Skip to content

মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে?

মুআজাৰ সূত্ৰত বৰ্ণিত, তেওঁ কৈছেঃ

মই আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক সুধিলোঁ, ইয়াৰ কাৰণটো কি যে, হায়েজ (মাহেকীয়া) অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা কৰিব লাগে আৰু নামাজ কাজা কৰিব নালাগে? তেওঁ ক'লেঃ তুমি হাৰুৰিয়্যা নেকি (অৰ্থাৎ খাৰিজি নেকি)? মই ক'লোঁ, নহয়, মই হাৰুৰিয়্যা নহয়। কিন্তু মই সুধিছোঁহে। তেওঁ ক'লেঃ শুনা! (নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত) আমাৰ যেতিয়া মাহেকীয়া হৈছিল, তেতিয়া আমাক কেৱল ৰোজা কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, নামাজ কাজা পালন কৰাৰ নিৰ্দেশ দিয়া হোৱা নাছিল।

سَأَلْتُ عَائِشَةَ، فَقُلْتُ: مَا بَالُ الْحَائِضِ تَقْضِي الصَّوْمَ، وَلَا تَقْضِي الصَّلَاةَ؟ فَقَالَتْ: أَحَرُورِيَّةٌ أَنْتِ؟ قُلْتُ: لَسْتُ بِحَرُورِيَّةٍ، وَلَكِنِّي أَسْأَلُ. قَالَتْ: كَانَ يُصِيبُنَا ذَلِكَ، فَنُؤْمَرُ بِقَضَاءِ الصَّوْمِ، وَلَا نُؤْمَرُ بِقَضَاءِ الصَّلَاةِ.

(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ছহীহ
ব্যাখ্যা

মুআজা আল-আদাৱিয়্যা নামক এজনী নাৰীয়ে উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাক প্ৰশ্ন কৰিলে যে, মাহেকীয়া অৱস্থাত থকা নাৰীসকলে ৰোজাৰ কাজা পালন কৰে কিন্তু নামাজৰ কাজা কিয় পালন নকৰে? তেতিয়া তেওঁ উত্তৰত ক'লেঃ তুমি খাৰিজি হাৰূৰিয়্যা নেকি, যিসকল হঠকাৰী স্বভাৱৰ হয় তথা কঠোৰতা অৱলম্বন কৰিবলৈ অত্যাধিক প্ৰশ্ন কৰে? মই ক'লোঁ, মইতো হাৰূৰিয়্যা নহয়। মই কেৱল এটা প্ৰশ্নহে কৰিছোঁ। তেতিয়া তেওঁ উত্তৰত ক'লেঃ আমি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ জামানাত যেতিয়া মাহেকীয়া অৱস্থাত থাকিছিলোঁ, তেতিয়া আমাক কেৱল ৰোজা কাজা কৰাৰ নিৰ্দেশ দিয়া হৈছিল, নামাজৰ কাজাৰ নিৰ্দেশ দিয়া হোৱা নাছিল।

হাদীছৰ পৰা সংগৃহীত পাঠসমূহ

আঁকোৰগোজালি কৰি কৰা প্ৰশ্ন তথা তৰ্ক কৰাৰ উদ্দেশ্যে কৰা প্ৰশ্নক নাকচ কৰা উচিত।

কুফা নগৰৰ ওচৰত অৱস্থিত হাৰুৰা নামক চহৰৰ সৈতে সম্পৰ্ক ৰাখি খাৱাৰিজসকলৰ এটা দলক হাৰূৰিয়্যা নামেৰে নামকৰণ কৰা হৈছে। কাৰণ সিহঁতে নিজৰ ওপৰত অত্যন্ত কঠোৰতা অৱলম্বন কৰিছিল, আৰু আঁকোৰগোজ হৈ বহুত প্ৰশ্ন কৰিছিল।

শিকিবলৈ অহা তথা দিশ-নিৰ্দেশনা ল'বলৈ অহা শিক্ষাৰ্থীক শিক্ষকে ব্যাখ্যা কৰি শিকোৱা উচিত।

দলিলৰ দ্বাৰা উত্তৰ দিয়াটোৱে হৈছে উত্তম। কাৰণ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই এই হাদীছটোত ভাৱাৰ্থ উল্লেখ কৰা নাই। কিয়নো প্ৰমাণাদিৰ দ্বাৰা উত্তৰ দিয়াটোৱে হৈছে প্ৰতিবাদীক বাকৰুদ্ধ কৰাৰ সঠিক উপায়।

আল্লাহ আৰু তেওঁৰ ৰাছুলৰ নিৰ্দেশনাৰ প্ৰতি আত্মসমৰ্পণ কৰাটো বাধ্যতামূলক, যদিও বান্দাই সেইটোৰ হিকমত সম্পৰ্কে অৱগত হওক বা নহওক।

ইমাম নাৱাৱীয়ে কৈছেঃ আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ এই কথাটো কোৱাৰ অৰ্থ হৈছে, খাৱাৰিজসকলে মাহেকীয়া অৱস্থাত থকা নাৰীসকলে এৰি দিয়া নামাজবোৰ কাজা কৰাৰ নিৰ্দেশ দিয়ে, যিটো মুছলিমসকলৰ ইজমা (ঐক্যমত)ৰ পৰিপন্থী। সেই কাৰণে তেওঁ প্ৰশ্ন কৰি বিষয়টোক অস্বীকাৰ কৰিছিল। তেওঁ এইটো বুজাব বিচাৰিছিল যে, এইটো হৈছে হাৰূৰিয়্যাসকলৰ নীতি, এইটো অত্যন্ত নিকৃষ্ট নীতি।

সম্পাদক

ছহীহ বুখাৰী (1/ 71) (321).

ছহীহ মুছলিম (1/ 265) (335).

অধিক (4)

الإلمام بشرح عمدة الأحكام.

لإسماعيل الأنصاري (1/ 68).

تيسير العلام شرح عمدة الأحكام.

لعبد الله البسام (ص81).