ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
"ক্বিয়ামত সেই সময়লৈকে সংঘটিত নহ'ব, যেতিয়ালৈকে কোনো ব্যক্তিয়ে আন এজন ব্যক্তিৰ কবৰৰ ওচৰেৰে যাওঁতে এই কথা কোৱাৰ পৰিৱেশ সৃষ্টি নহ'ব যে, হায়! ইয়াৰ স্থলত যদি মই হ'লোঁহেঁতেন।"
«لاَ تَقُومُ السَّاعَةُ حَتَّى يَمُرَّ الرَّجُلُ بِقَبْرِ الرَّجُلِ فَيَقُولُ: يَا لَيْتَنِي مَكَانَهُ».
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, ক্বিয়ামত তেতিয়ালৈকে নহ'ব যেতিয়ালৈকে এনেকুৱা পৰিৱেশ সৃষ্টি নহ'ব যে, কোনো ব্যক্তিয়ে যেতিয়া কোনো কবৰৰ কাষেৰে যাব তেতিয়া সি আশা ব্যক্ত কৰি ক'বঃ এই কবৰত যদি মই থাকিলোঁহেঁতেন। এনেকৈ কোৱাৰ কাৰণ হৈছে, তেওঁ আশংকা কৰিব যে, যিদৰে বাতিল আৰু বাতিলপন্থীসকলে মূৰ দাঙিছে তথা ফিতনা প্ৰকাশ পাইছে, লগতে গুনাহ আৰু অশ্লীলতাৰ প্ৰৱণতা বৃদ্ধি পাইছে, অজানিতে মই ইয়াত লিপ্ত হৈ নিজৰ দ্বীনৰ পৰা বঞ্চিত হওঁ নেকি।
হাদীছটোৰ দ্বাৰা ইংগিত কৰা হৈছে যে, শেষ জামানাত পাপকৰ্ম আৰু ফিতনাৰ প্ৰৱণতা বৃদ্ধি পাব।
সতৰ্ক থাকিবলৈ তথা ঈমান আৰু নেক আমলৰ জৰিয়তে মৃত্যুৰ বাবে প্ৰস্তুতি লবলৈ, ফিতনা তথা বিপদৰ ঠাইৰ পৰা আঁতৰি থাকিবলৈ হাদীছটোৰ দ্বাৰা উৎসাহিত কৰা হৈছে।
ছহীহ বুখাৰী (9/ 58) (7115).
ছহীহ মুছলিম (4/ 2231) (157).
অধিক (4)
إكمال المعلم (8/451).
شرح ابن بطال (10/58).
الإفصاح عن معاني الصحاح (6/295).
البحر المحيط الثجاج في شرح صحيح الإمام مسلم بن الحجاج (44/ 388).