহুৱাচ ছামীউল আলীম। তাক প্ৰভাত পৰ্যন্ত কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত তিনিবাৰ পাঠ কৰিব, তাক সন্ধিয়ালৈকে কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব।" বৰ্ণনাকাৰীয়ে কৈছেঃ আবান বিন উছমানৰ পক্ষাঘাত (paralysis) হোৱাত, তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে তীক্ষ্ণ দৃষ্টিৰে চাই আছিল। তেতিয়া আবানে তেওঁক ক'লেঃ তোমাৰ কি হৈছে, তুমি কিয় এনেকৈ মোৰ ফালে চাই আছা? শুনা! আল্লাহৰ শপত, মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই, আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাতগ্ৰস্ত হৈছোঁ, সেইদিনা মই ক্ৰোধৰ বশৱৰ্তী হৈ এই দুআটো পাঠ কৰিবলৈ পাহৰি গৈছিলোঁ।
«مَنْ قَالَ بِسْمِ اللَّهِ الَّذِي لَا يَضُرُّ مَعَ اسْمِهِ شَيْءٌ، فِي الْأَرْضِ، وَلَا فِي السَّمَاءِ، وَهُوَ السَّمِيعُ الْعَلِيمُ، ثَلَاثَ مَرَّاتٍ، لَمْ تُصِبْهُ فَجْأَةُ بَلَاءٍ، حَتَّى يُصْبِحَ، وَمَنْ قَالَهَا حِينَ يُصْبِحُ ثَلَاثُ مَرَّاتٍ، لَمْ تُصِبْهُ فَجْأَةُ بَلَاءٍ حَتَّى يُمْسِيَ»، قَالَ: فَأَصَابَ أَبَانَ بْنَ عُثْمَانَ الْفَالِجُ، فَجَعَلَ الرَّجُلُ الَّذِي سَمِعَ مِنْهُ الْحَدِيثَ يَنْظُرُ إِلَيْهِ، فَقَالَ لَهُ: مَا لَكَ تَنْظُرُ إِلَيَّ؟ فَوَاللَّهِ مَا كَذَبْتُ عَلَى عُثْمَانَ، وَلَا كَذَبَ عُثْمَانُ عَلَى النَّبِيِّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، وَلَكِنَّ الْيَوْمَ الَّذِي أَصَابَنِي فِيهِ مَا أَصَابَنِي غَضِبْتُ فَنَسِيتُ أَنْ أَقُولَهَا.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে দৈনিক ফজৰৰ পিছত আৰু দৈনিক সূৰ্য্য অস্ত যোৱাৰ পিছত এই দুআটো তিনিবাৰ পাঠ কৰিবঃ এই দুআটোৰ ভাৱাৰ্থ হৈছে, আৰম্ভ কৰিছোঁ মহান আল্লাহৰ নামত, যাৰ নামৰ বৰকতত পৃথিৱী আৰু আকাশমণ্ডলৰ কোনো ক্ষতিকাৰক বস্তুৱেই একো ক্ষতি কৰিব নোৱাৰে। সেয়া যিমান ডাঙৰে নহওক কিয়। ভূগৰ্ভৰ পৰা ওলোৱা হওক বা আকাশৰ পৰা অৱতীৰ্ণ হোৱা। সৰ্বশক্তিমান আল্লাহ আমাৰ কথা শ্ৰৱণকাৰী আৰু আমাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত। যিয়ে সন্ধিয়াৰ ভাগত পঢ়িব, প্ৰভাতলৈকে তাক কোনো আকস্মিক বিপদে স্পৰ্শ নকৰিব। এইদৰে যিয়ে পুৱাৰ ভাগত পঢ়িব, তাক সন্ধিয়ালৈকে কোনো বিপদ-আপদে আকস্মিকভাৱে স্পৰ্শ নকৰিব। কিন্তু এই হাদীছৰ ৰাৱীক ফালিজে আক্ৰমণ কৰিছিল, (অৰ্থাৎ তেওঁ পক্ষাঘাতগ্ৰস্ত হৈছিল)। এই বেমাৰত শৰীৰৰ এটা ছাইড বিকল হৈ পৰে। এই দেখি তেওঁৰ পৰা হাদীছ শ্ৰৱণ কৰা ব্যক্তিজনে তেওঁৰ ফালে আশ্চৰ্য হৈ চাই আছিল। তেতিয়া তেওঁ ব্যক্তিজনক ক'লেঃ তুমি এনেকৈ কিয় মোৰ ফালে চাই আছা? বিশ্বাস কৰা, আল্লাহৰ শপত! মই উছমানৰ প্ৰতি মিছা আৰোপ কৰা নাই আৰু উছমানেও নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা আৰোপ কৰা নাই। কিন্তু যিদিনা মই পক্ষাঘাত গ্ৰস্ত হৈছোঁ, সেইদিনা দৰাচলতে মই খঙত আছিলোঁ। সেয়ে এই দুআটো পঢ়িবলৈ পাহৰি গৈছিলোঁ।
পুৱা-গধূলি এই দুআটো পাঠ কৰা মুস্তাহাব। যাতে আল্লাহৰ ইচ্ছাত আকস্মিক বিপদ-আপদ তথা মুচিবতৰ পৰা সুৰক্ষিত থাকিব পৰা যায়।
পূৰ্বৱৰ্তী ছালাফসকলে আল্লাহৰ ওপৰত পূৰ্ণ য়াকীন পোষণ কৰিছিল তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া সংবাদক মনে প্ৰাণে বিশ্বাস কৰিছিল।
পুৱা-গধূলি নিয়মিত জিকৰ-আজকাৰ পাঠ কৰাৰ অন্যতম এটা উপকাৰ হৈছে এই যে, ইয়াৰ ফলত মুছলিম ব্যক্তি অৱহেলা অমনোযোগিতাৰ পৰা আঁতৰি থাকে, লগতে সদায় এই কথা মনত থাকে যে, সি হৈছে আল্লাহৰ এজন বান্দা।
জিকৰ-আজকাৰকাৰীৰ ঈমান, বিনম্ৰতা, য়াকীন আৰু ইখলাচ যি অনুপাতে থাকে, সেই অনুপাতেই জিকৰ-আজকাৰৰ প্ৰভাৱ পৰে।
ছুনান আবি দাঊদ (7/ 419) (5088).
ছুনান তিৰমিজী (5/ 396) (3388).
ছুনান আল-কুবৰা লিন নাছায়ী (9/ 11) (9759).
ছুনান ইবনে মাজাহ (5/ 35) (3869).
মুছনাদ আহমদ (1/ 498) (446).
অধিক (10)
بهجة الناظرين شرح رياض الصالحين.
لسليم الهلالي (2/ 528).
نزهة المتقين شرح رياض الصالحين.
لمجموعة من الباحثين (2/ 997).
كنوز رياض الصالحين.
لمجموعة من الباحثين (17/ 314).
مرعاة المفاتيح شرح مشكاة المصابيح.
للمباركفوري (8/ 130).
مرقاة المفاتيح شرح مشكاة المصابيح.
للقاري (4/ 1659).
গ্ৰন্থসমূহত উল্লেখিত
2 গ্ৰন্থসমূহঅধিক (2)
- الله -جل جلاله- أنيس المحبين وملاذ القاصدين«مَنْ قَالَ: بِسْمِ اللهِ الَّذِي لَا يَضُرُّ مَعَ اسْمِهِ شَيْءٌ، فِي الأَرْضِ وَلَا فِي السَّمَاءِ، وَهُوَ السَّمِيعُ العَلِيمُ، ثَلَاثَ مَرَّاتٍ؛ لَمْ تُصِبْهُ فَجْأَةُ بَلَاءٍ حَتَّى يُصْبِحَ، وَمَنْ قَالَهَا حِينَ يُصْبِحُ ثَلَاثُ مَرّ
- رسالة في الأذكار1«لَمْ تُصِبْهُ فَجْأَةُ بَلَاءٍ».